কোৰোণাৰ তৃতীয় লহৰ (Corona Third Wave) লাহে লাহে স্তিমিত হৈ অহাক লৈ দেশবাসীয়ে স্বস্তিৰ নিশ্বাস লৈছিল যদিও শেহতীয়াকৈ চীন দেশত পুনৰ কোৰোণা (Covid19 in China) বিস্ফোৰণৰ পিছত ভাৰত চৰকাৰ পুনৰ সস্তম হৈ পৰিছে। আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্য (Mansukh Mandaviya)ৰ নেতৃত্বত বিষয়াসকলৰ সৈতে এক জৰুৰী বৈঠকৰ আয়োজন কৰা হয়।
NNEWS18ক এক সূত্ৰই জনোৱা মতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যই কোৰোণা (Corona)ক লৈ সকলোকে অতি সস্তম হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে ব্যাপক হাৰত জেনোম ছিকুৱেন্সিং পৰীক্ষা আৰু নিৰীক্ষণ কাৰ্য তীব্ৰতৰ কৰি তোলাৰ বাবে নিৰ্দেশ দিছে। এই বৈঠকত স্বাস্থ্য মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াৰ লগতে, স্বাস্থ্য সচিব, ফাৰ্মা সচিব আৰু ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টাও উপস্থিত আছিল।
উল্লেখ্য যে বিগত কেইদনমানত চীন দেশত কোৰোণাৰ ব্যাপক সংক্ৰমণ ঘটিছে। দুখনকৈ প্ৰদেশত সম্পূৰ্ণ লকডাউন (Lockdown) দিয়া হৈছে দেশখনত। কেৱল মঙলবাৰে চীনত ৫৬০০ৰ অধিক লোক কোৰোণাত আক্ৰান্ত হৈছিল। এই সংখ্যা চীনত কোৰোণা আৰম্ভ হোৱাৰ দিনৰ পৰা আজিলৈ দেশখনত সৰ্বাধিক। অনে পৰিস্থিতিত কেৱল ভাৰতেই নহ. সমগ্ৰ বিশ্ব চীনৰ কোভিড (Covid19) সংক্ৰমণক লৈ শংকিত হৈ পৰিছে।
কেৱল চীনেই নহয় দক্ষিণ-পূৱ এছিয়াৰ হংকং, ছিংগাপুৰকে ধৰি জাপান আৰু দক্ষিণ কোৰিয়াতো কোৰোণাৰ সংক্ৰমণে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|