বিশ্বৰ ইতিহাসত এয়াই প্ৰথম! কোনো ৰেডিয়চন, কোনো কেমোথেৰাপি, কোনো অস্ত্ৰোপচাৰ নহয় - কেৱল ঔষধে কেন্সাৰ বা কৰ্কট (Cancer) ৰোগ নিৰাময় কৰিব পাৰে! শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে মলদ্বাৰৰ কৰ্কট ৰোগৰ চিকিৎসাত ডোষ্টাৰলিমব (dosterlimab) নামৰ এবিধ ঔষধে অভূতপূৰ্ব অৱদান আগবঢ়াইছে। চিকিৎসা বিজ্ঞানীসকলে কয় যে "ইতিহাসত প্ৰথমবাৰৰ বাবে" কেৱল ঔষধৰ দ্বাৰা কৰ্কট ৰোগ নিৰ্মূল কৰা হৈছে! পৰীক্ষামূলক চিকিৎসাৰ অংশ হিচাপে একেৰাহে ছমাহ ধৰি এই নিৰ্দিষ্ট ঔষধ সেৱন কৰাৰ পিছত সকলো ৰোগীৰে শৰীৰৰ পৰা টিউমাৰ নোহোৱা হৈ গৈছে।
পৰীক্ষামূলক ব্যৱহাৰত কৰ্কট ৰোগ নিৰাময় কৰিব পৰা ঔষধ dosterlimab কি?
ক্লিনিকেল ট্ৰায়েলত ১৬ জনীয়া এটা দল আছিল। আমেৰিকাৰ মানহাটানৰ মেম’ৰিয়েল স্ল’ন কেটাৰিং কেন্সাৰ চেণ্টাৰত তেওঁলোকৰ সকলোৰে মলদ্বাৰৰ কৰ্কট ৰোগৰ চিকিৎসা কৰা হৈছিল। সকলো ৰোগীৰে মলদ্বাৰৰ কৰ্কট ৰোগটো স্থানীয় আছিল। অৰ্থাৎ টিউমাৰবোৰ মলদ্বাৰ আৰু কিছুমান ক্ষেত্ৰত লিম্ফ ন’ডলৈ বিয়পি পৰিছিল যদিও শৰীৰৰ আন অংগলৈ বিয়পি যোৱা নাছিল।
এই ১৬ গৰাকী ৰোগীক ৬ মাহ ধৰি দিয়া হৈছিল ডোষ্টাৰলিমব নামৰ ঔষধ। নিৰ্ধাৰিত সময়সীমাৰ বাবে প্ৰতি তিনি সপ্তাহৰ মূৰে মূৰে তেওঁলোকক নিৰ্ধাৰিত মাত্ৰা দিয়া হৈছিল। পৰীক্ষাৰ শেষত সকলো ৰোগীৰে শাৰীৰিক পৰীক্ষা কৰা হৈছিল, যেনে এণ্ড’স্কপি, পজিট্ৰন ইমিছন ট’ম’গ্ৰাফী বা পেটৰ স্কেন বা এম আৰ আই স্কেন। আচৰিত কথাটো হ’ল, এজনো ৰোগীৰ দেহত কোনো টিউমাৰৰ অৱশেষ চিনাক্ত হোৱা নাছিল।
নিউয়ৰ্ক টাইমছৰ মতে, এই ঔষধৰ মূল্য প্ৰায় ১১,০০০ মার্কিন ডলাৰ অৰ্থাৎ প্ৰতিটো ড’জত ভাৰতীয় টকাত দাম ৮ লাখ ৫৫ হাজাৰ টকা। ডষ্টাৰলিমেবে কৰ্কট কোষক ‘আনমাস্ক’ কৰি কাম কৰে। ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাই এই কোষবোৰ চিনাক্ত কৰি ধ্বংস কৰাত সহায় কৰে।
এই ক্লিনিকেল ট্ৰায়েলৰ সৈতে জড়িত ৰোগীসকলে ইয়াৰ পূৰ্বে কেমোথেৰাপি, ৰেডিয়চন, অস্ত্ৰোপচাৰকে ধৰি কৰ্কট ৰোগৰ সকলোধৰণৰ চিকিৎসাৰ মাজেৰে পাৰ হৈছিল। পৰীক্ষাৰ পিছত অৱশ্যে কেমোথেৰাপি আৰু ৰেডিয়চনৰ প্ৰয়োজন নাছিল। পৰীক্ষা শেষ হোৱাৰ ২৫ মাহৰ পিছতো ৰোগীয়ে চিকিৎসাৰ পিছৰ কোনো ধৰণৰ জটিলতা দেখা নাপালে, নতুবা কৰ্কট ৰোগৰ পুনৰাবৃত্তিৰ কোনো লক্ষণ দেখা নাপালে। ফাৰ্মাচিউটিকেল কোম্পানী গ্লেক্সোস্মিথক্লাইনে পৃষ্ঠপোষকতা কৰিছিল এই গৱেষণাৰ।
ঔষধ জগতত Dostarlimab নতুন আৱিষ্কাৰ নহয়। ই এণ্ডোমেট্ৰিয়েল কেন্সাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা ইমিউন’থেৰাপি ঔষধ। মলদ্বাৰৰ কৰ্কট ৰোগৰ টিউমাৰৰ বিৰুদ্ধে এই ঔষধ ফলপ্ৰসূ হয় নে নহয় সেই সম্পৰ্কে এইটোৱেই আছিল প্ৰথম ক্লিনিকেল অনুসন্ধান।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|