আজিকালি অনিয়মিত লাইফষ্টাইলৰ বাবে এচিডিটী (Acidity)ৰ সমস্যা হোৱাটো সাধাৰণ কথাত পৰিণত হৈছে। দিনটোত কেতিয়বা নহয় কেতিয়াবা এচিডিটীৰ সমস্যাৰ সৈতে মুখামুখি হ'ব লগা হৈয়েই। কিছুমান লোকৰ সাধাৰণভাৱে এচিডিটী হয় যাৰ কাৰণবোৰৰ ভিতৰত বহু সময় খালী পেটে থকা, বেছি টেঙা বা মছলাযুক্ত আহাৰ খোৱা নাইবা অধিক খাদ্য খোৱা আদি হ'ব পাৰে। বহুতৰে আকৌ পুৱা খালী পেটত চাহ খালেও এচিডিটী হয়। কিছুমান লোকৰ ক্ষেত্ৰত এচিডিটীৰ জটিলতা কম থাকিব পাৰে, কিন্তু বহুতৰে ক্ষেত্ৰত এচডিটী সমস্যা এক দৈনিক সমস্যাত পৰিণত হয় আৰু লাহে লাহে ই সাধাৰণৰ পৰা জটিল ৰূপ ধাৰণ কৰিবলৈ ধৰে। মন কৰিবলগা কথাটো হ'ল এই সমস্যা দীঘলীয়াকৈ থকা মানে পেট বা পাচন তন্ত্ৰৰ জটিল ৰোগৰ কাৰণ হৈ পৰা।
একেৰাহে এচিডিটী হৈ থকা মানে গেষ্ট্ৰোইছোফেগল ৰিফ্লেক্স ডিজিজ (GERD)ৰ পৰ্যায়লৈ গুছি যাব পাৰে। GERD যদিও মাৰাত্মক ৰোগ নহয়, ইয়াৰ যদি সঠিক সময়ত নিৰাময় নহয় তেন্তে জটিল স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। জানি লওক ইয়াৰ লক্ষণ আৰু কাৰণসমূহ।
যিসকল লোকে সপ্তাহত দুদিন বা তাতকৈ অধিক দিন এচিডিটীত ভূগে তেনেলোক GERDত ভূগিব পাৰে। হেল্থলাইনৰ মতে ইয়াৰ সাধাৰণ লক্ষণবোৰ হৈছে-
- দুৰ্গন্ধময় শ্বাস-প্ৰশ্বাস
- বুকুৰ বিষ
- কাহ
- খাদ্য গিলাত অসুবিধা
- পেটৰ পোৰণি
- টেঙা উগাৰ অহা
- অস্থিৰতা
- বমি অহা
- গলত খিচনি খিচনি
এইবোৰ খাদ্য নাখাব
ৰিফাইণ্ড, অম্লযুক্ত, আৰু মছলাযুক্ত খাদ্যৰ পৰা এচিডিটী বেছি হয়। তদুপৰি পেপাৰমিণ্ট, টোমেটো ছচ, নহৰু, পিঁয়াজ, নেমু আৰু ডাৰ্ক চকলেটৰ পৰাও এচিডিটী হয়।
খোৱাৰ নিয়ম সলন কৰক
ৰাতি শোৱাৰ আগতে ২-৩ ঘণ্টাৰ পূৰ্বে খাবলৈ চেষ্টা কৰক। লগতে ভালকৈ চোবাই আৰু লাহে লাহে খোৱাৰ অভ্যাস কৰক।
খোৱাৰ নিয়ম সলনিৰ লগতে ওজন কম কৰক, সুৰা আৰু কেফেইনযুক্ত খাদ্য কমকৈ খাওক।
যদি নিশাৰভাগত এচিডিটী বা হাৰ্টবাৰ্ণ (Heart Burn) হয় তেতিয়া সাময়িকভাৱে উপশম পাবলৈ শোৱাৰ সময়ত আপোনাৰ মূৰৰফালে অলপ ওখ কৰি লওক যাতে পেটতকৈ উচ্চতাত মূৰটো থাকে।
আনহাতে এচিডিটী হ'লে উশাহ-নিশাহত দেখা দিয়া সমস্যাৰ পৰা বাচিবলৈ পৰাপক্ষত ঢিলা পোছাক পৰিধান কৰাৰ অভ্যাস কৰক।
Published by: Manjumoni Borah
FIRST PUBLISHED : March 05, 2022, 23:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|