মুখ্যপৃষ্ঠা »খবৰ »স্বাস্থ্য »Benefits Of Roasted Black Gram Jaggery: নিয়মিত এমুঠি গুড়-চানা খালে আচৰিতধৰণৰ লাভ পাব আপুনি, কেনেদৰে জানি লওক

Benefits Of Roasted Black Gram Jaggery: নিয়মিত এমুঠি গুড়-চানা খালে আচৰিতধৰণৰ লাভ পাব আপুনি, কেনেদৰে জানি লওক

Benefits Of Roasted Black Gram Jaggery: গুড় আৰু বূট যদিও আমাৰ প্ৰধান খাদ্য নহয়, তথাপি এই দুটাক যদি একেলগে খোৱা হয় তেন্তে ই ছুপাৰ ফুডৰ কাম কৰে।

Benefits Of Roasted Black Gram Jaggery: গুড় আৰু বূট যদিও আমাৰ প্ৰধান খাদ্য নহয়, তথাপি এই দুটাক যদি একেলগে খোৱা হয় তেন্তে ই ছুপাৰ ফুডৰ কাম কৰে।

Benefits Of Roasted Black Gram Jaggery: গুড় আৰু বূট যদিও আমাৰ প্ৰধান খাদ্য নহয়, তথাপি এই দুটাক যদি একেলগে খোৱা হয় তেন্তে ই ছুপাৰ ফুডৰ কাম কৰে।

  • Share this:
Benefits Of Roasted Black Gram Jaggery: যিমানেই আমাৰ জীৱন-ধাৰণ উন্নত হৈ গৈ আছে আমি সিমানেই বেছি ঔষধ নিৰ্ভৰ হৈ গৈ আছোঁ। সাধাৰণ পানীলগাৰ পৰা মূৰৰ বিষলৈকে সকলো ৰোগতে আমি ঔষধ সেৱন কৰাটো একপ্ৰকাৰৰ অভ্যাসত পৰিণত হৈছে কিন্তু আমাৰ পাকঘৰত থকা সাধাৰণ বূট আৰু গুড়ৰ পৰাই যে আমি এনেধৰণৰ বহু ৰোগৰ পৰা বাচি থাকিব পাৰোঁ সেয়া আমি নাজানোঁ বা জানিলেওঁ গুৰুত্ব নিদিওঁ।

গুড়-চানা খালে স্বাস্থ্যৰ বাবে অতি উপকাৰী। গুড়া আৰু বূটে আমাৰ দেহত স্ফূৰ্তি জগাব পাৰে আৰু দুয়োটাতে পোৱা প্ৰটিন ভিটামিন আদিয়ে আমাক নানা ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে। গুড়ত প্ৰচুৰ মাত্ৰাত আইৰণ, কেলছিয়াম, প্ৰটিন, ফছফৰাছ, কাৰ্বোহাইড্ৰেট আৰু অন্য পুষ্টিকৰ উপাদান পোৱা যায়। আনহাতে হূটত প্ৰচুৰ পৰিমাণে কাৰ্বোহাইড্ৰেট, আইৰণ, ভিটামিন বি আৰু অন্য পুষ্টি পোৱা যায় যিবোৰ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।

গুড়-চানাই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। লগতে ভূগি থকা পুৰণি বহু ৰোগ বাঢ়ি যাৱাত বাধা দিব পাৰে। ইয়াৰ বাবে প্ৰতিদিনে অকণমান বূটৰ সৈতে গুড় খোৱাটো উপকাৰী।গুড়-চানা খালে দেহত ৩০০ প্ৰকাৰৰ এনজাইম সক্ৰিয় হয় ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

গুড় আৰু বূট যদিও আমাৰ প্ৰধান খাদ্য নহয়, তথাপি এই দুটাক যদি একেলগে খোৱা হয় তেন্তে ই ছুপাৰ ফুডৰ কাম কৰে। ইয়াত ভিটাামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে পোৱা যায়। বূটক প্ৰটিনৰ পাৱাৰহাউছ বুলিও কোৱা হয়। গুড়ত এণ্টিঅক্সিডেণ্ট থাকে, জিংক আৰু চেলেনিয়াম থাকে। বূটত ভিটামিন বি-৬, ভিটামিন চি, ফলেট, নিয়াচিন, থিয়াচিন, ৰাইবোফ্লোৱিন, মেংগানিজ, ফছফৰাছ, আইৰণ আৰু কপাৰ থাকে।

ৰাতি খাব লাগে গুড়-চানা
স্বাসজনিত সমস্যাত ভূগি থকা লোকৰ বাবে গুড়-চানা ৰামবাণ প্ৰমাণিত হ'ব পাৰে। ইয়াৰ বাবে শুবলৈ যোৱাৰ আগতে অলপ ভজা বূট আৰু গুড় গাখীৰৰ সৈতে খালে লাভ পাব।

শেহতীয়া বাতৰি