• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • Turmeric Face Pack: ৰূপচৰ্চাৰ বাবে হালধি অতিকৈ উপকাৰী, কিন্তু ব্যৱহাৰ কৰোঁতে ভুল হ'লেই বিপদ

Turmeric Face Pack: ৰূপচৰ্চাৰ বাবে হালধি অতিকৈ উপকাৰী, কিন্তু ব্যৱহাৰ কৰোঁতে ভুল হ'লেই বিপদ

হালধি লেপনৰ সময়ত কিছুমান ভুলৰ ফলত ইয়াৰ হিতে বিপৰীত হ'ব পাৰে।

হালধি লেপনৰ সময়ত কিছুমান ভুলৰ ফলত ইয়াৰ হিতে বিপৰীত হ'ব পাৰে।

হালধি লেপনৰ সময়ত কিছুমান ভুলৰ ফলত ইয়াৰ হিতে বিপৰীত হ'ব পাৰে।

  • Share this:

ছাললৈ উজ্জ্বলতা ঘূৰাই আনিবলৈ হালধি আৰু চন্দন প্ৰয়োগ কৰাৰ প্ৰথা বহু যুগ ধৰি চলি আহিছে। আনকি অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰায়ো দৈ আৰু হালধিৰ মিশ্ৰণ ঘৰুৱাভাৱে তৈয়াৰ কৰি ব্যৱহাৰ কৰে। ছালৰ যিকোনো সমস্যাৰ বাবে মানুহে প্ৰথমে হালধি বিচাৰে। হালধি বহুক্ষেত্ৰতেই ভাল কাম কৰে। কিন্তু হালধি লেপনৰ সময়ত কিছুমান ভুলৰ ফলত ইয়াৰ হিতে বিপৰীত হ'ব পাৰে। তেতিয়া ছালৰ বিভিন্ন সমস্যা বৃদ্ধি হ'ব পাৰে, আনকি ছাল শোতৰা পৰাৰো আশংকা থাকে। এনে অৱস্থা নহ'বৰ বাবে কেনেদৰে হালধি ব্যৱহাৰ কৰিব জানি লওঁ আহক।


কিদৰে ব্যৱহাৰ কৰিব হালধিৰ ফেচ পেক


–ফেচ পেক তৈয়াৰ কৰিবলৈ হালধি আৰু দৈ বা হালধি আৰু চন্দন মিহলোৱাটোৱেই আটাইতকৈ বেছি দেখা যায়। কিন্তু বহু লোকে অপ্ৰয়োজনীয়ভাৱে বিভিন্ন উপাদান মিহলি কৰে। হালধি নিজেই ছালৰ বিভিন্ন সমস্যাৰ বাবে উপকাৰী। তেনে ক্ষেত্ৰত আন কোনো কাৰণ নোহোৱাকৈ ইয়াৰ সৈতে একাধিক উপাদান মিহলি কৰিব নালাগে।


–হালধি দীঘলীয়া সময়ৰ বাবে ৰাখিলে ছালত হালধীয়া দাগ থাকিব। গতিকে ২০ মিনিটৰ ভিতৰতে ইয়াক ধুই দিয়ক। ২০ মিনিটতকৈ অধিক সময় ৰখাটো ভাল নহয়।


–বহু লোকে মুখত ফেচ পেক প্ৰয়োগ কৰাৰ পিছত ভালদৰে ধোৱা আৰু পৰিষ্কাৰ নকৰে। ই আটাইতকৈ বেছি ক্ষতি কৰিব পাৰে। হালধি দীঘলীয়া সময়ৰ বাবে ছালত থাকিলে ই ছালত আন ক্ষতি কৰিব পাৰে।


–ফেচ পেকটো সমানভাৱে ছালত প্ৰয়োগ কৰা উচিত। ফেচ পেকবোৰ সমানভাৱে প্ৰয়োগ নকৰিলে সঠিকভাৱে কাম নকৰিব পাৰে।


–মুখত হালধিৰ ফেচ পেক লগোৱাৰ পিছত ইয়াক ২০ মিনিটৰ মূৰত পৰিষ্কাৰকৈ ধুই পেলাব লাগে যদিও কমেও ১২ ঘণ্টালৈ মুখখন চাবোনেৰে ধুব নালাগে। বহু লোকে এই ভুল কৰি থাকে। এনে কৰিলে সুফল পোৱাত সমস্যা হ'ব পাৰে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি