Benefits Of Black Foods: আমি সকলোৱে জানো যে সেউজীয়া শাক-পাচলি আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী । কিন্তু একে সময়তে আমি প্ৰায়েই উপেক্ষা কৰো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী কিছুমান খাদ্য । যেনে দেখাত ক'লা বস্তু বা খাদ্য অন্তৰ্ভুক্ত কৰাৰ পৰা বিৰত থাকো আমি । ভিন্ন গুৰুত্বপূৰ্ণ পুষ্টিৰে সমৃদ্ধ, স্বাস্থ্যৰ বাবে অতি উপকাৰী ভিন্ন ক'লা খাদ্য আছে যিবোৰ আমি প্ৰায়েই খাবলৈ অমান্তি হও । ডায়েবেটিচ, হৃদৰোগ আৰু কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰা তেনে ক'লা খাদ্য আৰু সেইবোৰৰ লাভালাভৰ বিষয়ে জানি লওক আপুনিও -
ক'লা চাউল (Black Rice) -
ক'লা চাউল স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত এন্থোচাইনিনৰ উচ্চতম স্তৰ আছে , যিয়ে শৰীৰক ভিন্ন লাভালাভ দিয়ে । জাৰ্নেল অফ ইণ্টাৰনেচনেল ইমিউনোফাৰ্মাকোলজীত প্ৰকাশিত এক অধ্যয়নত বৰ্ণনা কৰা হৈছে যে ক'লা চাউলত পোৱা মুখ্য এন্থোচাইনিন হৈছে চিজি ৩। প্ৰদাহ হ্ৰাস কৰাৰ ক্ষেত্ৰত ইয়াক আটাইতকৈ কাৰ্যকৰী আৰু শক্তিশালী এণ্টিঅক্সিডেণ্ট হিচাপে গণ্য কৰা হয়। দৰাচলতে, চাউলৰ বাকলি আৰু ব্ৰাণ আঁতৰ কৰিলে বহুতো গুৰুত্বপূৰ্ণ পুষ্টি ধ্বংস হয়। ইণ্ডিগো হাৰ্বছৰ প্ৰতিবেদন অনুসৰি যিহেতু ক'লা চাউলে এই বাহিৰৰ আৱৰণটো ধৰি ৰাখে। ইয়াত আঁহসহ আন বহু পুষ্টি থাকে। ই প্ৰকাৰ ২ ডায়বেটিচৰ আশংকা হ্ৰাস কৰিব পাৰে, ওজন নিয়ন্ত্ৰণ কৰিব পাৰে আৰু পাচন তন্ত্ৰ পৰিষ্কাৰ আৰু স্বাস্থ্যৱান ৰখাত সহায় কৰে ।
ক'লা নহৰু -
ক'লা নহৰুৰ বিষয়ে এটা আশ্চৰ্যজনক কথা হ'ল ইয়াত আমাৰ দৈনন্দিন নহৰুৰ তুলনাত দুগুণ এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন চি থাকে। এই ক্ষেত্ৰত, ই স্বাস্থ্যৰ বাবে অতি উপকাৰী। ক'লা নহৰুৱে বেয়া কলেষ্টেৰল হ্ৰাস কৰে, ভাইৰেল সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে বুলি জনা যায়।
ব্লেক বেৰী -
পুষ্টি আৰু স্বাস্থ্যৰ লাভালাভৰ ক্ষেত্ৰত ব্লেক বেৰীক উপেক্ষা কৰিব নোৱাৰি। নিয়মীয়া ঋতুস্ৰাৱ, প্ৰদাহ হ্ৰাস কৰা, ছাল উন্নত কৰা আৰু সম্ভৱতঃ কৰ্কট ৰোগৰ বিকাশ প্ৰতিহত কৰাৰ দৰে ইয়াৰ বহু স্বাস্থ্য লাভালাভ আছে ।
ক'লা চাহ -
গ্ৰাউণ্ড বেডৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ক'লা চাহত থকা পলিফেনলবোৰে কোষৰ ক্ষতি হ্ৰাস কৰাত আৰু মুক্ত ৰেডিকেল আঁতৰ কৰাত সহায় কৰে। বহুতো অধ্যয়নে দেখুৱাইছে যে ইয়াৰ গ্ৰহণে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু মেদবহুলতা আৰু ডায়েবেটিচৰ আশংকা হ্ৰাস কৰিব পাৰে।
ক'লা ডিমৰু গুটি (Black Fig)-
নেচাৰেলী চাভিৰ এক প্ৰতিবেদন অনুসৰি, ক'লা ডিমৰু গুটি হৈছে পটাছিয়ামৰ এক ভাল উৎস আৰু ই ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰিব পাৰে। ইয়াত পোৱা উচ্চ আঁহৰ পৰিমাণে উন্নত হজমত সহায় কৰে লগতে ওজন হ্ৰাস কৰাতো সহায়ক। কিছুমান গৱেষণাত ক'লা ডিমৰু গুটিক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতাও আছে বুলিও কোৱা হৈছে ।
Published by: Kokil Sarma
FIRST PUBLISHED : June 25, 2021, 13:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।