মুখ্যপৃষ্ঠা » খবৰ

» স্বাস্থ্য

»জাতিলাউ খাওঁতে সাৱধান! বলিউডৰ এইগৰাকী তাৰকাৰ পত্নীয়ে জাতিলাউ খাই কোনোমতেহে বাচিল, বিষাক্ত জাতিলাউ কেনেকৈ চিনি পাব?

জাতিলাউ খাওঁতে সাৱধান! বলিউডৰ এইগৰাকী তাৰকাৰ পত্নীয়ে জাতিলাউ খাই কোনোমতেহে বাচিল, বিষাক্ত জাতিলাউ কেনেকৈ চিনি পাব?

News18 Assam | News18-Assam
Updated:October 13, 2021, 10:06 PM IST
জাতিলাউ খাওঁতে সাৱধান! বলিউডৰ এইগৰাকী তাৰকাৰ পত্নীয়ে জাতিলাউ খাই কোনোমতেহে বাচিল, বিষাক্ত জাতিলাউ কেনেকৈ চিনি পাব?
বলিউড ষ্টাৰ আয়ুষ্মান খুৰানাৰ (Ayushman Khurana) পত্নী তাহিৰা কাশ্যপে অলপতে জাতিলাউৰ জুচ খাই (Tahira Kashyap) (Bottle Gourd) মৰাৰ পৰা কোনোমতে বাচিল। আইচিইউত ভৰ্তি কৰাব লগীয়া হ’ল তাহিৰা কাশ্যপক। দৰাচলতে তেওঁ বিষাক্ত জাতিলাউ খাই দিলে। কেনেকৈ চিনি পাব কোনটো জাতিলাউ বিষাক্ত।

বলিউড ষ্টাৰ আয়ুষ্মান খুৰানাৰ (Ayushman Khurana) পত্নী তাহিৰা কাশ্যপে অলপতে জাতিলাউৰ জুচ খাই (Tahira Kashyap) (Bottle Gourd) মৰাৰ পৰা কোনোমতে বাচিল। আইচিইউত ভৰ্তি কৰাব লগীয়া হ’ল তাহিৰা কাশ্যপক। দৰাচলতে তেওঁ বিষাক্ত জাতিলাউ খাই দিলে। কেনেকৈ চিনি পাব কোনটো জাতিলাউ বিষাক্ত।

  • Share this:
জাতিলাউৰ জুচ খাই অলপতে বলিউডৰ স্ক্ৰীপ্ট ৰাইটাৰ তথা অভিনেতা আয়ুষ্মান খুৰানাৰ পত্নী তাহিৰা কাশ্যপ কোনোমতেহে বাচিল। একেৰাহে বমি, প্ৰেচাৰ ল’ হৈ শৰীৰৰ অৱস্থা অতি সংকটজনক হৈ পৰাত আইচিইউত ভৰ্তি কৰাবলগীয়া হ’ল তাহিৰাক। আইচিইউত দুদিন ৰখাৰ পিছতহে তেওঁৰ অৱস্থা ভালৰ পিনে আহিল। দৰাচলতে তেওঁ যি জাতিলাউৰ ৰস খাইছিল সেয়া বিষাক্ত আছিল। হয়, জাতিলাউ বিষাক্তও থাকে।

তাহিৰা কাশ্যপ একমাত্ৰ নহয় বিষাক্ত জাতিলাউ খাই অৱস্থা বেয়া হোৱা আনকি মৃত্যু পৰ্যন্ত হোৱাৰ নজিৰ আছে। তাহিৰাৰ খবৰটো দেশৰ বহুকেইখন নিউজ পেপাৰত ওলাল। এই প্ৰতিবেদন সমূহত কেবাজনো চিকিৎসকৰ কথাও অন্তৰ্ভুক্ত কৰা হৈছে। টাইমছ অৱ ইণ্ডিয়াই এই সন্দৰ্ভত ফৰ্টিছ এস্কৰ্টছ হাৰ্ট ইনষ্টিটিউটৰ মুৰব্বী দলজিত কৌৰৰ সৈতে বাৰ্তালাপ কৰে।

তাহিৰাই এই গোটেই ঘটনাটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’ৰ জৰিয়তে। মানুহে যাতে জাতিলাউ সেৱনৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰে। দৰাচলতে সদায় জাতিলাউৰ ৰস খোৱা তাহিৰাই সেইদিনা তিতা তিতা লগাৰ পিছতো জুচখিনি খাই পেলাইছিল। তাহিৰাই সকলোকে সাৱধান কৰি কয় যদি তিতা সোৱাদ পাইছে সেই জাতিলাউ নাখাব।

ফৰ্টিছ হাস্পতালৰ চীফ ডায়েটিচিয়ান দলজীত কৌৰৰ মতে বহু সময়ত জাতিলাউ বিষাক্ত হয়। আমি বহুতেই নুবুজাকৈ খাই দিওঁ। বিষাক্ত জাতিলাউত যদি কুকৰবাইটছ যাক কুকৰবিটাচিনো কোৱা হয় সেয়া থাকে সেই জাতিলাউ খাদ্যৰ অনুপযোগী। ইয়াৰ গম পোৱা যায় সোৱাদ তিতা হ’লে।

এই জাতিলাউ খালে তীব্ৰ গতিৰে প্ৰতিক্ৰিয়া হয়, বমি, পাইখানা, তেজ বমিও আৰম্ভ হয়। ব্লাড প্ৰেচাৰ তললৈ পৰিবলৈ ধৰে। শৰীৰ নিস্তেজ হৈ পৰে আৰু শৰীৰত বিহ মিহলি হ’বলৈ ধৰে। ততালিকে ইয়াৰ চিকিৎসা আৰম্ভ নহ’লে লিভাৰ–কিডনী পৰ্যন্ত ফেইল হ’ব পাৰে। গতিকে জাতিলাউ খাওঁতে অলপ সাৱধান হওক।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ (ICMR) এক গৱেষণা মতে তিতা সোৱাদৰ জাতিলাউ বিহৰ সমান। কাৰোবাৰ জীৱন পৰ্যন্ত যাব পাৰে। এই সন্দৰ্ভত আন একাংশ বিশেষজ্ঞৰ মত জানক।

বাহিৰৰ পৰা দেখাত ভাল যেন লগা জাতিলাউ কি কাৰণে প্ৰাণনাশক হৈ পৰে?

– সচৰাচৰ বিৰল কিন্তু কেতিয়াবা কোনো কোনো জাতিলাউত বিষাক্ত কেমিকেল আহি পৰে। ইয়াক কুকৰবিটাচিন কয়। এইটো কেনেকৈ আহে সেয়া নিশ্চিতভাৱে জানিব পৰা নাযায় যদিও এই ধৰণৰ জাতিলাউ খোৱাৰ ৫ মিনিট পিছতে বিহে নিজৰ প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰে। এই কেমিকেলে লিভাৰ–কিডনী সহ  যি যি শৰীৰৰ অংগৰ সংস্পৰ্শলৈ আগে সেয়া বিকল কৰি পেলায়।



সকলো জাতিলাউ বিপজ্জনক নে কি?

– নহয়, এই বিষাক্ত কেমিকেল কেতিয়াবাহে কোনো জাতিলাউত বিয়পে। কিন্তু জাতিলাউৰ সোৱাদ চালেই গম পায় সেয়া খাব পৰা হয় নে নহয়।

জাতিলাউৰ বিষাক্ত পদাৰ্থ চিনি পাবলৈ কেঁচাকৈ কাটোতে অকনমান জিভাত দি চাব। যদি তিতা লাগিছে তেনেহ’লে নাখাব।

দৰৱ চটিওৱাৰ কাৰণে হয় নে এনেই হয় জাতিলাউ বিষাক্ত?
– কেতিয়াবা প্ৰতিৰোধ ক্ষমতা বিকাশ কৰে জাতিলাউয়ে নিজে। ফলস্বৰূপে জাতিলাউৰ এই কেমিকেল বিকশিত হয়। এয়া ফুলাৰ সময়তো হ’ব পাৰে। ষ্টৰেজত ৰখা তাপমাত্ৰাৰ সাল–সলনিৰ কাৰণেও হয়। কেতিয়াবা জাতিলাউয়ে পৰ্যাপ্ত পানী নাপালেও এনে হয়।

তিতা জাতিলাউ কেনেকৈ চিনি পাব?
– ৰিচাৰ্চ মতে কেৱল চেলেকি চাইহে ইয়াৰ চিনাক্ত কৰিব পৰা যায়। কিনাৰ সময়ত বা ঘৰলৈ অনাৰ পিছত জাতিলাউ কাটি অকনমান জিভাত দি চাওক। ৰান্ধিলেও কেতিয়াবা ইয়াৰ তিতা সোৱাদ থাকি যায়। যদি তিতা তিতা লাগিছে, পেলাই দিয়ক, একেবাৰে নাখাব।

বজাৰত পোৱা জাতিলাউৰ জুচ কেনেকৈ ধৰিব?

–সেয়াও একমাত্ৰ মুখত দিহে গম পাব। তিতা লাগিলে পেলাই দিয়ক। একমাত্ৰ উপায় সেয়াই।

ৰান্ধিলে তিতাভাৱ নোহোৱা হৈ যায় নে কি?

–নহয় ৰান্ধিলে ইয়াৰ তিতা ভাৱ থাকিবই। বিষাক্ত কেমিকেলো থাকি যায়।

যদি ভুলতে এনে জাতিলাউ খাইছে কি কৰিব?

–এনেকুৱা জাতিলাউ খালে কেইমিনিটমানতে আপোনাৰ ব্লাড প্ৰেচাৰৰ তাৰতম্য ঘটিব, অস্থিৰ অনুভৱ কৰিব, বমি হ’ব, বেয়া লাগিব গাটো। লগে লগে চিকিৎসকৰ কাষ চাপক। তেওঁক জনাওক যে আপুনি জাতিলাউ খাইছিল। যদি আপুনি বেছিকৈ খাইছে তেনেহ’লে প্ৰভাৱো সিমানেই হ’ব। বহু মৃত্যুৰ ঘটনাও আছে। কেতিয়াবা কোনো অংগ স্থায়ীভাৱে বিকল হৈ পৰে।
First published: October 13, 2021, 12:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি