গ্ৰীন টী সমগ্ৰ বিশ্বৰ মানুহে বহুলভাৱে গ্ৰহণ কৰে আৰু ইয়াক স্বাস্থ্যকৰ বুলিও গণ্য কৰা হয়। ই ব্যক্তিৰ ওজন হ্ৰাস কৰাৰ লগতে কেইবাটাও দিশৰ পৰা লাভদায়ক বাবে বহুতৰ মাজত জনপ্ৰিয়। কিন্তু আপুনি জানেনে অত্যধিক 'গ্ৰীন টী' (Green Tea) গ্ৰহণ শৰীৰৰ বাবে ক্ষতিকাৰকো হ'ব পাৰে। গৱেষণা অনুসৰি, হাই কেফেইনৰ পৰিমাণৰ ফলত পাকস্থলীত এচিডিটি বৃদ্ধি হ'ব পাৰে অত্যধিক গ্ৰীন টী গ্ৰহণৰ বাবে (excessive green tea can be harmful to the body)। গতিকে শৰীৰৰ বাবে উপকাৰী 'গ্ৰীন টী'ৰ ক্ষতিকাৰক দিশৰ বিষয়েও জনাটো দৰকাৰ।
গ্ৰীন টী গ্ৰহণৰ সময়ত এই দিশবোৰৰ প্ৰতি মনোযোগ দিয়ক
১. যিসকলে অধিক পৰিমাণে গ্ৰীন টী সেৱন কৰে তেওঁলোকে প্ৰায়ে মূৰৰ বিষৰ সমস্যাত ভোগা দেখা যায়। কিয়নো ইয়াত থকা কেফেইনৰ ফলত শৰীৰত পানীৰ অভাৱ হয়। মাইগ্ৰেইনত ভুগি থকা লোকসকলে গ্ৰীন টী খাব পাৰে। অৱশ্যে যদি আপুনি প্ৰতিদিনে মূৰৰ বিষত ভুগি আছে, তেন্তে গ্ৰীন টী খোৱা পৰিহাৰ কৰা উচিত।
২. খালী পেটত গ্ৰীন টী খাব নালাগে। যদি খালী পেটত গ্ৰীন টী সেৱন কৰে তেন্তে ইয়াৰ ফলত পেটৰ বিষ, বমি অহা বা কোষ্ঠকাঠিন্য হ'ব পাৰে। ইয়াৰ কাৰণ হৈছে গ্ৰীন টীত থকা টেনিন, যি পাকস্থলীত এচিড বৃদ্ধি কৰে।
৩. গ্ৰীন টীত এণ্টিঅক্সিডেণ্ট থাকে যি মানৱ শৰীৰত লো শোষণত বাধা দিয়ে। এক বিশ্লেষণে দেখুৱাইছে যে এয়া ৰক্তহীনতাত ভোগা লোকৰ বাবে বিশেষভাৱে বিপজ্জনক হ'ব পাৰে।
৪. গ্ৰীন টীৰ অত্যধিক সেৱনে লিভাৰৰ ক্ষতি কৰিব পাৰে। বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এইটো কেফেইনৰ গঠনৰ বাবে হয় যিয়ে যকৃতৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰে। এই পাৰ্শ্বক্ৰিয়া পৰিহাৰ কৰিবলৈ দৈনিক দুকাপতকৈ অধিক গ্ৰীন টী খোৱা পৰিহাৰ কৰিব।
৫. টেনিন, কেফেইন আৰু টি কেটেচিন সকলোবোৰ গৰ্ভধাৰণৰ সময়ত বৰ্ধিত বিপদাশংকাৰ সৈতে সম্পৰ্কিত। বিশেষজ্ঞসকলে কয় যে গৰ্ভধাৰণ আৰু স্তনপান কৰোৱাৰ সময়ত কম পৰিমাণৰ গ্ৰীন টী (প্ৰতিদিনে ২ কাপতকৈ অধিক নহয়) গ্ৰহণ কৰাটো সুৰক্ষিত।কেফেইন মাতৃদুগ্ধৰ জৰিয়তে কেঁচুৱাৰ ওচৰলৈ যায়। গতিকে চিকিৎসকৰ পৰামৰ্শ লৈ গ্ৰীন টী খোৱাটো ভাল। প্ৰতিদিনে ২ কাপতকৈ অধিক গ্ৰীন টী খালে শিশুৰ গৰ্ভপাত আৰু জন্মগত বিকাৰ হ'ব পাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|