আঁঠুৰ তীব্ৰ বিষ আৰু শৰীৰত ইউৰিক এচিড বাঢ়ি গ’লে ভৰি ফুলিবও পাৰে।
ইউৰিক এচিড নিয়ন্ত্ৰণ কৰোতে খোৱা–বোৱাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব লাগে। যোগগুৰু বাবা ৰামদেৱে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিবলৈ কিছু বিশেষ টিপছ দিছে। ৰামদেৱে কয় ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমে টেঙা খোৱা বন্ধ কৰিব লাগিব। নেমু আৰু বিলাহী ভুলতো খাব নালাগে। তিঁয়হ, লাউ আৰু আচাৰ খাব নালাগে। লাউৰ বাহিৰে যিকোনো পাচলি খাব পাৰে।
ৰামদেৱৰ মতে ফল খাব পাৰে কিন্তু ইউৰিক এচিড বাঢ়ি থকা অৱস্থাত টেঙা ফল একেবাৰে খাব নালাগে। আনাৰস আৰু মৌচুমী খাবই নালাগে। এইসমূহ বন্ধ কৰিলে যিবোৰ ৰোগীৰ ইউৰিক এচিড বাঢ়ি আছে তেওঁলোক তাৎক্ষণিকভাৱে সুফল পাব। পনীৰ, দাইল খাব নালাগে। দৰকাৰ পৰিলে দাইলৰ পানী খাওক কিন্তু দাইল নহয়।
দাইল শৰীৰে হজম কৰিব নোৱাৰিলে বিৰুপ প্ৰভাৱ পৰিব পাৰে। সেইকাৰণে বহুসময়ত খোজ কাঢ়িবলৈ দিগদাৰী হয়। আঁঠুৰ তীব্ৰ বিষ আৰু শৰীৰত ইউৰিক এচিড বাঢ়ি গ’লে ভৰি ফুলিবও পাৰে। সেইকাৰণে সৰ্বপ্ৰথম কিছু কথা নিজৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ বাহিৰে বিশেষজ্ঞৰ মতে পানীও সৰহকৈ খাব লাগে। ইয়াৰ বাহিৰে নহৰু খাব পাৰে।
(News18-এ নিজাকৈ এই তথ্যসমূহ নিশ্চিত নকৰে। যিকোনো খাদ্যৰ গ্ৰহণ বা বৰ্জন কৰাৰ আগতে প্ৰথমে নিজৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।)
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|