• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • Walking For Health : বয়স অনুসৰি কিমান খোজ কাঢ়িব লাগে, ছুইডেনৰ গৱেষকৰ মতে খৰ গতিৰ খোজ এনে বহু ৰোগৰ মহৌষধ

Walking For Health : বয়স অনুসৰি কিমান খোজ কাঢ়িব লাগে, ছুইডেনৰ গৱেষকৰ মতে খৰ গতিৰ খোজ এনে বহু ৰোগৰ মহৌষধ

৫০ বছৰৰ ওপৰৰ পুৰুষে শক্তিৰ ক্ষেত্ৰত অধিক শিথিলতা অনুভৱ কৰে। এনে অৱস্থাত দৈনিক ১১ হাজাৰটা খোজ কাঢ়ে, তেন্তে একপ্ৰকাৰে ই তেওঁৰ বাবে সম্পূৰ্ণ টনিকৰ দৰে।

৫০ বছৰৰ ওপৰৰ পুৰুষে শক্তিৰ ক্ষেত্ৰত অধিক শিথিলতা অনুভৱ কৰে। এনে অৱস্থাত দৈনিক ১১ হাজাৰটা খোজ কাঢ়ে, তেন্তে একপ্ৰকাৰে ই তেওঁৰ বাবে সম্পূৰ্ণ টনিকৰ দৰে।

৫০ বছৰৰ ওপৰৰ পুৰুষে শক্তিৰ ক্ষেত্ৰত অধিক শিথিলতা অনুভৱ কৰে। এনে অৱস্থাত দৈনিক ১১ হাজাৰটা খোজ কাঢ়ে, তেন্তে একপ্ৰকাৰে ই তেওঁৰ বাবে সম্পূৰ্ণ টনিকৰ দৰে।

  • Share this:
এটা কথা সকলোৰে অৱগত যে আজিকালি প্ৰায়ভাগ মানুহে খোজ কাঢ়িবলৈ পাহৰি যোৱাৰ দৰে হৈছে। বাহনৰ জৰিয়তে চাল–চলনত গুৰুত্ব আৰোপ কৰাৰ ফলত শাৰীৰিক পৰিশ্ৰমৰ পৰা বহু দূৰত অৱস্থান কৰিছে বহুতে। কিন্তু খোজ কঢ়াটো এনেকুৱা এটা ঔষধ, যিয়ে বহু ৰোগৰ পৰা আমাক মুক্ত কৰে।

ছুইডেনৰ কালমাৰ বিশ্ববিদ্যালয়ৰ ১৪জন গৱেষকৰ এক অধ্যয়নত প্ৰমাণিত হৈছে যে খোজ কঢ়াৰ ফলত আমি বহু ৰোগৰ পৰা হাত সাৰিব পাৰোঁ। গৱেষণাটোত লগতে কোন বয়সৰ এজন ব্যক্তিয়ে দৈনিক কিমান খোজ কাঢ়িব লাগে সেয়াও উল্লেখ কৰা হৈছে।

যদি বয়স অনুসৰি দৈনিক এই পদক্ষেপ গ্ৰহণ কৰা হয়, তেন্তে কেৱল ওজন নিয়ন্ত্ৰণ কৰাই নহয় বহু ৰোগ নিয়ন্ত্ৰণলৈ আনিব পৰা যায়।

কিমান খোজ কাঢ়িব লাগে
এই গৱেষণা মতে, ০৬ বছৰৰ পৰা ১৭ বছৰ বয়সৰ ল'ৰাই এদিনত ১৫০০০ আৰু ছোৱালীয়ে ১২০০০ খোজ দিয়া উচিত।

বয়স বাঢ়িলে কিয় খোজ কঢ়াটো বেছি গুৰুত্বপূৰ্ণ
বয়স বঢ়াৰ পিছত শৰীৰৰ মেটাবলিজম সলনি হয়। শক্তি অলপ কমিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাৰ পৰাই আমি ক্লান্তি আৰু জীৱনশৈলীৰ ৰোগত আক্ৰান্ত হৈছো। এনে অৱস্থাতো খোজ কাঢ়িলে সুফল পোৱা যায়। ১৮-৪০ বছৰ বয়সৰ পুৰুষসকলে ১২ হাজাৰ খোজ খোজ কাঢ়িব লাগে। ইচ্ছা কৰিলে ৰাতিপুৱা বা গধূলি পাৰ্কত খোজ কাঢ়িব বা খোজকাঢ়ি ঘূৰি ফুৰাৰ অভ্যাস গঢ়ি তোলক।

মহিলাসকলৰ বাবে অধিক গুৰুত্বপূৰ্ণ
৪০-৪৫ বছৰীয়া মহিলাসকলেও সাধাৰণতে অভিযোগ কৰিবলৈ আৰম্ভ কৰে যে তেওঁলোকৰ ওজন দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে শৰীৰত বহুতো পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে। লগতে সুস্থ হৈ থাকিবলৈ আৰু ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ দৈনিক ১১ হাজাৰ খোজৰ অনুশীলন কৰিব লাগিব। মনত ৰাখিব যে খোজ কঢ়াৰ অৰ্থ হ’ল লেহেমীয়াকৈ খোজ কঢ়া নহয়, বৰঞ্চ জোৰেৰে আৰু দ্ৰুতগতিত খোজ কঢ়া।

৫০ বছৰৰ ওপৰৰ পুৰুষে শক্তিৰ ক্ষেত্ৰত অধিক শিথিলতা অনুভৱ কৰে। এনে অৱস্থাত দৈনিক ১১ হাজাৰটা  খোজ কাঢ়ে, তেন্তে এক প্ৰকাৰে ই তেওঁৰ বাবে সম্পূৰ্ণ টনিকৰ দৰে। ৫০-৬০ বছৰ বয়সৰ মহিলাসকলে দিনটোত ১০ হাজাৰ খোজ কাঢ়িলে ভাল। ৬০ বছৰৰ ওপৰৰ লোকে যে খোজ কঢ়া বন্ধ কৰিব লাগে এনে নহয়। বৰঞ্চ বাস্তৱতা হ’ল এই যুগত দৈনিক খোজ কঢ়াই আপোনাক অধিক সতেজতা আৰু শক্তি দিয়ে। জীয়াই থকাৰ বিষয়েও দিয়ে এটা ইতিবাচক অনুভৱ। যদি আপুনি ৬০ৰ ওপৰত পাইছে, তেন্তে নিশ্চিতভাৱে ৮,০০০ খোজ কাঢ়িব।

অন্ততঃ কিমান সময় খোজ কাঢ়িব লাগে
দৈনিক ৩০-৪০ মিনিট খোজ কাঢ়িব লাগে। চিকিৎসকেও এতিয়া এই নিৰ্দেশনা দিয়ে যে প্ৰতিদিনে ইমান সময় খোজ কাঢ়িলে বহু ৰোগৰ পৰা ৰক্ষা পৰে।

মগজুৱে পৰিৱৰ্তন অনুভৱ কৰিব
খোজ কঢ়াৰ প্ৰভাৱ আপোনাৰ মনত দেখিবলৈ পাব। অধ্যয়ন অনুসৰি খোজ কঢ়াৰ ফলত এণ্ড’ৰ্ফিন (মগজু আৰু স্নায়ুতন্ত্ৰত উপস্থিত হৰম’ন) বৃদ্ধি পায় আৰু মানসিক চাপৰ মাত্ৰা হ্ৰাস পায়। ইয়াৰ ফলত মগজুৰ স্বাস্থ্য উন্নত হয়। মানুহৰ এলঝেইমাৰ আৰু ডিমেনচিয়া ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম।

হৃদয় শক্তিশালী
আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ মতে, দৌৰাৰ দৰে খোজ কঢ়াটোও হৃদযন্ত্ৰৰ বাবে ভাল। ই হৃদযন্ত্ৰত ৰক্ত সঞ্চালন বৃদ্ধি কৰে, কলেষ্টেৰল কমায় আৰু ৰক্তচাপ সুস্থিৰ কৰি ৰাখে।

অগ্নাশয়ৰ বাবে উপকাৰিতা
গৱেষণাৰ পৰা জানিব পৰা গৈছে যে খোজকাঢ়ি যোৱা লোকসকলৰ শৰীৰত গ্লুক’জৰ পৰিমাণ দৌৰাসকলতকৈ ৬ গুণ বেছি। ইয়াৰ ফলত ডায়েবেটিছ হোৱাৰ সম্ভাৱনাও কমি যায়। যদিও আপুনি ডায়েবেটিছৰ বলি হৈছে, তেতিয়া ই আপোনাৰ ৰোগ বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰে।

শৰীৰ ফিট ৰাখে
দৈনিক খোজ কঢ়াৰ ফলত শৰীৰৰ অতিৰিক্ত চৰ্বি কমি যায়। খোজ কঢ়াই শৰীৰৰ মাংসপেশী ফিট কৰি ৰাখে। পেশীবোৰ টান হৈ থাকে।

গাঁঠি আৰু হাড় শক্তিশালী কৰে
৩০-৪০ মিনিট খোজ কাঢ়িলেও হাড় আৰু গাঁঠিবোৰ মজবুত হয়। গাঁঠিবোৰ শক্তিশালী, আঘাতৰ সম্ভাৱনা কম। আৰ্থাইটিছ ফাউণ্ডেশ্যনৰ মতে খোজ কঢ়াটো অতি উপকাৰী।

কঁকালৰ বিষৰ পৰা উপশম পোৱা যায়
বয়স বৃদ্ধিৰ লগে লগে অধিক ব্যায়াম কেতিয়াবা কঁকালৰ বাবে ক্ষতিকাৰক হৈ পৰে। কিন্তু কঁকালৰ বিষ আৰু শিথিলতাত খোজ কঢ়াটো অতি উপকাৰী বুলি প্ৰমাণিত হয়। ইয়াৰ ফলত শৰীৰত শক্তি আৰু ষ্টেমিনা পোৱাই নহয়, নমনীয়তাও বৃদ্ধি পায়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি