মানুহৰ অনিয়মীয়া খাদ্যভাসে অস্বাস্থ্যকৰ জীৱনৰ মূল কাৰণ। আপুনি ৰাতিপুৱাৰ আহাৰ, দুপৰীয়াৰ আহাৰ অথবা ৰাতিৰ আহাৰ যদি সঠিক সময়ত গ্ৰহণ নকৰে তেন্তে ইয়াৰ প্ৰভাৱ আপোনাৰ স্বাস্থ্যত পৰে। অনিয়মীয়া খাদ্যভাষে আপোনাক অস্বাস্থ্যকৰ কৰি তুলিব পাৰে। আয়ুৰ্বেদৰ মতে আপুনি খাদ্য গ্ৰহণ কৰাৰ কিছূ নিৰ্ধাৰিত সময় আছে। এই প্ৰতিবেদনত সুস্থ-সবল জীৱনৰ বাবে আয়ুৰ্বেদ অনুসৰি দিয়া খাদ্যৰ সময়সূচীৰ বিষয়ে জানো আহক।
পুৱাৰ আহাৰৰ সময়:
পুৱাৰ আহাৰ গ্ৰহণ সঠিক সময় হৈছে ৭বজাৰ পৰা ৮বজাৰ ভিতৰত। লগতে পুৱা শোৱাৰ পৰা উঠাৰ লগে লগে আপুনি সদায় এগিলাচ কুহুমীয়া পানী খোৱাৰ অভ্যাস কৰক। এই অভ্যাসে আপোনাক বহু ৰোগৰ পৰা পৰিত্ৰাণ দিয়াৰ লগতে আপোনাৰ চালৰ উজ্বলতাও বৃদ্ধি কৰিব।
দুপৰীয়াৰ আহাৰৰ সময়:
দুপৰীয়াৰ আহাৰৰ বাবে আয়ুৰ্বেদ অনুসৰি সঠিক সময় হৈছে ১২বজাৰ পৰা ২বজাৰ ভিতৰত। ৰাতিপুৱাৰ আহাৰ আৰু দুপৰীয়াৰ আহাৰৰ মাজত অন্তত ৪ঘণ্টা ব্যৱধান থকা উচিত।
নিশাৰ আহাৰৰ সময়:
আয়ুৰ্বেদে নিশাৰ আহাৰ ৭বজাৰ পৰা ৯বজাৰ ভিতৰত গ্ৰহণ কৰাৰ পৰামৰ্শ দিছে। নিশা সদায় লঘু আহাৰ গ্ৰহণ কৰাৰ পৰামৰ্শ দিছে কাৰণ নিশা আমি শুই যোৱাৰ ফলত আহাৰ সহজে হজম নহয়। আয়ুৰ্বেদে লগতে শোৱাৰ ৩ঘণ্টা আগত খাদ্য গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ দিছে।
ইয়াৰ উপৰিও আয়ুৰ্বেদে শাক-পাচলি ৰান্ধোতে বেছি সময় খৰচ কৰিবলৈ মানা কৰিছে। আয়ুৰ্বেদৰ মতে চেনীৰ সলনি গুৰ খোৱা স্বাস্থ্যকৰ। আয়ুৰ্বেদে সতেজ আৰু গৰম খাদ্য খোৱাৰ পৰামৰ্শ দিছে l
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|