কোৰোনাৰ আতংক দুবছৰৰো অধিক সময় ধৰি বিশ্বজুৰি চলি আছে। কোৰোনা ভাইৰাছৰ কবলত পৰা লোকসকলে বিভিন্নধৰণৰ গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল আৰু বৰ্তমানো কম পৰিমাণে হৈ আছে। কোৰোনাৰ ডেল্টা প্ৰকাৰৰ সংক্ৰমণৰ সময়ত মানুহৰ মৃত্যুৰ হাৰ যথেষ্ট বেছি হোৱা দেখা গৈছিল, অৱশ্যে অ'মিক্ৰনৰ দ্বাৰা হোৱা সংক্ৰমণৰ লক্ষণবোৰ মৃদু আৰু মৃত্যুৰ সংখ্যাও কম বুলি জনা গৈছে। এনে এক সময়তে এক অধ্যয়নত বিজ্ঞানীসকলে কোৰোনা সংক্ৰমণৰ ফলত হোৱা গুৰুতৰ ৰোগ আৰু মৃত্যুৰ আশংকা বৃদ্ধিৰ কাৰণ এটা জানিব পৰা গৈছে বুলি দাবী কৰা হৈছে।
প্ল'ছ ৱান আলোচনীত (PLOS ONE Journal) প্ৰকাশিত অধ্যয়নটোত বিজ্ঞানীসকলে প্ৰতিবেদন দিয়ে যে কোৰোনা সংক্ৰমিত লোকসকলৰ ভিটামিন ডিৰ পৰিমাণ কম হোৱা দেখা গৈছিল (Patients with vitamin D deficiency)। আৰু এনে লোকৰ কোভিড-১৯ৰ সংক্ৰমণৰ পিছত গুৰুতৰ ৰোগত ভোগাৰ আশংকাৰ লগতে মৃত্যুৰ আশংকাও থাকে। ইজৰাইলস্থিত বাৰ-ইলান বিশ্ববিদ্যালয়ৰ ( Bar-Ilan University) গৱেষকসকলে ভিটামিন ডি-ৰ অভাৱ আৰু কোভিড-১৯-ৰ তীব্ৰতাক লৈ অধ্যয়ন কৰিছিল।
ভিটামিন ডিৰ অভাৱৰ ফলত কোৰোনাৰ বিপদাশংকা বৃদ্ধি হ'ব পাৰে
কোৰোনা মহামাৰীৰ আৰম্ভণিৰ পৰা লোকসকলক সুৰক্ষামূলকভাৱে ভিটামিন-চি আৰু ডি গ্ৰহণ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। গৱেষকসকলে এপ্ৰিল ২০২০ৰ পৰা ফেব্ৰুৱাৰী ২০২১ৰ ভিতৰত চিকিৎসালয়ত ভৰ্তি হোৱা ১,১৭৬জন কোৰোনা ৰোগীৰ ওপৰত এটা অধ্যয়ন চলাইছিল। বিজ্ঞানীসকলে জানিব পাৰে যে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত ভিটামিন-ডিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যি ৰোগীৰ সংক্ৰমণৰ তীব্ৰতা আৰু ইয়াৰ ফলত হোৱা মৃত্যুৰ আশংকা হ্ৰাস কৰিব পাৰে ।
শৰীৰত কিমান ভিটামিন ডি পৰ্যাপ্ত?
বিজ্ঞানীৰ দলটোৱে অধ্যয়নটোৰ সময়ত বিচাৰি পাইছিল যে ২০ নেনোগ্ৰাম/এমএলতকৈ কম ভিটামিন-ডি থকা লোকসকলৰ ক'ভিড-১৯ৰ (Covid-19) গুৰুতৰ ঘটনা আৰু মৃত্যুৰ আশংকা ১৪গুণ অধিক হোৱা দেখা গৈছিল। গৱেষকসকলে লগতে যিসকল ৰোগীৰ ভিটামিন ডিৰ পৰিমাণ ৪০ নেনোগ্ৰাম/এমএলৰ আশেপাশে আছে, তেওঁলোকৰ আশংকা কম হোৱা দেখা গৈছিল।
গৱেষকসকলে কি কয়?
অধ্যয়নৰ ফলাফলৰ পিছত বিশেষজ্ঞসকলে ভিটামিন-ডিৰ স্বাভাৱিক স্তৰ বজাই ৰাখিলে কোৰোনাৰ পৰা হ'ব পৰা বিপদৰ আশংকা হ্ৰাস কৰিব পাৰে। বাৰ-ইলান বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু অধ্যয়নটোৰ মুৰব্বী এমিল ড্ৰৰে কয় যে যিসকল কোৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে, তেওঁলোকৰ বাবেও এই কথা গুৰুত্বপূৰ্ণ। গতিকে কোৰোনাৰ গুৰুতৰ বিপদৰ পৰা সুৰক্ষিত কৰিবলৈ ভিটামিন-ডিৰ প্ৰতি মনোযোগ দিব লাগে।
Published by: Gautam Barman
FIRST PUBLISHED : February 06, 2022, 19:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।