• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • বিপদ! ৰাছিয়াত বাদুলীত কোভিড সদৃশ এক নতুন ভাইৰাছ পোৱা গৈছে যিয়ে মানুহকো সংক্ৰমিত কৰিব পাৰে

বিপদ! ৰাছিয়াত বাদুলীত কোভিড সদৃশ এক নতুন ভাইৰাছ পোৱা গৈছে যিয়ে মানুহকো সংক্ৰমিত কৰিব পাৰে

দেশখনত বাদুলীৰ শৰীৰত পোৱা S-COV-2ৰ দৰে এটা নতুন ভাইৰাছে মানুহক সংক্ৰমিত কৰিবলৈ সক্ষম আৰু ইয়াৰ ওপৰত ক'ৰোনা বিৰোধী ভেকছিনৰ কোনো প্ৰভাৱ নপৰে।

দেশখনত বাদুলীৰ শৰীৰত পোৱা S-COV-2ৰ দৰে এটা নতুন ভাইৰাছে মানুহক সংক্ৰমিত কৰিবলৈ সক্ষম আৰু ইয়াৰ ওপৰত ক'ৰোনা বিৰোধী ভেকছিনৰ কোনো প্ৰভাৱ নপৰে।

দেশখনত বাদুলীৰ শৰীৰত পোৱা S-COV-2ৰ দৰে এটা নতুন ভাইৰাছে মানুহক সংক্ৰমিত কৰিবলৈ সক্ষম আৰু ইয়াৰ ওপৰত ক'ৰোনা বিৰোধী ভেকছিনৰ কোনো প্ৰভাৱ নপৰে।

  • Share this:
ৰাছিয়াৰ পৰা অহা এক চাঞ্চল্যকৰ খবৰে সকলোকে চিন্তাত পেলাইছে। জানিব পৰা মতে, দেশখনত বাদুলীৰ শৰীৰত পোৱা S-COV-2ৰ দৰে এটা নতুন ভাইৰাছে মানুহক সংক্ৰমিত কৰিবলৈ সক্ষম আৰু ইয়াৰ ওপৰত ক'ৰোনা বিৰোধী ভেকছিনৰ কোনো প্ৰভাৱ নপৰে। ৱাশ্বিংটন ষ্টেট ইউনিভাৰ্চিটিৰ (WSU)ৰ গৱেষকৰ এটা দলৰ অধ্যয়নত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। দলটোৱে অনুসন্ধানত পাইছে যে বাদুলীৰ শৰীৰত পোৱা ভাইৰাছ KHOSTA-2ত স্পাইক প্ৰ'টিন আছে যি মানৱ কোষক সংক্ৰমিত কৰিব পাৰে আৰু ই SARS-COV-2ৰ টীকাকৰণ কৰা লোকসকলৰ পৰা তেজৰ চিৰাম গ্ৰহণ আৰু এণ্টিবডী থেৰাপী এই দুয়োটাৰ প্ৰতিৰোধী।

উল্লেখ্য যে, যিকোনো ভাইৰাছে মানুহৰ কোষত প্ৰৱেশ কৰিবলৈ আৰু সেইবোৰ সংক্ৰমিত কৰিবলৈ স্পাইক প্ৰ'টিন ব্যৱহাৰ কৰে। KHOSTA-2 আৰু SARS-COV-2 দুয়োটাই একে উপ-শ্ৰেণীৰ ভাইৰাছ যি চাৰ্বেকোভাইৰাছত পৰে।

"আমাৰ গৱেষণাই এইটোও দেখুৱাইছে যে এছিয়াৰ বাহিৰৰ বন্যপ্ৰাণীত পোৱা চাৰ্বেকোভাইৰাছেও বিশ্বস্বাস্থ্য আৰু SARS-COV-2ৰ বিৰুদ্ধে চলি থকা টীকাকৰণ অভিযানৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব।"- অধ্যয়নৰ লেখক মাইকেল লেটকোৱে এইদৰে কয়। "পশ্চিম ৰাছিয়াৰ দৰে ঠাইতো একে ধৰণৰ পৰিস্থিতি দেখা গৈছে য'ত KHOSTA-2 পোৱা গৈছে।" তেওঁ লগতে কয়।

KHOSTA-2 ভাইৰাছ সংক্ৰমণৰ লক্ষণবোৰ কি?

এতিয়ালৈকে, সংক্ৰমণৰ তীব্ৰতা আৰু KHOSTA-2 ভাইৰাছে মানুহক সংক্ৰমিত কৰিলে দেখুওৱা লক্ষণবোৰৰ বিষয়ে কোনো তথ্য উপলব্ধ নহয়।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি