মহিলাসকলে তেওঁলোকৰ ঋতুস্ৰাৱৰ (Menstrual Cycle ) সময়ত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। প্ৰতিগৰাকী মহিলাৰ ঋতুস্ৰাৱ বেলেগ হয়, কাৰোবাৰ বিষহীন হয়, আনহাতে কোনোবাই এই সময়ত পেটত প্ৰচণ্ড বিষ, পেট ফুলা, বমি, কঁকালৰ বিষ আদি হোৱাৰ অভিযোগ কৰে। এই সময়ত মহিলা গৰাকীয়ে কেৱল শাৰীৰিকভাৱে কষ্ট নেপায়, লগতে সাংঘাটিক মানসিক যন্ত্ৰণাও পায়। বিশেষজ্ঞসকলে কয় যে, ঔষধৰ ওপৰত নিৰ্ভৰ কৰিলে কিছু সময়ৰ বাবে এই সমূহ সমস্যাৰ পৰা সকাহ পোৱা যায় যদিও মূল সমস্যাটো নিৰ্মূল কৰিবলৈ হ'লে উপযুক্ত চিকিৎসাৰ লগতে আপোনাৰ আভ্যন্তৰীণ স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিব লাগিব।
ভাৰতীয় Express.com তথ্য অনুসৰি আয়ুৰ্বেদিক চিকিৎসক ডাঃ অলকা বিজয়নে শেহতীয়াকৈ ইনষ্টাগ্ৰামত কিছুমান খুব দৰকাৰী পৰামৰ্শ শ্বেয়াৰ কৰিছে। ঋতুস্ৰাৱৰ সময়ত ক্ৰেম্প আৰু বিষৰ পৰা নিৰাময় পাবলৈ আপোনাৰ দৈনন্দিন ৰুটিনৰ কিছু সাল-সলনি কৰি এই পৰামৰ্শ সমূহ মানি চলিব পাৰে পাৰে।
ডাঃ অলকাই কয়, "এই উপায়সমূহ অৱলম্বন কৰিলে তৎক্ষণাৎ আৰোগ্য হ'ব নোৱাৰে, কিন্তু ই নিশ্চিতভাৱে আপোনাৰ সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিব।"
তেওঁ লগতে কৈছে, 'আমাৰ আইতা, মাহঁতে ৰন্ধনত ব্যৱহাৰ কৰা সৰু সৰু বস্তুবোৰ, যিবোৰে নিজৰ লগতে তেওঁৰ কন্যাৰ জৰায়ুৰ স্বাস্থ্য বজাই ৰাখিব পাৰিছিল। দুৰ্ভাগ্যবশতঃ, আমি সেই উপায়বোৰ পুৰণা বা আওকলীয়া বুলি উপলুঙা কৰোঁ বা সেইবোৰৰ উপযোগীতাৰ বিষয়ে প্ৰমাণ কৰিবলৈ এতিয়াও 'অধ্যয়ন বা তথ্য' নাই বুলি ভাবি উপেক্ষা কৰি চলোঁ।
ডাঃ অলকাই ৭টা পৰামৰ্শ দিছে :– দিনটোৰ ভিতৰত এবাৰ হ'লেও ছফেৰে তৈয়াৰী চাহ খাওক
– ৰন্ধাৰ বাবে তিল তেল ব্যৱহাৰ কৰক
– তিল তেলেৰে দৈনিক শৰীৰ মালিচ কৰক
– ৰন্ধনত অধিক জিৰা গুটি আৰু চফ অন্তৰ্ভুক্ত কৰিব
– ঋতুস্ৰাৱৰ সময়ত ব্যায়াম পৰিহাৰ কৰক
– বাকী দিনবোৰত নিয়মীয়া ব্যায়াম কৰিব
– চেনী আৰু মিঠাই খোৱা হ্ৰাস কৰক
ডাঃ অলকাৰ মতে, "আয়ুৰ্বেদত এই পাকঘৰৰ বিকল্পবোৰে জৰায়ুৰ সংকোচন (Uterine Contractions) নিয়ন্ত্ৰণ কৰাত কিয় আৰু কেনেদৰে সহায় কৰে তাৰ স্পষ্ট কাৰণ দৰ্শোৱা আছে।" আপুনি এতিয়া এইবোৰ চেষ্টা কৰি চাব নে?
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|