உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • health-well-being
    • »
    • NetraSuraksha| ডায়েবেটিচ আৰু আপোনাৰ দৃষ্টিশক্তি সম্পৰ্কে 6 টা ভ্ৰান্ত ধাৰণা

    NetraSuraksha| ডায়েবেটিচ আৰু আপোনাৰ দৃষ্টিশক্তি সম্পৰ্কে 6 টা ভ্ৰান্ত ধাৰণা

    • Share this:
    NetraSuraksha স্ব-পৰীক্ষা ইয়াত কৰাওক 

    "ডায়েবেটিচ"ৰ কথা ওলালেই কথোপকথনৰ দিশ সলনি হৈ পৰে। তেতিয়া সাধাৰণতে আহাৰৰ ক্ষেত্ৰত সীমাবদ্ধতা, শৰ্কৰাৰ পৰিমাণ, ডায়েবেট’লজিষ্টৰ ওচৰলৈ যোৱাৰ কাহিনী আৰু ৰক্ত শৰ্কৰা নিৰীক্ষণ সঁজুলি আদিৰ দৰে বিষয়ত আলোচনা কৰা হয়। ডায়েবেটিচে চকুৰ স্বাস্থ্যৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাব পাৰে সেয়া কিন্তু খুব কমেই উল্লেখ কৰা হয়। দৰাচলতে, ডায়েবেটিচে আপোনাৰ দৃষ্টিশক্তিক কেনেদৰে প্ৰভাৱিত কৰে, সেই বিষয়ে অনেক ভ্ৰান্ত ধাৰণ আছে।



    এই ভ্ৰান্ত ধাৰণাবোৰ প্ৰতিৰোধ কৰিবলৈ, আৰু ডায়েবেটিচত ভুগি থকা লোকক তেওঁলোকৰ স্বাস্থ্য আৰু দৃষ্টিশক্তিৰ উন্নত যত্ন লোৱাটো শক্তিশালী কৰিবলৈ, Novartis-ৰ সহযোগত Network 18-এ 'Netra Suraksha' - India Against Diabetes initiative, উদ্যোগ আৰম্ভ কৰিছে। এই উদ্যোগৰ অংশ হিচাপে, Network 18-এ  চিকিৎসা ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ সৈতে ঘূৰণীয়া মেজ মেলৰ সম্প্ৰচাৰ কৰিব, লগতে ডায়েবেটিচ সম্পৰ্কে জনসাধাৰণৰ জ্ঞান বৃদ্ধি কৰা ব্যাখ্যাকাৰী ভিডিঅ' আৰু প্ৰবন্ধ, দৃষ্টিশক্তিৰ ওপৰত ডায়েবেটিচৰ প্ৰভাৱ, আৰু ডায়েবেটিচ 1ত ভোগা অৰ্ধেক লোকৰ ক্ষেত্ৰত হোৱা ডায়েবেটিক ৰেটিনোপেথীৰ বিষয়ে তথ্য প্ৰকাশ কৰিব1।

    গতিকে আমাৰ তথ্যবোৰ জানি লওঁ আহক।

    ভ্ৰান্ত ধাৰণা 1: যদি মই দেখা পাই আছোঁ, মোৰ চকুৰ স্বাস্থ্য ঠিকে আছে। 

    পৰিষ্কাৰ দৃষ্টিশক্তি থকাটো গুৰুত্বপূৰ্ণ, কিন্তু ই নিশ্চিত নকৰে যে আপোনাৰ চকুৰ স্বাস্থ্য ঠিকে আছে। প্ৰাৰম্ভিক পৰ্যায়ত বহুতো বিকাৰৰ কোনো লক্ষণ নাথাকে, বা গম পোৱা নাযায়।

    গ্লুক’মাক দৃষ্টিৰ ’নীৰৱ চোৰ’ বুলিও কোৱা হয়- কিয়নো আপোনাক সতৰ্ক কৰিবলৈ কোনো লক্ষণেই দেখা পোৱা নাযায়। গ্লুক’মাই আপোনাৰ চকুৰ পিছফালৰ যাক অপ্টিক স্নায়ুক ক্ষতিগ্ৰস্ত কৰে, যিটো মস্তিষ্কৰ সৈতে সংযোজিত হৈ থাকে2। গ্লুক’মাৰ ক্ষেত্ৰত, কোনো নিৰাময় নাই, সেয়েহে আপুনি ইয়াক সোনকালে ধৰা পেলাই চিকিৎসা আৰম্ভ কৰাটো গুৰুত্বপূৰ্ণ। চিকিৎসা অবিহনে, গ্লুক’মাৰ ফলত অন্ধত্ব নামি আহিব পাৰে।

    ছানি পৰা বা কেটেৰেক্ট হৈছে আপোনাৰ চকুৰ লেন্সত ডাৱৰৰ দৰে অঞ্চল। কেটেৰেক্ট বিকশিত হ'বলৈ কেইবা বছৰ লাগে আৰু সেইবোৰ পৰিপক্ক নোহোৱালৈকে দৃষ্টিশক্তিক প্ৰভাৱিত নকৰিবও পাৰে। ৰোগটো এবাৰ বাঢ়ি যোৱাৰ পিছত, অস্ত্ৰোপচাৰৰ হস্তক্ষেপৰ প্ৰয়োজন3।

    ডায়েবেটিক ৰেটিনোপেথী এতিয়ালৈকে ডায়েবেটিচৰ সৈতে সম্পৰ্কিত সৰ্বাধিক সচৰাচৰ হোৱা বিকাৰ। ডায়েবেটিক ৰেটিনোপেথীত, চকুলৈ যোগান ধৰা ৰক্তনলীসমূহ অৱৰুদ্ধ হয়, বা ক্ষৰণ হয়, বা বিস্ফোৰিত হয়4। প্ৰাৰম্ভিক পৰ্যায়ত ডায়েবেটিক ৰেটিনোপেথী লক্ষণহীন, কিন্তু অৱস্থাটো অলপ গম্ভীৰ হোৱাৰ লগে লগে, পঢ়াত অসুবিধা সৃষ্টি কৰিব পাৰে যিটো চশমাৰ সলনি কৰিলেও সকাহ নাপায়। যদি সময়ত ধৰা নপৰে, ইয়াৰ ফলত দৃষ্টিশক্তি স্থায়ীভাৱে হেৰুৱাবলগীয়া হ’ব পাৰে4।

    ভ্ৰান্ত ধাৰণা 2: ডায়েবেটিচ থকা লোকৰ চকুৰ সমস্যাৰ আশংকা উচ্চ নহয়

    পৰিসংখ্যাই মিছা কথা নকয়। বিশ্বব্যাপী, ডায়েবেটিক ৰেটিনোপেথী হৈছে কৰ্মৰত বয়সৰ লোকসকলৰ মাজত অন্ধত্বৰ মুখ্য কাৰণ n5। ভাৰতত, 2025 চনৰ ভিতৰত ডায়েবেটিচ মেলিটাছ থকা প্ৰায় 57 নিযুত লোক ৰেটিনোপেথীত আক্ৰান্ত হ'ব।

    ধনাত্মক চিন্তা সদায়েই এক সম্পদ, কিন্তু কেৱল আশা কৰি থাকিলে তাৰ বিপৰীত প্ৰভাৱো পৰিব পাৰে। ডায়েবেটিক ৰেটিনোপেথী হৈছে ডায়েবেটিচৰ এক গুৰুতৰ আৰু সচৰাচৰ জটিলতা, আৰু আপোনাৰ ডায়েবেটিচ যিমানেই দীঘলীয়া হয়, আপোনাৰ বিপদাশংকা সিমানেই বৃদ্ধি পায়।



    ভ্ৰান্ত ধাৰণা 3: ডায়েবেটিক ৰেটিনোপেথীয়ে কেৱল টাইপ 1 ডায়বেটিচ থকা লোকক হে প্ৰভাৱিত কৰে। 

    ডায়েবেটিচ থকা যিকোনো লোকৰেই ডায়েবেটিচ জনিত চকুৰ ৰোগ হ'ব পাৰে, ই টাইপ 1 আৰু টাইপ 2 ডায়েবেটিচৰ মাজত বৈষম্য নাৰাখে। ই গৰ্ভধাৰণ সম্পৰ্কিত ডায়েবেটিচ থকা লোককো প্ৰভাৱিত কৰিব পাৰে। ৰোগৰ প্ৰথম দুটা দশকত, টাইপ 1 ডায়বেটিচ থকা প্ৰায় সকলো ৰোগী আৰু টাইপ 2 ডায়বেটিচ থকা 60%তকৈ অধিক ৰোগীৰ ৰেটিনোপেথী দেখা দিয়ে6।

    আপোনাৰ চকু নিয়মীয়াকৈ পৰীক্ষা কৰালে আপোনাৰ চিকিৎসকে ডায়েবেটিচৰ পৰা হ’ব পৰা দৃষ্টিশক্তিৰ জটিলতাবোৰ সোনকালে ধৰা পেলাই চিকিৎসা কৰাত সহায় কৰিব পাৰে।



    ভ্ৰান্ত ধাৰণা 4: মই কেৱল ডায়েবেটিচত আক্ৰান্ত হৈছো, সেয়েহে এতিয়াই মোক চকু পৰীক্ষাৰ প্ৰয়োজন নাই।



    যদিও এইটো সঁচা যে ডায়েবেটিক ৰেটিনোপেথীৰ বিপদাশংকা আপোনাৰ ডায়েবেটিচ থকা সময়ৰ সমান্তৰালভৱে বৃদ্ধি পাই গৈ থাকে, এয়া এক পৰিসংখ্যা হে। ব্যক্তি বিশেষে বিপদাশংকা বেলেগ বেলেগ হয়। সকলোৰে শৰীৰৰ ৰূপ বেলেগ বেলেগ, আৰু সামগ্ৰিক জনসংখ্যাত কিবা এটা বিকশিত হোৱাৰ আশংকা অধিক নোহোৱাৰ অৰ্থ এইটো নহয় যে আপোনাৰ বিপদাশংকা ব্যক্তিগতভাৱে উচ্চ নহয়; অথবা আপোনাৰ ক্ষেত্ৰত ই দেখা নিদিব।



    টাইপ 1 ডায়েবেটিচ ৰোগীৰ ক্ষেত্ৰত প্ৰথম 3-5 বছৰত বা যৌৱনপ্ৰাপ্তিৰ আগতে দৃষ্টিশক্তিৰ প্ৰতি ভাবুকি থকা ৰেটিনোপেথী বিৰল। কিন্তু পৰৱৰ্তী দুটা দশকত, প্ৰায় সকলো টাইপ 1 ডায়েবেটিক ৰোগীৰেই ৰেটিনোপেথী বিকশিত হয়।



    কিন্তু, টাইপ 2 ডায়বেটিচ থকা 21% ৰোগীৰ ডায়েবেটিচৰ প্ৰথম ৰোগ নিৰ্ণয়ৰ সময়তে ৰেটিনোপেথী দেখা গৈছে6!



    ভ্ৰান্ত ধাৰণা 5: ডায়েবেটিক ৰেটিনোপেথীৰ ফলৰ সদায়েই অন্ধত্ব সৃষ্টি হয়। 



    এনে কোনো কথা নাই। যদি সোনকালে ধৰা পৰে তেন্তে এনেকুৱা পৰিস্থিতি নাহে। আপোনাৰ চিকিৎসকে আপোনাৰ বিকাৰ যিমান আগতে নিৰ্ণয় কৰিব, পূৰ্বানুমান সিমানেই ভাল হ'ব। ডায়েবেটিক ৰেটিনোপেথী হৈছে এক প্ৰগতিশীল ৰোগ, যাৰ অৰ্থ হৈছে আপুনি ইয়াক যিমান আগতে ধৰা পেলাব, আৰু আপুনি ইয়াক যিমানে ভালদৰে নিয়ন্ত্ৰণ কৰিব, ইয়াক নিয়ন্ত্ৰণত ৰখাৰ সম্ভাৱনা সিমানেই ভাল হ'ব।



    1980 আৰু 2008 চনৰ ভিতৰত বিশ্বব্যাপী কৰা 35 টা অধ্যয়নৰ বিশ্লেষণৰ ভিত্তিত ৰেটিনেল ছবি ব্যৱহাৰ কৰি ডায়েবেটিচ থকা লোকসকলৰ ক্ষেত্ৰত যিকোনো ডায়েবেটিক ৰেটিনোপেথীৰ সামগ্ৰিক প্ৰচলন 35% 'ব বুলি অনুমান কৰা হৈছিল আৰু দৃষ্টিশক্তিৰ প্ৰতি ভাবুকি থকা ডায়েবেটিক ৰেটিনোপেথী মাত্ৰ 12% পোৱা গৈছিল4।



    সেয়েহে, আপোনাৰ বাৰ্ষিক চকু পৰীক্ষা কৰাওক (আপোনাৰ চিকিৎসকৰ তাত, আপোনাৰ চশমাৰ দোকানত নহয়!), আৰু আপোনাৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখক।

    ভ্ৰান্ত ধাৰণা 6: যদি মোৰ চকুত গুৰুতৰভাৱে গণ্ডগোল থাকে, মই লগে লগে গম পাম। 

    ৰোগীয়ে বিভিন্ন প্ৰকাৰৰ চকুৰ বিকাৰৰ প্ৰাথমিক সময়ত লক্ষণবোৰ লক্ষ্য নকৰে- যিটো হৈছে আটাইতকৈ চিকিৎসাযোগ্য পৰ্যায়। উদাহৰণস্বৰূপে, ডায়েবেটিক ৰেটিনোপেথী গুৰুতৰ নোহোৱালৈকে সম্পূৰ্ণৰূপে লক্ষণহীন হৈ থাকে7।

    আপুনি ঠিকেই পঢ়িছে: কোনো বিষ নহয়। দৃষ্টি পৰিৱৰ্তন নহয়7। কোনো ইংগিতেই পোৱা নাযায়। ৰেটিনা চছাইটি অৱ ইণ্ডিয়াৰ যুটীয়া সচিব ড০ মনীষা আগৰৱালাৰ মতে, প্ৰাৰম্ভিক লক্ষণবোৰৰ ভিতৰত এটা হৈছে- পঢ়াত এক নিৰন্তৰ অসুবিধা পোৱা, যিটো চশমা সলালেও আঁতৰি নাযায়। এইটো এটা প্ৰাৰম্ভিক লক্ষণ যিটোক সহজভাৱে লোৱা অনুচিত। যদি উপেক্ষা কৰা হয়, এই লক্ষণবোৰ লাহে লাহে দৃষ্টিৰ পৰিসৰত ক'লা বা ৰঙা দাগৰ ডাৱৰলৈ পৰিৱৰ্তিত হ'ব পাৰে, বা আনকি চকুৰ ৰক্তক্ষৰণ হোৱাৰ ফলত হঠাতে ব্লেকআউটো হ'ব পাৰে।

    সৌভাগ্যক্ৰমে, এনে কিছুমান চকু পৰীক্ষা উপলব্ধ, যি লক্ষণবোৰ ভালদৰে ফুটি উঠাৰ আগতেই এই সমস্যাটো চিনাক্ত কৰিব পাৰে। এক বিষহীন বিস্তাৰিত চকু পৰীক্ষা, য'ত আপোনাৰ চকুৰ চিকিৎসকে চকুৰ পুতলী বহল কৰিবলৈ চকুৰ ড্ৰপ ব্যৱহাৰ কৰে, যাতে তেওঁলোকে চকুৰ পিছফালটো চাব পাৰে (য’ত ৰেটিনা থাকে)7।

    এই সৰল পদক্ষেপে আপোনাৰ দৃষ্টি শক্তিক ৰক্ষা কৰিব পাৰে। আৰু প্ৰতিৰোধযোগ্য দৃষ্টিশক্তি হেৰুৱাৰ বিৰুদ্ধে যুঁজিবলৈ অলপ সজাগতাই অনেক বুলি ধৰিব পাৰি।

    যিকোনো ৰোগৰ সৈতে যুঁজ দিয়াৰ সৰ্বশ্ৰেষ্ঠ উপায় হ'ল তাৰ বিষয়ে আপোনাৰ জ্ঞান বৃদ্ধি কৰি তোলা। আপোনাৰ স্বাস্থ্য আৰু আপোনাৰ দৃষ্টিশক্তি নিয়ন্ত্ৰণ গ্ৰহণ কৰক। বিশেষকৈ যদি আপোনাৰ বা আপোনাৰ প্ৰিয়জনৰ ডায়েবেটিচ ৰোগ নিৰ্ণয় হয়, Netra Suraksha initiative- ৰ বিষয়ে অধিক আপডেটৰ বাবে News18.com অনুসৰণ কৰি ডায়েবেটিক ৰেটিনোপেথীৰ বিষয়ে জানক। লগতে, আপুনি আপোনাৰ চিকিৎসকৰ ওচৰলৈ যাব লাগিব নে নাই মূল্যাংকন কৰিবলৈ অনলাইন Diabetic Retinopathy Self Check Up কৰি চাওক।

    আপোনাৰ ব্যক্তিগত বিপদাশংকা হ্ৰাস কৰিবলৈ আপুনি কৰিব পৰা সৰ্বশ্ৰেষ্ঠ কামটো হ'ল আপোনাৰ চিকিৎসকে যুগুতাই দিয়া ডায়েবেটিচ ব্যৱস্থাপনা পৰিকল্পনা সাৱধানে অনুসৰণ কৰা। আটাইতকৈ সহজ পৰামৰ্শটো হ'ল ডায়েবেটিক ৰেটিনোপেথীৰ বাবে বছৰত এবাৰকৈ আপোনাৰ চকু পৰীক্ষা কৰোৱা- ই এক সৰল, সহজ, বেদনাহীন পৰীক্ষা, যি আপোনাৰ জীৱনৰ মান, আৰু আপোনাৰ পৰিয়ালৰ ওপৰত যথেষ্ট ধনাত্মক প্ৰভাৱ পেলাব পাৰে। এই কামৰ বাবে সংকোচ নকৰিব, আৰু নিজকে অসুৰক্ষিত বুলি নাভাবিব।



    References:

    1. https://www.medicalnewstoday.com/articles/diabetes-in-india[U1]  10 Dec, 2021.

    2. https://www.nei.nih.gov/about/news-and-events/news/glaucoma-silent-thief-begins-tell-its-secrets 17 Dec, 2021

    3. https://www.nei.nih.gov/learn-about-eye-health/eye-conditions-and-diseases/cataracts 17 Dec, 2021

    4. https://www.nei.nih.gov/learn-about-eye-health/eye-conditions-and-diseases/diabetic-retinopathy 10 Dec, 2021

    5. Balasubramaniyan N, Ganesh KS, Ramesh BK, Subitha L. Awareness and practices on eye effects among people with diabetes in rural Tamil Nadu, India. Afri Health Sci. 2016;16(1): 210-217.

    6. https://care.diabetesjournals.org/content/27/suppl_1/s84 17, Dec 2021

    7. https://youtu.be/nmMBudzi4zc 29 Dec, 2021


    (This is a Partnered article)
    First published: