বিশ্বজুৰি বৰ্তমানেও চলি থকা কোৰোণাৰ ভাইৰাছৰ পৰিস্থিতিয়ে সমগ্ৰ বিশ্বতে সংহাৰ সৃষ্টি কৰিছে । ইয়ে কেৱল বিশ্বব্যাপী অৰ্থনীতি আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ ওপৰত প্ৰভাৱ পেলোৱাই নহয়, সকলোৰে মানসিক স্বাস্থ্যৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলাইছে । এনে পৰিস্থিতিত, মানুহে তেওঁলোকৰ মানসিক স্বাস্থ্যক যত্ন লোৱাটো বাধ্যতামূলক হৈ পৰিছে । বহুলোকে এনে সময়ক পৰা নিজকে আঁতৰত ৰাখিবলৈ বহু পূৰ্বে তেওঁলোকে হেৰুওৱা ৰুচি আৰু আগ্ৰহসমূহ হাতত তুলি লৈছে।
এনে এক সময়তে গুগ'ল ইণ্ডিয়াই ইয়াৰ দৰ্শকসকলৰ বাবে তেওঁলোকে কি কি কৰিব, কি কি নকৰিব এক সৃষ্টিশীল তালিকা লৈ আহিছে । তেওঁলোকৰ এই আকৰ্ষণীয় তালিকাৰ জৰিয়তে কোম্পানীটোৱে টিকাকৰণ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এই নিয়মসমূহ মানি চলিবলৈ আহ্বান জনাইছে দৰ্শকসকলক।
তেওঁলোকে ইনষ্টাগ্ৰামত ফটোৰ এটা কেৰোচেল শ্বেয়াৰ কৰিছে,যাক দুটা শাখাত বিভক্ত কৰা হৈছে। অৰ্থাৎ কি কি কৰিব, কি কি নকৰিব ।
কি কি কৰিব অংশত গুগ'লে সকলোকে ন'ভেল কোৰোণা ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধমূলক মৌলিক দিশবোৰ অনুশীলন কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ ভিতৰত আছে মাস্ক পৰিধান কৰা, নিয়মীয়াকৈ হাত ধোৱা, আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ দৰে অনুশীলন ।
ইপিনে আকৰ্ষণীয় এই পোষ্টৰ কি কি নকৰিব অংশত আছে ঘৰত থকা অৱস্থাত অনুসৰণ কৰিব পৰা ভিন্ন অনুশীলন আৰু কাৰ্যকলাপৰ বিষয়ে । ফটোত ব্ৰেণ্ডটোৱে সকলোকে মাস্ক পিন্ধা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ আহ্বান জনোৱাৰ লগতে এখন ছবিৰ মাধ্যমেৰে কেনেদৰে ভিডিও' কলিঙৰ জৰিয়তে সামাজিকভাৱে জড়িত হৈ থাকিব পাৰি সেই সম্পৰ্কতো অৱগত কৰা হৈছে।
উল্লেখ্য যে, দেশত ২৭ ফেব্ৰুৱাৰীৰ দিনটোত শনিবাৰে একেৰাহে তৃতীয় দিনৰ বাবে ১৬ হাজাৰৰো অধিক কোৰোণাৰ ৰোগী চিনাক্ত কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি আজি পৰ্যন্ত দেশত মুঠ কোৰোণা সংক্ৰমিত লোকৰ সংখ্যা হৈছে ১,১০,৭৯,৯৭৯ আৰু ইয়াৰে সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ১,০৭,৬৩,৪৫১ গৰাকী। লগতে চৰকাৰী তথ্যত উল্লেখ কৰা হৈছে যে, এই পৰ্যন্ত দেশত ২,৮৪,২৯৭ গৰাকী স্বাস্থ্যসেৱা কৰ্মী আৰু ফ্ৰণ্টলাইন কৰ্মীক টীকা প্ৰদান কৰা হৈছে আৰু সমগ্ৰ ভাৰতত মুঠ টীকাকৰণৰ সংখ্যাই ১,৩৭ কোটিৰ ঘৰ অতিক্ৰম কৰিছে। ১৬ জানুৱাৰীত আৰম্ভ হৈছিল এই টীকাকৰণ অভিযান।
বিগত সময়ত দেশত কোৰোণা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছিল যদিও অতি শেহতীয়াকৈ দেশত পিনৰ বৃদ্ধি পাবলৈ লৈছে আক্ৰান্তৰ সংখ্যা। সেয়েহে চৰকাৰ আৰু স্বাস্থ্যসেৱা বিষয়াসকলে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|