আমি সকলোয়ে ফটো ভাল পাঁও ৷ ফটো এখন নিজে উঠিয়ে হওঁক বা ফটো তুলিয়েই হওঁক, ফটো বুলি ক’লেই যেন নিজকে অলপ ধুনীয়া কৰি ল’ব চেষ্টা কৰোঁ ৷ মুঠতে ফটো বুলি কলেই ভাল লাগি যায় মন ৷ বিশ্বত সম্ভৱতঃ এনে মানুহ কমেই ওলাব যিয়ে ফটো উঠি বা ফটো তুলি পোৱা নাই ৷ আপুনি মই ভাল পোৱা এই “ফটো”ৰো আছে এটা বিশেষ দিন। সেয়া হৈছে আজিৰ দিনটো, অৰ্থাৎ ১৯ আগষ্ট ৷ ১৮৩৯ চনৰ ১৯ আগষ্টৰ পৰা আজিৰ এই দিনটোক 'বিশ্ব আলোকচিত্ৰ দিৱস' বা World Photography Day হিচাপে উদযাপন কৰি অহা হৈছে ৷ এই "ফটোগ্ৰাফী" শব্দটো গ্ৰীক মূল phōtósৰ পৰা সৃষ্টি হৈছিল ৷ ক’লা আৰু বিজ্ঞান দুয়োটা বিষয়ে এই ফটোগ্ৰাফীত সন্নিৱিষ্ট হৈ আছে ৷
চখ বা কেৰিয়াৰ হিচাপে ফটোগ্ৰাফী কৰিব বিচৰা লোকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে এই বিশেষ দিনটো উদযাপন কৰা হয়। এখন ছবিত হাজাৰটা আৱেগ আৱদ্ধ হৈ থাকে বুলিও বহুতে ক’ব বিচাৰে। যিদৰে এটি কবিতাত কবিগৰাকীৰ ভাব ভংগীমা কিছু প্ৰকাশ পায় ঠিক একেদৰে একো একোখন ফটোত ফটোগ্ৰাফাৰ জনৰ আৱেগ অনুভূতি বা ভংগীমা কিছু পৰিমাণে হ’লেও প্ৰকাশ পায় ৷
ফটোগ্ৰাফী বুলি ক’লেই সাধাৰণতে আমাৰ সকলোৰে মনলৈ আহে এটা দামী কেমেৰা, এখন দীঘল লেঞ্চ। আচলতে সেয়া ১০০ শতাংশ সত্য নহয়৷ আপোনাৰ মোৰ হাতত থকা স্মাৰ্ট মোবাইল ফোনটোৰ কেমেৰাটোৰেও এখন ভাল ফটো তুলিব পৰা যায়। বিশেষকৈ আজিৰ তাৰিখত যি দৰে সকলো ক্ষেত্ৰতে ডিজিটেল পদ্ধতি উপলব্ধ হৈছে ঠিক একেদৰে মোবাইল ফোন নিৰ্মাতা কোম্পানীসকলেও স্মাৰ্ট ফোন এটা নিৰ্মাণৰ সময়ত কেমেৰাক অধিক গুৰুত্ব দিয়া দেখা গৈছে ৷ যি কেমেৰাৰ সহায়ত আমি আমাৰ সৃষ্টিশীলতা ধৰি ৰাখিব পাৰোঁ। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে মানুহে ভাল পোৱা বা দেখি ভাল পোৱা ফটো এখন তুলিবলৈ ফটোগ্ৰাফাৰজনৰ অনুভৱ খুবেই প্ৰয়োজন৷

ফটোগ্ৰাফীৰ বিষয়টো (Subject)টো দেখি কেমেৰাত আৱদ্ধ কৰাৰ আগতে মন আৰু মগজুত প্ৰথমে দৃশ্যটো বন্দী হ’ব লাগিব আৰু সেই দৃশ্যটো কেমেৰাৰ সহায়ত আৱদ্ধ কৰিব পাৰিলে আমি তোলা ফটোখন ধুনীয়া হ’বই।
আজিৰ এই বিশেষ দিনটোত ক'ৰবাত ফটোগ্ৰাফাৰক পুৰস্কৃত তথা সন্মান প্ৰদান কৰে, আন ক'ৰবাত ফটো প্ৰদৰ্শনীৰ জৰিয়তে সমগ্ৰ বিশ্বজুৰি এই আলোকচিত্ৰ দিৱস পালন কৰা হয়। এগৰাকী সফল ফটোগ্ৰাফাৰ হ’বলৈ যথেষ্ট ধৈৰ্য্যৰ প্ৰয়োজন হয়। গতিকে ধৈৰ্য্য আৰু সৃষ্টিশীলতা যদি আপোনাৰ আছে, ফটো যদি আপুনি ভাল পায় তেন্তে খুব সোনকালে এগৰাকী ভাল ফটোগ্ৰাফাৰ আপুনিও হ’ব পাৰিব।
আজিৰ সময়ত ফটোগ্ৰাফী কেৱল নিচা হৈ থকা নাই, জীৱন জীৱিকাৰ এক আহিলাও হৈ পৰিছে এই ফটোগ্ৰাফী ৷ বহুতে ব্যৱসায়িকভাৱে ফটোগ্ৰাফীক আগুৱাই লৈ যোৱাৰ লগতে বহুতে ইয়াক পেচা হিচাবেও গ্ৰহণ কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 19, 2022, 08:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।