মুখ্যপৃষ্ঠা » খবৰ

» Explained

»Explained : অভিশপ্ত ৮ ছেপ্টেম্বৰ আৰু মাজুলীবাসীৰ দুখ ! মাজুলীবাসীয়ে কি পালে কি হেৰুৱালে!

Explained : অভিশপ্ত ৮ ছেপ্টেম্বৰ আৰু মাজুলীবাসীৰ দুখ ! মাজুলীবাসীয়ে কি পালে কি হেৰুৱালে!

News18 Assam | News18-Assam
Updated:September 20, 2021, 6:16 PM IST
Explained : অভিশপ্ত ৮ ছেপ্টেম্বৰ আৰু মাজুলীবাসীৰ দুখ ! মাজুলীবাসীয়ে কি পালে কি হেৰুৱালে!
Nimatighat Boat Accident, Explained :কেতিয়া সম্পূৰ্ণ হ'ব মাজুলীবাসীৰ সপোনৰ দলংখন (Jorhat-Majuli Bridge)? ৰাস, উপ-নিৰ্বাচনৰ ধামখুমীয়াত তল পৰিব নেকি এই সমগ্ৰ ঘটনাৰ তদন্ত? পুনৰ বন্ধ হৈ পৰিব নেকি ৰ'-পেক্স আৰু নতুন জাহাজ দুখন?

Nimatighat Boat Accident, Explained :কেতিয়া সম্পূৰ্ণ হ'ব মাজুলীবাসীৰ সপোনৰ দলংখন (Jorhat-Majuli Bridge)? ৰাস, উপ-নিৰ্বাচনৰ ধামখুমীয়াত তল পৰিব নেকি এই সমগ্ৰ ঘটনাৰ তদন্ত? পুনৰ বন্ধ হৈ পৰিব নেকি ৰ'-পেক্স আৰু নতুন জাহাজ দুখন?

  • News18 Assam
  • Last Updated: September 20, 2021, 6:16 PM IST
  • Share this:
যোৱা ৮ ছেপ্তেম্বৰ তাৰিখে নিমাতী ঘাটৰ (Nimati Ghat) সমীপত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত এখন ব্যক্তিগত একক ইঞ্জিন চালিত ফেৰী "মা-কমলা" আৰু এখন দ্বৈত ইঞ্জিন যুক্ত আভ্যন্তৰিণ জল পৰিবহণ নিগমৰ অধীনৰ মাৰনাওঁ "টিপকাই"ৰ সংঘৰ্ষত (Nimatighat Boat Accident) তিনিগৰাকীকৈ ব্যক্তিয়ে মৃত্যুক আকোৱালী ল'ব লগীয়া হয় । যাত্ৰীসকলৰ মৰণকাতৰ আৰ্তনাদ, জীয়াই থকাৰ বাবে কৰা চেষ্টাই যেন উদঙাই গ'ল দীৰ্ঘদিন দক্ষিণ পাৰৰ লগত মাজুলী (Majuli)বাসীয়ে ভোগ কৰি অহা কষ্টৰ জীয়া ছবিখন । স্বাধীনতাৰ ৭৫ বছৰীয়া এই পৰিক্ৰমাত যোৰহাট জিলাৰ লগত প্ৰত্যক্ষ যোগাযোগৰ ক্ষেত্ৰত উন্নয়ণ কিছু হ'ল যদিও মাজুলীবাসীৰ বাবে এই সমস্যাৰ একমাত্ৰ সমাধান হ'ল দলং । যাতে কোনো মাজুলীবাসীয়ে আপোনজনক হেৰুৱাব লগীয়া নহয়, যাতে মৰাশ লৈ কোনো লোক নিমাতীৰ পাৰত ওৰে নিশা বহি থাকিব লগীয়া নহয় ।

কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইমান দিনে এনেদৰেই মাজুলীবাসীয়ে যাত্ৰা কৰি আহিছিল । ভৰ বাৰিষা ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতৰ মাজতো একক ইঞ্জিনযুক্ত এই নাওসমূহ চলিছিল যদিও পূৰ্বে এনেধৰণৰ ঘটনাৰ সন্মূখীন হোৱা নাছিল মাজুলীবাসী । কিন্তু সেইদিনা অৰ্থাৎ ৮ ছেপ্তেম্বৰ তাৰিখে বিয়লি ৪ বজাত প্ৰকৃততে কি ঘটিছিল যাৰ বাবে এই শোকাৱহ দূৰ্ঘটনা (Nimatighat Boat Accident) সংঘটিত হ'বলৈ পালে ।

প্ৰত্যক্ষদৰ্শীৰ লগত আমি কথা পাতি নিমাতীৰ সেই দূৰ্ঘটনাৰ বিষয়ে জানিব পাৰিছিলোঁ । সেইদিনা নিমাতীৰ পৰা কমলাবাৰী (Kamalabari) পাৰঘাটলৈ আহিবলৈ সাজু হৈছিল "মা-কমলা" নামৰ নাওখন । যাত্ৰীসকল কিছুৱে আসন গ্ৰহণ কৰিছে আৰু মাজুলীলৈ আহিবলৈ ২খন গাড়ী প্লেটফৰ্মত ৰাখিছেহি । বয়-বস্তু আৰু দুচকীয়া বাহন ইতিমধ্যে নাওখনত তোলা হৈছে । সেইসময়তে কমলাবাৰী পাৰঘাটৰ পৰা যোৱা "টিপকাই" নামৰ ফেৰীখন নিমাতীত উপস্থিত হোৱাত চপাবৰ বাবে মা-কমলা নাওখন আতৰাই দিবৰ বাবে খুলি দিয়ে আৰু তাৰ পাছতে সংঘটিত হ'য় এই অবাঞ্ছনীয় শোকাৱহ দুৰ্ঘটনা ।

এতিয়া মূল কথাটো হৈছে সেই সময়ত "টিপকাই" ফেৰীখন  "মা-কমলা" নামৰ নাওখনৰ পাছফালে আছিল আৰু সোঁতৰ বাবে পিছুৱাই অহা "মা-কমলা" ফেৰীখনত খুন্দা মাৰিছিল । লক্ষ্য কৰিব লগীয়া কথাটো হ'ল "টিপকাই" ফেৰীখনত পিছলৈ যাব পৰা ইঞ্জিন আছে আৰু এই খুন্দাৰ পৰা বাচিব পৰাৰ হয়তো উপায় আছিল । গতিকে এই সমগ্ৰ কথাৰ পৰা অনুমান কৰিব পাৰি সেইসময়ৰ পৰিস্থিতি । সেই ভয়াৱহ দুৰ্ঘটনাৰ সন্মুখীন হোৱা ভুক্তভোগীয়ে আজিও শান্তিত শুব পৰা নাই ।এই সমগ্ৰ ঘটনাৰ পাছত কেইবাটাও কথা পোহৰলৈ আহিছে, কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে ।

প্ৰথম কথাটো হ'ল যে ইমান এটা ব্যস্ত পাৰঘাটত বিয়াগোম জল পৰিবহণ বিভাগে কিয় দুটা ৰেম্পৰ ব্যৱস্থা কৰা নাছিল । দ্বিতীয়তে দুৰ্ঘটনাৰ পাছত যে ৰ'-পেক্সখন (Ro-Pax) চলাব পৰা হ'ল আগতে কিয় নিমাতীৰ পাৰঘাটত ৰখাই থোৱা হৈছিল? একক ইঞ্জিনযুক্ত ব্যক্তিগত নাওসমূহৰ মালিক পক্ষৰ লগত আভ্যন্তৰিণ জলপৰিবহণ বিভাগৰ গোপন বুজাবুজিৰ বাবেই ৰ'-পেক্স দুখন দীৰ্ঘদিন নচলোৱাকৈ ৰখাই থোৱা হৈছিল নেকি বুলিও ৰাজ্যজুৰি প্ৰশ্ন উত্থাপন হৈছে?

এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ ভূমিকাও সন্দেহৰ আৱৰ্তত । কাৰণ মূখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতহে ৰখাই থোৱা জাহাজ কেইখন চলোৱাৰ বাবে তৎপৰ হৈ পৰিছিল প্ৰশাসন ।তৃতীয়তে জিলা প্ৰশাসনে কিয় পূৰ্বেই তৎপৰতা নেদেখুৱালে ? মুখ্যমন্ত্ৰী অহাৰ পিছদিনাৰ পৰাই ৰ'-পেক্স কেনেকৈ চলিব পৰা হ'ল ? ৰেম্পৰ অভাৱত ৰখাই থোৱা জাহাজ দুখনৰ বাবে এদিনতে কেনেকৈ ৰেম্প নিৰ্মাণ কৰিব পৰা হ'ল ? চতুৰ্থ আৰু সকলো গুৰুত্বপূৰ্ণ কথাতো হ'ল যে "মা-কমলা" নামৰ নাওখনত থকা বহু ব্যক্তিক উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয় (JMCH)ত স্বাস্থ্য পৰীক্ষা কৰোৱাই যোৰহাট জিলা প্ৰশাসনে (Jorhat Administration) হোটেল আদিত ৰখাৰ ব্যৱস্থা কৰে আৰু মাজুলীলৈ অহাৰ সুবিধা কৰি দিয়ে । কিন্তু যোৰহাটৰ পৰা ডিব্ৰুগড় হৈ মাজুলীত উপস্থিত হোৱা ব্যক্তিসকলৰ খৱৰ লবলৈ আহৰি নহ'ল মাজুলী জিলা প্ৰশাসনৰ ।  বৰ্ত্তমানো চৰকাৰে দুখনকৈ ব্যক্তিগত (মেৰাইন ইঞ্জিনযুক্ত) নাও চলাবলৈ অনুমতি প্ৰদান কৰিছে যদিও যাত্ৰীসকলক কিমান পৰিমাণে সুৰক্ষা দিব পৰাকৈ সক্ষম সেয়া যেন অপেন ছিক্ৰেট!

৮ ছেপ্টেম্বৰৰ নাও দুৰ্ঘটনাটোৰ প্ৰধান আৰু মূল কাৰণ আছিল একেটা ৰেম্পতে কমলাবাৰী পাৰঘাটৰ পৰা নিমাতিৰ পৰা অহা আৰু নিমাতীলৈ যোৱা সকলোবোৰ নাও ৰখোৱাৰ ব্যৱস্থাটো । এখন আহিলে আনখন আঁতৰাই দিয়া হয় বা দিব লগা হয়। যদি ডাঙৰ ফেৰী এখন ৰখাই থোৱা থাকে তেনেহ'লে তাৰ গাতে আনফালৰ পৰা অহা সৰু নাওখন বান্ধি দিয়া হয়। যদি সৰুখন লগাই থোৱা থাকে তেন্তে সেইখন আঁতৰাই ডাঙৰখন বান্ধি তাৰ গাতে সৰুখন বান্ধি দিয়া হয়। এইটো পূৰ্বৰে পৰা চলি থকা এটা আভ্যন্তৰিন জল পৰিবহণ বিভাগৰ ভয়াবহ ব্যৱস্থা। দুৰ্ঘটনা হোৱা নাছিল বাবে কোনেও ভয়াৱহতা অনুমান কৰিব পৰা নাছিল। তেনে কৰোঁতেই সিদিনা সৰু নাওখনক প্ৰবল সোঁতে উটুৱাই আনি ডাঙৰ মাৰনাওঁখনত খুন্দা মাৰি দিলে।  কিন্তু মূল যিটো কাৰণত ঘটনাটো ঘটিছিল তাৰ ব্যৱস্থা কিয় বিভাগে আগতেই নকৰিলে, কিয় মাজুলীবাসীৰ জীৱনকলৈ হেতালি খেলিলে সেয়া প্ৰকৃত শুদ্ধ তদন্তত হ'লে ওলাব । দোষ দুইখন নাৱৰে আছিল যদিও এখন চৰকাৰী পক্ষৰ হোৱাৰ বাবে  ব্যক্তিগত নাও বা একক ইঞ্জিনৰ নাওবোৰক উদ্দেশ্য প্ৰণোদিতভাবে লক্ষ্য কৰি আভ্যন্তৰিণ জল পৰিবহণ বিভাগে দায় সাৰিব বিছৰা যেন পৰিলক্ষিত হৈছে ।  কিন্ত বৰ্ত্তমান  মেৰাইন ইঞ্জিনৰ দুখন নাও কিয় চলাবলৈ দিছে সেইটো এক গুৰুত্বপূৰ্ণ কথা ? সিদিনা মেৰাইন ইঞ্জিন হোৱা হ'লে ঘটনাটো নঘটিলহেঁতেন নেকি ? সেইদিনা "টিপকাই" মেৰাইন ইঞ্জিন (Marine Engine) যুক্ত মাৰনাও আছিল যদিও এই খুন্দাত সেইখনো ভাগিছিল, সেইখনতো পানী সোমাইছিল যাৰ বাবে বালিচৰত ৰখাই দিব লগা হৈছিল। গতিকে এই নাওসমূহ কিমান সুৰক্ষিত সেয়া সহজেই অনুমান কৰিব পাৰি ।

এতিয়া কথাটো হৈছে এই ঘটনাৰ প্ৰকৃত শুদ্ধ তদন্ত (Enquiry) হ'বনে? নে আন তদন্তবোৰৰ দৰেই এই শোকাৱহ দূৰ্ঘটনাও এদিন পাহৰণিৰ গৰ্ভত বিলীন হ'ব? ন্যায় পাবনে অকালতে মৃত্যক সাৱটি লোৱা পৰিমিতা দাস, বিক্ৰমজিত বৰুৱা আৰু ইন্দ্ৰেশ্বৰ বৰাই ? হয়তো কেইদিনমান পাছত এই ঘটনা সাধাৰণ হৈ পৰিব, বিভিন্ন উৎসৱক লৈ ব্যস্ত হৈ পৰাসকলেও সাময়িকভাবে পাহৰি পেলাব এই শোকাবহ ভয়ানক দূৰ্ঘটনাক । কিন্তু কেইবাটাও প্ৰশ্ন সদায় মাজুলীবাসীৰ মনত ক্ৰিয়া কৰি থাকিব আৰু কিমান দিনলৈ মাজুলীবাসীয়ে এই দুৰ্ভোগ ভোগ কৰিব লাগিব ? কেতিয়া সম্পূৰ্ণ হ'ব মাজুলীবাসীৰ সপোনৰ দলংখন (Jorhat-Majuli Bridge)? ৰাস, উপ-নিৰ্বাচনৰ ধামখুমীয়াত তল পৰিব নেকি এই সমগ্ৰ ঘটনাৰ তদন্ত ? পুনৰ বন্ধ হৈ পৰিব নেকি ৰ'-পেক্স আৰু নতুন জাহাজ দুখন ? পুনৰ একক ইঞ্জিন চালিত ব্যক্তিগত নাৱেই নিমাতীৰ লগত যোগাযোগৰ মাধ্যম হৈ পৰিব নেকি ?
Published by: Manjumoni Borah
First published: September 20, 2021, 6:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি