মুখ্যপৃষ্ঠা »খবৰ »Explained »EXPLAINED: কৃত্ৰিম বুদ্ধিমত্তাই চাকৰি খাব নেকি সাংবাদিকৰ? ChatGPTয়ে এতিয়া শংকিত কৰিছে সংবাদকৰ্মীক 

EXPLAINED: কৃত্ৰিম বুদ্ধিমত্তাই চাকৰি খাব নেকি সাংবাদিকৰ? ChatGPTয়ে এতিয়া শংকিত কৰিছে সংবাদকৰ্মীক 

ৰাজনৈতিক নেতাৰ গোপন বৈঠকৰ সবিশেষ দিব পাৰে নে এই কৃত্ৰিম বুদ্ধিমত্তাই?

ৰাজনৈতিক নেতাৰ গোপন বৈঠকৰ সবিশেষ দিব পাৰে নে এই কৃত্ৰিম বুদ্ধিমত্তাই?

  • Share this:

ChatGPT নামৰ বিজ্ঞানৰ নৱতম উদ্ভাৱনে সমগ্ৰ বিশ্বৰ বৌদ্ধিক মহলত তোলপাৰ লগোৱাৰ মাজতে ভাবিলোঁ এটা সম্পৰীক্ষা নিজাববীয়াকৈ কৰি লোৱা যাওক। ChatGPT নামৰ Chatbotটোত এটা একাউন্ট খুলি সুধিলোঁ – অসম চৰকাৰে বাল্য বিবাহ সন্দৰ্ভত লোৱা পদক্ষেপৰ বিষয়ে এটা প্ৰৱন্ধ লিখক। ১৫ ছেকেণ্ডত বিচৰা প্ৰৱন্ধ সন্মুখত।


মাথোঁ এটা দুটা তথ্য আৰু এই বিষয়ে কোনে কি কৈছে সংযোজন কৰি দিলেই প্ৰকাশ উপযোগী এটা প্ৰৱন্ধ সাজু। মানৱ মস্তিষ্কই লিখা বহু লিখনিতকৈ উৎকৃষ্ট নহ'লেও উন্নত। শংকিত হোৱাৰ যথেষ্ট থল আছিল। ভৱিষ্যতৰ সাংবাদিকতা সম্পূৰ্ণৰূপে কৃত্ৰিম বুদ্ধিমত্তাত নিৰ্ভৰশীল হ’ব নেকি বুলি ভবাৰ পৰ্যাপ্ত থল আছিল।


পুনৰ সুধিলোঁ ChatGPTয়ে পেছাদাৰী সাংবাদিকতাত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰিব। অতি ভদ্ৰতাৰে ক’লে– সাধাৰণ তথ্যগত বাতৰি লিখাৰ ক্ষেত্ৰত এই ব্যৱস্থা সহায়কাৰী হ’ব যাতে সাংবাদিকসকলে গৱেষণামূলক বাতৰি লিখাত মনোনিৱেশ কৰিব পাৰে। লগতে সকীয়াই দিলে এই Computer Application ১০০শতাংশই বিশ্বাসযোগ্য নহয়। অৰ্থাৎ এই প্ৰযুক্তিয়ে সাংবাদিকক সলনি নকৰে বৰঞ্চ সাংবাদিকৰ কাৰণে এটা অপৰিহাৰ্য আহিলা হিচাপে পৰিগণিত হ’ব । chat.openai.com সকলোৱে এটা একাউণ্ট খুলি মনৰ খু-দুৱনি দূৰ কৰিব পাৰে।


সহজ ভাষাত ChatGPT (Chat Generative Pre-trained Transformer) একধৰণৰ Computer programming অথবা Chatbot। ই এক স্বয়ংক্ৰিয় ব্যৱস্থা যি ব্যৱহাৰকাৰীৰে কথোপকথন কৰে, প্রশ্নৰ উত্তৰ দিয়ে । ইণ্টাৰনেটত উপলব্ধ সকলো তথ্য চালিজাৰি চাই সেই প্রশ্নৰ উত্তৰ যিকোনো ভাষাত সজাই পৰাই দিয়ে এই ব্যৱস্থাই। মানৱ মস্তিষ্কই জীৱনকালত আহৰণ কৰা জ্ঞান আৰু অভিজ্ঞতাৰ ভিত্তিত সৃষ্টি কৰে মৌলিক ৰচনা। এটা প্ৰেমৰ কবিতাও ৰচনা কৰিবলৈ লাগিব জ্ঞান, অভিজ্ঞতা আৰু আন অনুৰূপ সৃষ্টিৰ সম্ভাৰ।


ঠিক তেনেদৰেই ইণ্টাৰনেটত উপলব্ধ তেনে সৃষ্টি, প্ৰসংগ, তথ্যৰ ভিত্তিত ChatGPTয়ে লিখিব পাৰে গল্প, কবিতা, প্ৰবন্ধ বা ইণ্টাৰনেটত পোৱা যিকোনো বিষয়ৰ ওপৰত ৰচনা। মানৱ মস্তিষ্কৰ সমান গতিত তথ্য,  যুক্তি সজাব পাৰে এই কৃত্ৰিম বুদ্ধিমত্তাই। গতিকে মানৱ সৃষ্ট এই প্ৰযুক্তি Frankenstein Monster যে নহ’ব গৈ এই কথা নুই কৰা নাই বিশেষজ্ঞই।


এটা কথা ঠিক – সাংবাদিকৰ কাণ আৰু চকুৰ স্থান ChatGPTয়েও কেতিয়াও ল’ব নোৱাৰে । কংগ্ৰেছ, বিজেপিৰ নিৰ্বাচনৰ পূৰ্বে হোৱা গোপন বৈঠকৰ ঠিকনা, আলোচনাৰ সবিশেষ কৃত্ৰিম বুদ্ধিমত্তাই কেতিয়াও দিব নোৱাৰে। অৱশ্যে পুৰণি বৈঠকৰ সবিশেষ এতিয়া সাংবাদিকে গুগলত বিচাৰি বিভিন্ন ৱেবচাইটৰ পৰা ল’ব লাগিছিল, কিন্তু ChatGPTক কৈ দিলেই হ’ল তেনে বৈঠকৰ সবিশেষ লাগে। অৱশ্যে সাংবাদিকতাৰে, প্ৰযুক্তিবিদ্যা সদায় সংপৃক্ত হৈ আছে । নতুনকৈ আত্মপ্ৰকাশ কৰে প্ৰযুক্তিয়ে সাংবাদিকতাত ন-ৰূপ দিয়ে । গতিকে এই কৃত্ৰিম বুদ্ধিমত্তাৰে সাংবাদিক পৰিচিত হোৱাটো সময়ৰ আহ্বান।


সাংবাদিকতাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰৱেশ কেতিয়াবাই ঘটিছে। কৃত্ৰিম বুদ্ধিমত্তাই আমি পঢ়িব বিচৰা বাতৰিবোৰ বাতৰিৰ ৱেবচাইট এটাত আমি পোনছাটে দেখা পোৱা স্থানত ৰাখে। এই পদ্ধতিত ৱেবচাইটবোৰে আমি কি পঢ়ি ভাল পাওঁ বিচাৰি উলিয়াই আৰু machine learningএ সেই সমূহ আমাৰ সন্মুখত তুলি ধৰে যাতে আমি বেছি সময় ৱেবপেজটোত অতিবাহিত কৰোঁ।


ChatGPTৰ পৰা অন্তত সাংবাদিক শংকিত হোৱাৰ কাৰণ নাই । এই নতুন প্ৰযুক্তিয়েও আনবোৰৰ দৰে সাংবাদিকতাক অন্য এক মাত্ৰালৈ লৈ যাব।

শেহতীয়া বাতৰি