গুৱাহাটী সহ নামনি অসম আৰু বড়োলেণ্ডৰ ৪০ টা সমষ্টিত আজি পুৱাৰে পৰা ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সৈতে অসমত নিৰ্বাচন অন্ত পৰিব আৰু অহা ২মে’ত ফলাফলৰ কাৰণে অপেক্ষা বাকী ৰ’ব। প্ৰথম পৰ্যায়ৰ (২৭ মাৰ্চ) আৰু দ্বিতীয় পৰ্যায়ৰ (১ এপ্ৰিল) ভোটগ্ৰহণৰ পিছত আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৪০টা সমষ্টিৰ সমীকৰণ কংগ্ৰেছ আৰু বিজেপি উভয় শিবিৰৰ কাৰণে অতিশয় গুৰুত্বপূৰ্ণ।
আজিৰ ভোটগ্ৰহণত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ পাঁচগৰাকী কেবিনেট সতীৰ্থ আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসৰ ভাগ্য নিৰ্ধাৰণ হ’ব। নতুনকৈ গঠিত এজেপিয়ে ২২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ১২৬গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে যুঁজত নামিছে। এই পৰ্যায়ত আছে ২৫গৰাকী মহিলা প্ৰাৰ্থীও। কোকৰাঝাৰৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াই বৰমা আসনত বিপিএফৰ প্ৰৱীণ বড়ো আৰু ইউপিপিএলৰ ভূপেন বড়োৰ সৈতে ত্ৰিকোণীয় যুঁজত অৱতীৰ্ণ হৈছে। ২০গৰাকী বৰ্তমানৰ বিধায়কৰো ভাগ্য নিৰ্ণয় হ’ব এই পৰ্যায়ত। ইয়াৰে ৮জন কংগ্ৰেছৰ, ৫জন বিজেপিৰ, তিনিজনকৈ এআইইউডিএফ আৰু বিপিএফৰ, লগতে আছে অগপৰ এজন বিধায়ক।
এফালে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ দৰে দিগ্গজ নেতাৰ ভাগ্য আজি ইভিএমত বন্দী হ’ব যদিও এই পৰ্যায়ক লৈ সামগ্ৰিকভাৱে সাংঘাতিক আশাবাদী নহয় বিজেপি। ষ্টাৰ কেম্পেইনাৰ তথা ৰাজ্যত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব দিয়া হিমন্ত বিশ্ব শৰ্মাই কেইবাবাৰো সংবাদমাধ্যমৰ আগত উল্লেখ কৰিছিল যে নামনিৰ কেইবাটাও সমষ্টিত কোনো আশা নাই। যাৰ কাৰণে হয়তো গেৰুৱা শিবিৰে এই পৰ্যায়ত সহযোগী দলক আগবঢ়াই নিজে পিচ হুঁহকি দিছে। কেইবাটাও সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে অগপৰ প্ৰাৰ্থীয়ে।
আজি ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহ হৈছে – মানকাছাৰ, ধুবুৰী, গোলকগঞ্জ, বিলাসীপাৰা পূব, গোৱালপাৰা পশ্চিম, গোসাইগাঁও, কোকৰাঝাৰ(পূব), বিজনী, ভবানীপুৰ, বৰমা, বঙাইগাঁও, অভয়াপুৰী(দক্ষিণ), বৰপেটা, বাঘবৰ, চেঙা, দুধনৈ, ছয়গাঁও, হাজো, দিছপুৰ, গুৱাহাটী(পূব), গুৱাহাটী(পশ্চিম), দক্ষিণ শালমৰা, গৌৰীপুৰ, বিলাসীপাৰা(পশ্চিম), গোৱালপাৰা(পূব), জলেশ্বৰ, কোকৰাঝাৰ(পশ্চিম), চিদলী. সৰভোগ, তামুলপুৰ, চাপাগুৰি, অভয়াপুৰী(নৰ্থ), পাটাছাৰকুচি, জনিয়া, সৰুক্ষেত্ৰী, ধৰ্মপুৰ, বকো, পলাশবাৰী, জালুকবাৰী, বৰক্ষেত্ৰী।
প্ৰথম কথা, আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা বেছিভাগ সমষ্টিয়ে সংখ্যালঘূ প্ৰধান। বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই নিজে উল্লেখ কৰিছিল যে আজিৰ পৰ্যায়ত গেৰুৱা শিবিৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ আশংকা।
‘তৃতীয় পৰ্যায়ত আমি কম আসনত প্ৰতিদ্বন্দিতা কৰিছো। এই পৰ্যায়ত বেছিভাগ আসনত আমাৰ সহযোগী দলসমূহ প্ৰতিদ্বন্দিতা কৰিছে।’ শৰ্মাই কৈছিল।
অন্যহাতে বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত অধিক আসন জিকাৰ ক্ষেত্ৰত আত্মবিশ্বাস প্ৰকাশ কৰিছে। নিৰ্বাচনী প্ৰচাৰত আনকি আজমল কেম্পে মুকলিকৈ ‘উজনি বিজেপিৰ আৰু নামনি আমাৰ’ জাতীয় মন্তব্য কৰিবলৈও কুণ্ঠাবোধ কৰা নাই। ভোট যাতে বিভাজন নহয় তাৰ কাৰণে কংগ্ৰেছ আৰু এআইইউডিএফ এইবাৰ একেলগে নিৰ্বাচনত যুঁজাৰ সিদ্ধান্ত লৈছিল। অৱশ্যে তাৎপৰ্যপূৰ্ণ যে উজনি অসমত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে সহযোগী কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ নচলালে। ইয়াৰ পৰিৱৰ্তে শেহতীয়াকৈ মুছলমান অধ্যুষিত এলেকাত বদৰুদ্দিন আজমলে প্ৰচাৰ তীব্ৰতৰ কৰিছিল। নামনি অসম আৰু বৰাকৰ সংখ্যালঘূ অধ্যুষিত এলেকাত জনসভাসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আজমলে।
২০১৬ চনৰ বিধানসভা নিৰ্বাচনবিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফে বেলেগে যুঁজিছিল। কংগ্ৰেছে ৩০.৯শতাংশ ভোট শ্বেয়াৰ আৰু এআইইউডিএফে ১৩ শতাংশ ভোট পাইছিল। অন্যহাতে বিজেপিয়ে ২৯.৫ শতাংশ ভোট পোৱাৰ বিপৰীতে সহযোগী অগপ আৰু বিপিএফে ক্ৰমে ৮.১ শতাংশ আৰু ৩.৯ শতাংশ ভোট পাইছিল।
ৰাজনৈতিক দলৰ দাবী যিমানেই প্ৰৱল নহওক কিয় বহু সময়ত ফলাফল অপ্ৰত্যাশিত হোৱা দেখা যায়। গতিকে সঠিক ফলাফলৰ কাৰণে ২ মে’লৈ অপেক্ষা কৰাৰ বাহিৰে এইমুহূৰ্তত গত্যন্তৰ নাই যিহেতু জনতা জনাৰ্দনেই সৰ্বোপৰি।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|