• Home
  • »
  • News
  • »
  • explained
  • »
  • Why Indian Students Choose Ukraine: ইউক্ৰেইনলৈ কিয় পঢ়িবলৈ যায় অসম বা ভাৰতৰ ছাত্ৰ-ছাত্ৰী, কি কাৰণত উচ্চ শিক্ষাৰ বাবে প্ৰিয় ঠাই হৈ পৰিছে ইউক্ৰেইন,জানিলে হ'ব আচৰিত

Why Indian Students Choose Ukraine: ইউক্ৰেইনলৈ কিয় পঢ়িবলৈ যায় অসম বা ভাৰতৰ ছাত্ৰ-ছাত্ৰী, কি কাৰণত উচ্চ শিক্ষাৰ বাবে প্ৰিয় ঠাই হৈ পৰিছে ইউক্ৰেইন,জানিলে হ'ব আচৰিত

Why Indian Students Choose Ukraine: বিদেশলৈ পঢ়িব যোৱাৰ কথা ক'লে সচৰাচৰ ইউক্ৰেইনৰ নাম আমাৰ মনলৈ নাহে। তেন্তে ইমান বৃহৎ সংখ্য ছাত্ৰ-ছাত্ৰী কিয় ইউক্ৰেইনলৈ পঢ়িব যায়। 

Why Indian Students Choose Ukraine: বিদেশলৈ পঢ়িব যোৱাৰ কথা ক'লে সচৰাচৰ ইউক্ৰেইনৰ নাম আমাৰ মনলৈ নাহে। তেন্তে ইমান বৃহৎ সংখ্য ছাত্ৰ-ছাত্ৰী কিয় ইউক্ৰেইনলৈ পঢ়িব যায়। 

Why Indian Students Choose Ukraine: বিদেশলৈ পঢ়িব যোৱাৰ কথা ক'লে সচৰাচৰ ইউক্ৰেইনৰ নাম আমাৰ মনলৈ নাহে। তেন্তে ইমান বৃহৎ সংখ্য ছাত্ৰ-ছাত্ৰী কিয় ইউক্ৰেইনলৈ পঢ়িব যায়। 

  • Share this:
ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ (Russia Ukrain War) কৰাৰ লগে লগে তাত থকা ভাৰতীয় আৰু অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে। ইউক্ৰেইন (Ukraine)ৰ পৰা নিজ দেশলৈ উভতি আহিবলৈ সকলোৱে এতিয়া অধীৰ হৈ আছে। ইউক্ৰেইনত ভাৰতীয় দূতাবাসত এতিয়া স্বদেশলৈ প্ৰত্য়াৱৰ্তন কৰিব বিচৰা লোক, ছাত্ৰ-ছাত্ৰীৰ ভিৰ। কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী উভতি আহিবলৈ সক্ষম হৈছে যদিও বহুতেই এতিয়াও ইউক্ৰেইনত আবদ্ধ হৈ আছে। মুখ্যমন্ত্ৰীয়ে জনোৱা মতে অসমৰ ১০০ৰ অধিক ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনত আছে।  বিশেষকৈ ইউক্ৰেইনে বিমানঘাটিসমূহ বন্ধ কৰি ৰখাত ভীষণ সমস্যা হৈছে। ইয়াৰ মাজতে সাধাৰণ লোকৰ মাজত কৌতূহল হৈছে যে ভাৰতৰ বা অসমৰ ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনলৈ কিয় পঢ়িব যায়। কাৰণ বিদেশলৈ পঢ়িব যোৱাৰ কথা ক'লে সচৰাচৰ ইউক্ৰেইনৰ নাম আমাৰ মনলৈ নাহে। তেন্তে ইমান বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী কিয় ইউক্ৰেইনলৈ পঢ়িব যায়।

ইউক্ৰেইনত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰথম পছন্দ হৈছে খাৰকিভত থকা খাৰকিভ নেচনেল মেডিকেল ইউনিভাৰছিটী (Kharkiv National Medical University)। বেছিভাগ ভাৰতীয় ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনলৈ যায় চিকিৎসা বিজ্ঞান পঢ়িবলৈ। ইউক্ৰেইনৰ  নেচনেল মেডিকেল ইউনিভাৰছিটীৰ পাঠ্যক্ৰম ভাৰতৰ MBBS পাঠ্যক্ৰমৰ দৰেই। ৫ বছৰীয়া এই পাঠ্যক্ৰমৰ সৈতে আছে ১ বছৰীয়া বাধ্যতামূলক সেৱা। ইয়াৰ উপৰি কোনোবাই পিজি বা বিশেষজ্ঞ পাঠ্যক্ৰম পঢ়িব বিচাৰিলে আৰু ৪ বছৰ পঢ়িব পাৰে। অৰ্থাৎ মুঠ ১০ বছৰীয়া এক পাঠ্যক্ৰম।

খাৰকিভ নেচনেল মেডিকেল ইউনিভাৰছিটীত নামভৰ্তি কৰিবলৈ কিছু সহজ। NEWS18ৰ সৈতে হোৱা এক কথা-বতৰাত ইউক্ৰেইনত পঢ়ি থকা কৰ্ণাটকৰ এজন ছাত্ৰ চেন্নাৱীৰেশে (Chennaveeresh) কয় যে PUCত ৭৩ শতাংশ নম্বৰ লাভ কৰি সৰ্বভাৰতীয় NEET পৰীক্ষাত  ৩৭০ স্থান লাভ কৰাৰ পিছত তেওঁ ইউক্ৰেইনলৈ পঢ়িবলৈ গৈছিল। ২০২১ চনৰ ৪ অক্টোবৰত ভাৰত এৰিছিল তেওঁ। তেওঁৰ খেতিয়ক পিতৃৰ সপোন আছিল ৬ বছৰ পিছত ডাক্টৰ হৈ উভতিব তেওঁৰ কনিষ্ঠ পুত্ৰ।

ইউক্ৰেইনত পঢ়িবলৈ যেৱাৰ প্ৰধান কাৰণ হৈছে ইয়াৰ নিম্ন খৰছ। ইউক্ৰেইনত মেডিকেল ছাত্ৰ এজনৰ পঢ়াৰ খৰচ এবছৰত ৫ৰ পৰা ৬ লাখৰ ভিতৰত হৈ যায়। ইয়াত পঢ়া খৰছ, থকা, খোৱা আৰু পকেট খৰছো সোমাই আছে। কিন্তু একেই পাঠ্য়ক্ৰম ভাৰতৰ কোনো ব্য়ক্তিগত   প্ৰতিষ্ঠানত পঢ়িবলৈ হ'লে ১৫ লাখৰ পৰা ১ কোটি টকালৈ খৰছ হয়। ইউক্ৰেইনলৈ যাওতে প্ৰথম বছৰতে VISA বা অন্য নথিৰ বাবে অলপ অতিৰিক্ত খৰছ হয় যদিও পিছৰ বছৰৰ পৰা বছৰি ৫ লাখ টকাত এজন ছাত্ৰই আৰামত পঢ়িব পাৰে।

আনহাতে ইউক্ৰেইনৰ মেডিকেল পাঠ্যক্ৰম বিশ্ব স্বাস্থ্য পৰিষদ (World Health Council)ৰ দ্বাৰা স্বীকৃত আৰু ভাৰততো ইউক্ৰেইনৰ এই পাঠ্য়ক্ৰম স্বীকৃত আৰু Indian Medical Councilএ ইয়াক স্বীকৃতি দিছে।। কেৱল ভাৰতত  NEXT (National Exit Test) পৰীক্ষাটো দি উঠি দেশৰ যিকোনো ঠাইত ডাক্টৰী আৰম্ভ কৰিব পাৰে ইউক্ৰেইনত পঢ়ি অহা এজন ছাত্ৰই।
Published by:Manjumoni Borah
First published: