দেশত কোৰোণাৰ সংহাৰৰ মাজতেই ভূতৰ ওপৰত দানহ পৰা দি পৰা ব্লেক ফাংগাছৰ বা মিউকোৰমাইকোচিছৰ ঘটনাই আতংকিত কৰি ৰাখিছে সকলোকে । দেশৰ কেইবাখনো ৰাজ্যত বহুলোক এই ভেঁকুৰত আক্ৰান্ত হৈ দৃষ্টি শক্তি হেৰুৱাৰ লগতে মৃত্যুও হৈছে বহুলোকৰ । এনে পৰিস্থিতি ই সন্ত্ৰাসৰ আন এক নাম হৈ পৰিছে ।
ব্লেক ফাংগাছক লৈ চলি থকা এই আতংকৰ মাজতে এইবাৰ হোৱাইট ফাংগাছ (White Fungus)ৰ আবিৰ্ভাৱে আন এক চিন্তাত পেলাইছে সকলোকে ।
জানিব পৰা মতে বিহাৰত হোৱাইট ফাংগাছৰ সংক্ৰমণ সম্পৰ্কীয় ঘটনা পোহৰলৈ আহিছে । আৰু ইয়াৰ পিছতে স্বাস্থ্য বিশেষজ্ঞসকলে এই ফাংগাছক ব্লেক ফাংগাছতকৈও অধিক বিপদজনক হিচাপে প্ৰমাণিত হ'ব পাৰে বুলি মত প্ৰকাশ কৰিছে ।
হোৱাইট ফাংগাছ সম্পৰ্কীয় খবৰ -কোভিডৰ বৰ্ধিত সংক্ৰমণৰ ঘটনাৰ মাজতে বিহাৰত হোৱাইট ফাংগাছ সংক্ৰমণৰ ৪টা ঘটনা পোৱা গৈছে । ফ্ৰণ্টলাইন কৰ্মী হিচাপে কাম কৰি থকা এগৰাকী চিকিৎসকো আক্ৰান্ত হৈছে এই ৰোগত । যদিও হোৱাইট ফাংগাছৰ সংক্ৰমণ আন ৰাজ্যলৈ বিয়পাৰ কোনো তথ্য লাভ কৰা নাই । ইপিনে চিকিৎসা বিশেষজ্ঞসকলে হোৱাইট ফাংগাছ, ব্লেক ফাংগাছৰ তুলনাত অধিক বিপদজনক হ'ব পাৰে আশংকা কৰিছে ।
হোৱাইট ফাংগাছৰ লক্ষণবোৰ কেনেধৰণৰ- যিহেতু এই সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে, ইয়াৰ সৈতে সম্পৰ্কিত লক্ষণ আৰু বিপদজনক লক্ষণবোৰ জনাটো গুৰুত্বপূৰ্ণ । এতিয়ালৈ জানিব পৰা মতে হোৱাইট ফাংগাছে শৰীৰৰ গুৰুত্বপূৰ্ণ কাৰ্যপ্ৰণালীক আক্ৰমণ কৰিব পাৰে ।
ইপিনে হোৱাইট ফাংগাছত আক্ৰান্ত হোৱা চাৰিগৰাকী ৰোগীৰ কোভিডসদৃশ লক্ষণ দেখা গৈছে যদিও তেওঁলোক আটাইকেইগৰাকীকে কোভিড নিগেটিভৰূপে চিনাক্ত কৰা হৈছে ।
চিকিৎসা বিশেষজ্ঞসকলে লগতে পৰামৰ্শ দিছে যে যিদৰে কোভিড১৯ৰ গুৰুতৰ ৰোগীৰ ক্ষেত্ৰত অতিৰিক্ত স্কেনৰ প্ৰয়োজন হয়, একেদৰে হোৱাইট ফাংগাছৰ সংক্ৰমণ চিনাক্ত কৰিবলৈও HRCT স্কেনৰ দৰে পৰীক্ষাৰ প্ৰয়োজন হ'ব পাৰে।
ব্লেক ফাংগাছৰ দৰে হোৱাইট ফাংগাছেও দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোককে সংক্ৰমিত কৰিব । গুৰুতৰ ৰোগত ভুগি থকা ৰোগীসকলৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ আশংকা বেছি।
এই ৰোগত গৰ্ভৱতী মহিলা আৰু শিশুৰো সংক্ৰমণৰ আশংকা থাকে । সেয়েহে ছেনিটাইজেচন, বজাৰৰ সামগ্ৰী বীজাণুমুক্তকৰণ, ওচৰৰ পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিয়া উচিত যাতে ৰোগীয়ে ভালদৰে উশাহ-নিশাহ ল'ব পাৰে আৰু পোনপটীয়াকৈ সংক্ৰমিত নহয় ।
(https://www.jagran.com/lifestyle/health-now-white-fungus-is-more-dangerous-than-black-fungus-know-its-symptoms-21661120.html)অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|