দেশত পুনৰ চলিছে কোৰোণাৰ সংহাৰ ৷ দ্ৰুতগতিত প্ৰতিদিনে বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা । এনে পৰিস্থিতিত, অদূৰ ভৱিষ্যতে ৰাজ্যসমূহৰ স্বাস্থ্য প্ৰণালীৰ ওপৰত যথেষ্ট বোজা পৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ বাবে সাজু হৈ পৰিছে সকলো ৰাজ্য । এনে পৰিস্থিতিত এতিয়া টিকাকৰণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাৰ কথা কৈ থকা হৈছে । এই কোভিদ ভেকচিনৰ দুটা ড’জ গ্ৰহণ কৰিবলগীয়া হয়, কিন্তু যদি কোনো কাৰণত ভেকচিনৰ দ্বিতীয়টো ড’জ লোৱা নহয়, তেন্তে কোনো সমস্যাৰ সৃষ্টি হ’ব পাৰে নেকি তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে ৷
ভেকচিনৰ প্ৰতি ভয় -
দেশত কোভিড ভেকচিনৰ টিকা গ্ৰহণকাৰীৰ সংখ্যা ১০ কোটিতকৈ অধিক হৈছে যদিও ইয়াৰ দ্বিতীয়টো ড’জ গ্ৰহণ কৰিছে মাত্ৰ ২ কোটি লোকেহে । টিকা গ্ৰহণ কৰা লোকৰ সংখ্যা কেতিয়াবা কম আৰু কেতিয়াবা বৃদ্ধি হোৱা দেখা যায় । বহুলোকে এতিয়া হয়টো টিকা গ্ৰহণৰ পৰা আঁতৰি আছে বা ইয়াক লৈ অসাৱধান হৈ আছে । আনকি পঞ্জীয়ন কৰাৰ পিছতো বহুলোকে ভেকচিন গ্ৰহণৰ বাবে কেন্দ্ৰত উপস্থিত হোৱা নাই । ইফালে একাংশই ভেকচিনৰ দ্বিতীয়টো ড’জ গ্ৰহণ নকৰিলে কোনো সমস্যাৰ সৃষ্টি হ’ব পাৰে নেকি তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে ৷
কিয় এনেধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে -
দৰাচলতে, ভেকচিনৰ প্ৰথমটো ডজ লোৱাৰ পিছতে মানুহে বিভিন্ন পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হৈছে । সাধাৰণতে ভেকচিনৰ বিষয়ক লৈ লোকসকল ইতিমধ্যে ভয় খাই আছে যদিও টিকাকৰণৰ পিছত ইয়াৰ প্ৰভাৱ হিচাপে দেখা দিয়া জ্বৰ, দুৰ্বলতাই মানুহৰ ভয় দুগুণ বৃদ্ধি কৰিছে । যিদৰে কোৰোণাৰ ফলত স্বাস্থ্য প্ৰণালীৰ ওপৰত চাপ বৃদ্ধি পাইছে, ঠিক তেনেদৰে টিকাকৰণকাৰীৰ সংখ্যা বৃদ্ধিৰ বাবেও এক প্ৰকাৰৰ চাপ আছে । বহু ঠাইত ভেকচিনৰ অভাৱৰ প্ৰতিবেদনেও মানুহৰ মাজত আশংকাৰ সৃষ্টি কৰিছে।
দ্বিতীয়টো ড’জৰ প্ৰয়োজনীয়তা -
ভাৰতত প্ৰায় ৯ কোটি লোকে ভেকচিনৰ দ্বিতীয় পালিৰ বাবে অপেক্ষা কৰি আছে। তেওঁলোকে দ্বিতীয় পালিৰ বাবে সঠিক সময়ৰ বাবে অপেক্ষা কৰি আছে। এইটো স্পষ্ট যে বৰ্তমানে টিকাকৰণৰ বাবে জৰুৰীকালীন ঘটনা নাই । যদিও বিশেষজ্ঞসকলে কয় যে ভেকচিনৰ কাৰ্যকাৰিতা দ্বিতীয়টো ড’জৰ পিছতহে নিশ্চিত কৰা হ'ব। দ্বিতীয় ড’জৰ পিছতহে শৰীৰে কোভিড ১৯-ৰ সৈতে যুঁজিবলৈ ভালদৰে প্ৰস্তুত হ'ব ।
যদি দ্বিতীয়টো ড’জ গ্ৰহণ কৰা নাই -
ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যদি আপুনি সময়মতে ড’জ গ্ৰহণ নকৰে, তেন্তে ভেকচিনৰ প্ৰভাৱ যিমান হ'ব লাগে সেই অনুপাতে নহ'ব । ভেকচিনে কাৰ্যকৰীভাৱে কাম কৰাৰ বাবে, নিৰ্ধাৰিত অনুসৰি দুটা ড’জৰ মাজত সঠিক সময়ৰ ব্যৱধান থকাটোও অতিকে প্ৰয়োজনীয়। এই ক্ষেত্ৰত, যদি এজন ব্যক্তিয়ে সময়মতে আন এটা ড’জ গ্ৰহণ কৰিবলৈ সক্ষম নহয়, তেন্তে সমস্যাৰো সৃষ্টি হ'ব পাৰে।
দুটা ড’জেই কিয় প্ৰয়োজন ?
ভেকচিনে আমাৰ শৰীৰক কোভিড ১৯ ভাইৰাছৰ বিৰুদ্ধে এণ্টিবডী সৃষ্টি কৰিবলৈ প্ৰস্তুত কৰে যি হৈছে এক সময়সীমাবদ্ধ প্ৰক্ৰিয়া । সেয়েহে এইটো এটা দুই ড’জৰ ভেকচিন। দ্বিতীয়টো ড’জে ব্যক্তিজনৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৈতে কোভিদ১৯ সুৰক্ষা প্ৰণালী সঠিকভাৱে বিকশিত কৰাত সহায় কৰে।
ইয়াৰ পৰা কি হ'ব ?
দ্বিতীয়টো ড’জে ভেকচিনৰ কাৰ্যকাৰিতা দীঘলীয়া আৰু অধিক প্ৰভাৱিত কৰে। যদি ভেকচিনৰ কাৰ্যকাৰিতা ৯৪ শতাংশ হয়, তেন্তে প্ৰথমটো ড’জে ৬০ শতাংশ সুৰক্ষা প্ৰদান কৰে আৰু দ্বিতীয়টো ড’জে ইয়াক ৯৪ শতাংশলৈ লৈ যোৱাত সহায় কৰে । যদি দ্বিতীয়টো ড’জ সময়মতে গ্ৰহণ কৰা নহয়, তেন্তে প্ৰথমটো ড’জৰ কাৰ্যকাৰিতাও সময়ৰ সৈতে ৬০ শতাংশ হ্ৰাস পাব । গতিকে দ্বিতীয় ড’জটো অতি প্ৰয়োজনীয়।
লক্ষণীয় যে বিশেষজ্ঞসকলে বৰ্তমানেও ভেকচিনৰ আন এটা পালি গ্ৰহণ নকৰিলে কি প্ৰভাৱ হ’ব পাৰে তাক মূল্যায়ন কৰাৰ অৱস্থাত নাই । কিন্তু এইটো নিশ্চিত যে ভেকচিনৰ সঠিক কাৰ্যকাৰিতা দ্বিতীয়টো ড’জতেই আছে ।