আমি সকলোৱে জানো যে কোভিড হৈছে Novel Corona Virus (SARS COV 2 Virus) নামৰ ভাইৰাছৰ ফলত হোৱা এক হাঁওফাঁওৰ ৰোগ । ২০১৯ বৰ্ষৰ ৩১ ডিচেম্বৰত বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা জাননীৰ পিছতে ইয়াক কোভিড–১৯ নাম দিয়া হৈছিল। ই মুখ আৰু নাকেৰে শৰীৰত প্ৰৱেশ কৰে বায়ু নলীৰ মাজেৰে হাঁওফাঁওলৈ যায় আৰু কোভিড নিউম'নিয়াৰ সৃষ্টি কৰে । সেয়েহে কোভিড নিউম'নিয়াৰ বিষয়ে চিকিত্সকে জনোৱা এইকেইটা গুৰুত্বপূৰ্ণ কথা জানি থোৱা দৰকাৰ-
হাঁওফাঁও কি ?
হাঁওফাঁও জীৱৰ অতি প্ৰয়োজনীয় শ্বাস অংগ । বায়ুনলীৰ সৈতে বাহিৰৰ বায়ুমণ্ডলৰ সৈতে আমাৰ হাঁওফাঁও সংযুক্ত হৈ থাকে। সোঁ হাঁওফাঁওক ওপৰ, মধ্য আৰু তলৰ লোব নামৰ তিনিটা ভাগত বিভক্ত কৰা হয় আৰু বাঁও হাঁওফাঁওক দুটা ভাগত ওপৰ আৰু তলৰ লোবত বিভক্ত কৰা হয়। প্ৰায় ২০% অক্সিজেন থকা আমাৰ চাৰিওফালৰ বায়ু এক সাধাৰণ বায়ুনলীৰ জৰিয়তে মুখ আৰু নাকেৰে উশাহত আমাৰ হাঁওফাঁওলৈ যায় ।
হাঁওফাঁওত অসংখ্য এলভেৱলীত থাকে , যি উশাহত লোৱা বায়ু ভৰ্তি কৰি সম্প্ৰসাৰিত হয় আৰু নিশাহত খালী হৈ পৰে। এলভেৱলীয়ে অক্সিজেন তেজলৈ স্থানান্তৰ কৰে আৰু শৰীৰৰ মূৰৰ পৰা ভৰিলৈ সকলো কোষক যোগান ধৰে। বিনিময়ত ইয়ে কোষবোৰৰ পৰা কাৰ্বন ডাই অক্সাইডৰ দৰে বেয়া গেছবোৰ আহৰণ কৰে আৰু বাহিৰৰ পৰিৱেশলৈ উলিয়াই দিয়ে । ইয়াক এয়াৰ এক্সচেঞ্জ বুলি কোৱা হয়। আমাৰ শৰীৰৰ সকলো কোষ, কলা, অংগবোৰ জীয়াই থাকিবলৈ অক্সিজেনৰ প্ৰয়োজন।
নিউম'নিয়া কি?
নিউমোনিয়া হৈছে হাঁওফাঁওৰ এক ৰোগ, যি তেজক প্ৰয়োজনীয় অক্সিজেন প্ৰদান কৰিবলৈ ইয়াৰ কাৰ্যক্ষমতা হ্ৰাস কৰে। বেক্টেৰিয়া, ভাইৰাছ আৰু ভেঁকুৰৰ দৰে জীৱাণুৰ সংক্ৰমণৰ ফলত ইয়াৰ সৃষ্টি হ'ব পাৰে। নিউমোনিয়াৰ ফলত এলভেৱলীত পানীৰ দৰে তৰল পদাৰ্থ ভৰ্তি হ'ব পাৰে আৰু বায়ুৰ বাবে কোনো স্থান বাকী নাথাকে, সেয়েহে ইয়াৰ তেজলৈ অক্সিজেন যোগান বন্ধ হৈ পৰে ।
নিউম'নিয়া কেনেদৰে হয়?
এই জীৱাণুবোৰ এলভেৱলীত বৃদ্ধি হয় আৰু ইয়াক পূৰণ কৰে। আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে জীৱাণুবোৰ ধ্বংস কৰিবলৈ পুনৰ যুঁজ দিয়ে, প্ৰদাহৰ ফলত হাঁওফাঁওত তৰল অৰ্থাত্ পানীৰ দৰে পদাৰ্থ আৰু মৃত কোষ জমা হয় আৰু বায়ু বিনিময়ৰ বাবে কোনো স্থান নাথাকে, ফলত কাঁহ আৰু উশাহ চুটি হোৱাৰ দৰে লক্ষণ দেখা দিয়ে।
কোভিড নিউম'নিয়া আন নিউম'নিয়াতকৈ কেনেদৰে পৃথক?
লক্ষণৰ ওপৰত ভিত্তি কৰি কোৰোণা ভাইৰাছৰ ফলত হোৱা নিউম'নিয়াক আন ভাইৰাছ, বেক্টেৰিয়া বা ভেঁকুৰৰ ফলত হোৱা নিউম'নিয়াৰ মাজত পাৰ্থক্য বিচাৰি উলিওৱাটো কঠিন। সঠিক কাৰণ বিচাৰিবলৈ ইয়াৰ ওপৰত গৱেষণাৰ প্ৰয়োজন আছে । কিছুমান গৱেষণাত দেখা গৈছে যে কোৰোণা ভাইৰাছে হাঁওফাঁওৰ সৰু এলেকাবোৰ আৱৰি ৰাখে । ইয়াৰ পিছতে বহু দিন বা সপ্তাহৰ ভিতৰত হাঁওফাঁওত বিয়পিবলৈ নিজৰ প্ৰতিৰোধী কোষবোৰ ব্যৱহাৰ কৰে। সংক্ৰমণ লাহে লাহে যেতিয়া হাঁওফাঁওলৈ যায়, তেতিয়া ইয়াৰ ফলত জ্বৰ, কাঁহ, শ্বাসকষ্টৰ লগতে ৰোগীৰ বৃক্ক, মগজু, হৃদযন্ত্ৰ আৰু অন্যান্য অংগৰ ক্ষতি কৰিবলৈ লয়।
কোভিড–১৯ৰ সকলো ৰোগীয়ে নিউমনিয়াত ভোগে নেকি?
নহয়, কোভিড–১৯ত আক্ৰান্ত সকলো ৰোগীয়ে নিউম'নিয়াত ভুগিবলগীয়া নহয় । ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ লোক, উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু হাঁওফাঁওৰ সমস্যা, ডায়েবেটিচ, অত্যধিক শকত বা কৰ্কট ৰোগৰ দৰে ভিন্ন সমস্যা থকা লোকসকলৰ ক্ষেত্ৰত গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা অধিক। যদিও যিকোনো ব্যক্তিয়েই কোভিড–১৯ত অসুস্থ হ'ব পাৰে । কোভিডৰ লক্ষণ দেখা লোকসকলৰ অধিকাংশ অৰ্থাত্ প্ৰায় ৮০% লোকেই চিকিৎসালয়ত চিকিৎসাৰ প্ৰয়োজন নোহোৱাpneumoniaকৈ ৰোগটোৰ পৰা সুস্থ হৈ উঠে । প্ৰায় ১৫% লোকহে গুৰুতৰভাৱে অসুস্থ হয় আৰু অক্সিজেনৰ প্ৰয়োজন হয় আৰু ৫% লোকৰ অৱস্থা বেয়াৰ দিশে গতি কৰে আৰু ভেণ্টিলেটৰৰ দৰে সহায়ৰ প্ৰয়োজন হয়। গতিকে কোৰোণাৰ পৰা মৃত্যু হোৱাৰ সম্ভাৱনা অতি কম, কিন্তু মানসিক চাপ আৰু উদ্বেগৰ বাবে অক্সিজেনৰ চাহিদা বহুগুণে বৃদ্ধি হয়, ফলত লক্ষণবোৰ বৃদ্ধি হয়। সেয়েহে, শাৰীৰিক আৰু মানসিক শান্তি বা জিৰণিৰ অতি প্ৰয়োজন ।
সঠিক চিকিৎসাৰ দ্বাৰা নিউম'নিয়া কিমান দিনত ঠিক হৈ উঠে ?
আন নিউমনিয়াৰ তুলনাত কোভিড নিউমোনিয়া ঠিক হ'বলৈ অধিক সময় লাগে । সপ্তাহ বা মাহজোৰা সময় লাগিব পাৰে। সম্পূৰ্ণৰূপে সুস্থ হ'বলৈ খুব কম ক্ষেত্ৰত কেতিয়াবা ৬ মাহৰ সময়ো লাগে। কিছুমান ক্ষেত্ৰত ই স্থায়ী ক্ষতি কৰিব পাৰে, যদিও ক্ষতিগ্ৰস্ত অংশৰ দায়িত্ব গ্ৰহণ কৰি বাকী অংশই প্ৰয়োজনীয় অক্সিজেন সংপৃক্ততা বজাই ৰাখে ।
কোভিডৰ পিছৰ পৰ্যায়ত নিজকে সুস্থ কৰি ৰাখিবলৈ কি কৰিব ?
চিকিৎসকৰ পৰামৰ্শ কঠোৰভাৱে পালন কৰক । প্ৰণ পজিচনৰে বুকুৰ ফিজিঅ'থেৰাপী অভ্যাস কৰক। স্বাস্থ্যকৰ জীৱন শৈলী আঁকোৱালি লোৱাৰ লগতে আহাৰৰ ক্ষেত্ৰতো যত্ন লওক। মানসিক আৰু শাৰীৰিক সুস্থতাৰ বাবে ধ্যান আৰু যোগাসন কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|