Benefits Of Long term Investment: জানি লওক আগতীয়া বিনিয়োগৰ সুবিধা, লাভত থাকিব আপুনি ....

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:58 PM IST
Benefits Of Long term Investment: জানি লওক আগতীয়া বিনিয়োগৰ সুবিধা, লাভত থাকিব আপুনি ....
Know what is the difference between Long term Investment and short Investment? কম বয়স আৰু অধিক বয়সত বিনিয়োগ আৰম্ভ কৰিলে সঞ্চয়ত কেনেধৰণৰ পাৰ্থক্য অহাৰ সম্ভাৱনা থাকে?

Know what is the difference between Long term Investment and short Investment? কম বয়স আৰু অধিক বয়সত বিনিয়োগ আৰম্ভ কৰিলে সঞ্চয়ত কেনেধৰণৰ পাৰ্থক্য অহাৰ সম্ভাৱনা থাকে?

  • Share this:
কম বয়স আৰু অধিক বয়সত আৰম্ভ কৰাৰ বিনিয়োগৰ (Long Term Investment and Short Term Investment) পৰা সঞ্চয় ধনত (Investment or Benefit of Investment) কি ধৰণৰ পাৰ্থক্য আহে সেই বিষয়ে জানি লোৱাটো অতি প্ৰয়োজন । কিয়নো ই হৈছে মূলধন আৰু মিশ্ৰিত সুতৰ (Capital and Compound Interest) গুণকৰ খেল। আমি ইয়াক উদাহৰণৰ দ্বাৰা ব্যাখ্যা কৰিব পাৰো।

দুজন বন্ধুৰ তুলনা কৰি ইয়াক বাখ্যা কৰিব পাৰি। যেনে ছোনিয়া আৰু পিটাৰ। ছোনিয়াই প্ৰতি বছৰে ৭৫০ টকাৰ পৰা আৰম্ভ কৰে । তেওঁ ১৫ বছৰ বয়সৰ পৰাই বিনিয়োগ কৰা আৰম্ভ কৰিছে আৰু ১৫ বছৰৰ পিছত বন্ধ কৰি দিয়ে ।

আনহাতে পিটাৰে প্ৰতি বছৰে ৫ হাজাৰ টকাৰ সৈতে বিনিয়োগ কৰা আৰম্ভ কৰিছে । সেই সময়ত তেওঁৰ বয়স ৩০ বছৰ আৰু তেওঁ ৬০ বছৰ বয়সলৈকে বিনিয়োগ কৰি আছে । ছোনিয়াই ১৫ বছৰৰ বাবে বিনিয়োগ কৰিছিল বিপৰীতে পিটাৰে ৩০ বছৰৰ বাবে বিনিয়োগ কৰিছিল।

যদি দুয়োগৰাকীয়ে একেলগে কৰৰ পিছত ১৫ শতাংশ বাৰ্ষিক ৰিটাৰ্ণ লাভ কৰে তেন্তে ৬০ বছৰ বয়সত কাৰ অধিক সম্পত্তি থাকিব?

১৫ ৰ পৰা ৩০ বছৰ বয়সলৈ ছোনিয়াই প্ৰতি মাহে কৰা ৭৫০ টকা সঞ্চয়ে ৬০ বছৰ বয়সত ২৭.৭ লাখ টকা জমা কৰিব । অন্যহাতে, পিটাৰৰ প্ৰতি বছৰে ৫ হাজাৰ টকাৰ সঞ্চয়ে ৩০ৰ পৰা ৬০ বছৰ বয়সত তেওঁৰ বাবে জমা কৰিব ২৫ লাখ টকা।

দুয়োৰে হাতত বিনিয়োগতকৈ বহুত ভাল সঞ্চয় থাকিব। ছোনিয়াই বছৰত কম টকা বিনিয়োগেকে অধিক ধন সঞ্চয় কৰাত সফল হ'ব । সেয়েহে, কম বয়সত বিনিয়োগ কৰা আৰম্ভ হ'ব লাগে। এই উদাহৰণৰ দ্বাৰা বুজিব পাৰি কম বয়সত বিনিয়োগ আৰম্ভ কৰাৰ সুবিধাৰ বিষয়ে ।

সংক্ষেপতে যদি কোৱা হয়, মূলধনৰ ওপৰত মিশ্ৰিত সুতে আশ্চৰ্যজনক ভাৱে কম বয়সতে বিনিয়োগ কৰাসকলৰ জমা ধনৰ পৰিমাণ দ্ৰুততাৰে বৃদ্ধি কৰে। যেতিয়াই আপুনি প্ৰতি বছৰে বিনিয়োগ কৰে, আপুনি জানিব আপোনাৰ ধন আপোনাৰ বাবে কাম কৰি আছে ।
First published: March 16, 2021, 3:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি