• Home
  • »
  • News
  • »
  • explained
  • »
  • Decoding Long Covid: কোৰোনা মুক্ত হোৱাৰ পিছতেই বৃদ্ধি পায় Diabetes আৰু Thyroidৰ শংকা ! কি কয় বিশেষজ্ঞই জানি লওক ...

Decoding Long Covid: কোৰোনা মুক্ত হোৱাৰ পিছতেই বৃদ্ধি পায় Diabetes আৰু Thyroidৰ শংকা ! কি কয় বিশেষজ্ঞই জানি লওক ...

কোৰোণাৰ পৰা আৰোগ্য হোৱাৰ পিছতো মানুহে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। কোৰোণাৰ পিছত দেখা দিয়া এনে সমস্যাবোৰক 'লং কোভিড' ( Long Covid) বুলি কোৱা

কোৰোণাৰ পৰা আৰোগ্য হোৱাৰ পিছতো মানুহে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। কোৰোণাৰ পিছত দেখা দিয়া এনে সমস্যাবোৰক 'লং কোভিড' ( Long Covid) বুলি কোৱা

কোৰোণাৰ পৰা আৰোগ্য হোৱাৰ পিছতো মানুহে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। কোৰোণাৰ পিছত দেখা দিয়া এনে সমস্যাবোৰক 'লং কোভিড' ( Long Covid) বুলি কোৱা

  • Share this:

কোৰোণাৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস পাইছে। দেশত যোৱা মাহত প্ৰতিদিনে প্ৰায় ৪ লাখ নতুন ঘটনা পোহৰলৈ আহিছিল। কিন্তু বৰ্তমান সময়ত প্ৰতিদিনে সংক্ৰমিত হোৱা লোকৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। অৱশ্যে চিন্তাৰ বিষয় যে কোৰোণাৰ পৰা আৰোগ্য হোৱাৰ পিছতো মানুহে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। কোৰোণাৰ পিছত দেখা দিয়া এনে সমস্যাবোৰক 'লং কোভিড' (Decoding Long Covid) বুলি কোৱা হয়। অৰ্থাৎ, কোৰোণাৰ পিছত দীঘলীয়া সময়ৰ বাবে মানুহৰ শৰীৰক প্ৰভাৱিত কৰি থকা ৰোগ। নিউজ ১৮-এ ৰোগীৰ এনে সমস্যাৰ সমূহক লৈ এটা শৃংখলা আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে চিকিৎসকসকলৰ মতামত আৰু কোৰোণা ৰোগৰ সমাধানৰ বিষয়ে আলোচনা কৰা হ'ব।


Decoding Long Covidৰ আজিৰ এই শৃংখলাতমুম্বাইৰ মুলুন্দস্থিত ফৰ্টিছ চিকিৎসালয়ৰ জ্যেষ্ঠ পৰামৰ্শদাতা আৰু এণ্ডোক্ৰিনোলজিষ্ট ড. শ্বেতা বুদিয়ালে বৰ্ণনা কৰিছে যে কিয় কোৰোণাৰ পৰা আৰোগ্য হোৱা ৰোগীসকলে ডায়েবেটিচ, ভাইৰেল থাইৰয়ডিটিছ আৰু অটোইমিউন ৰোগত ভুগি আছে। নিউজ ১৮-ৰ সৈতে এই সম্বন্ধে কথা পাতি ড. শ্বেতাই কয়যে এতিয়া সকলোৱে জানে যে ডায়েবেটিচ ৰোগীসকলৰ বাবে কোৰোণাৰ বিপদাশংকা বৃদ্ধি হৈছে। লং কোভিডৰ অধীনত ৰোগীসকলৰ বাবে ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাটো এক কঠিন প্ৰত্যাহ্বান।


কোৰোণাৰ পিছত ডায়েবেটিচ


ডাঃ শ্বেতাই কয় , 'ইয়াতকৈও গুৰুত্বপূৰ্ণ যে যিসকল ৰোগীৰ কেতিয়াও ডায়েবেটিচ হোৱা নাই বা ৰোগৰ বিপদাশংকা নাই, তেওঁলোকো কোৰোণাৰ পিছত ডায়েবেটিচৰ চিকাৰ হয়। কেৱল সেয়াই নহয়, বহু লোকৰ ক্ষেত্ৰত ৰক্ত শৰ্কৰাৰ স্তৰো যথেষ্ট বৃদ্ধি হয়। ই সাধাৰণতে ষ্টেৰয়ডৰ দীঘলীয়া সময়ৰ ব্যৱহাৰৰ বাবে হয়।'


থাইৰয়ড হৰমন বৃদ্ধি হোৱাৰ আশংকা


ডায়েবেটিচৰ উপৰিও কোৰাণা ৰোগীসকলৰ ক্ষেত্ৰত থাইৰয়ডৰ লক্ষণো দেখুৱায়। এই ৰোগৰ সময়ত থাইৰয়ড হৰমনৰ স্তৰ যথেষ্ট বৃদ্ধি পায়। চিকিৎসকে কৈছিল যে 'দেখা গৈছে যে আৰোগ্য পৰ্যায়তো থাইৰয়ড সম্পৰ্কীয় বহুতো সমস্যা হয়। কিছুমান ৰোগীৰ চাবচুট থাইৰয়ডিটিছ বা ভাইৰেল থাইৰয়ডিটিছ অনুভৱ হয়। এই সময়ছোৱাত জ্বৰ, ডিঙি বা কান্ধত বিষৰ দৰে অনুভৱ হয়। এই ধৰণৰ অৱস্থা আঠৰ পৰা বাৰ সপ্তাহলৈকে থাকে আৰু এনে অৱস্থাত চিকিৎসা অতি প্ৰয়োজনীয়।'


বিপদাশংকা


আৰোগ্য পৰ্যায়তো বহুতো ৰোগীয়ে অটোইমিউন সমস্যাৰ সন্মুখীন হয়। চিকিৎসকে উল্লেখ কৰিছে, 'আমি শিশুৰ ক্ষেত্ৰত কোভিডৰ পিছত টাইপ ১ ডায়েবেটিচ বৃদ্ধি হোৱাৰ প্ৰৱণতা দেখিছো। আমি ইনচুলিন অটোইমিউন হাইপোগ্লাইচেমিয়া চিন্ড্রোমৰ এক বিৰল ঘটনাও দেখিছো।' চিকিৎসকে এইটোও কৈছিল যে এনেকুৱা খবৰো আছে ভাইৰাছক অণ্ডকোষৰ পৰা উলিওৱা হৈছে। অৱশ্যে, ইয়াৰ প্ৰভাৱৰ ওপৰত এতিয়াও অধ্যয়ন কৰিবলৈ বাকী আছে।


ৰক্তচাপৰ ওপৰত গুৰুত্ব দিয়ক


মেটাবালিজ্যিমৰ ক্ষেত্ৰত বেছিভাগ কোভিড ৰোগীয়ে সাধাৰণতে ওজন হ্ৰাস কৰা আৰম্ভ কৰে, যিটো তেওঁলোকে সংক্ৰমণৰ পিছত পুনৰ প্ৰাপ্ত কৰে। চিকিৎসকে উল্লেখ কৰিছে - 'কোভিড দুৰ্বল স্বাস্থ্যৰ কাৰণ হ'ব পাৰে যাৰ বাবে কিছুমান ক্ষেত্ৰত ৰক্তচাপৰ ঔষধৰ পালি হ্ৰাস কৰিব লগা হ'ব পাৰে।' চিকিৎসকে লগতে কয় যে দীঘলীয়া কোভিডৰ সৈতে মোকাবিলা কৰোতে প্ৰতিটো শাৰীৰিক পৰিৱৰ্তন নিবিড়ভাৱে নিৰীক্ষণ কৰা প্ৰয়োজন আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

First published: