உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • explained
    • »
    • Explained: শেষ নহ'ল তালিবান, এতিয়া কেনে পৰিস্থিতি আফগানিস্তানত, পুনৰ মৌলবাদী সন্ত্ৰাসবাদৰ পৃষ্ঠভূমি হ'ব নেকি দেশখন?

    Explained: শেষ নহ'ল তালিবান, এতিয়া কেনে পৰিস্থিতি আফগানিস্তানত, পুনৰ মৌলবাদী সন্ত্ৰাসবাদৰ পৃষ্ঠভূমি হ'ব নেকি দেশখন?

    তালিবান উগ্ৰপন্থীসকলে আকৌ এবাৰ মহিলাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা দেখা গৈছে।

    তালিবান উগ্ৰপন্থীসকলে আকৌ এবাৰ মহিলাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা দেখা গৈছে।

    তালিবান উগ্ৰপন্থীসকলে আকৌ এবাৰ মহিলাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা দেখা গৈছে।

    • Share this:

    এক অমীমাংসিত সিদ্ধান্তত ৰৈ গ'ল আফগানিস্তান। অল–কায়দাৰ নেতা ওচামা বিন লাডেনে ২০০১ত আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰত  আক্ৰমণৰ পিছতে তদানীন্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বে আক্ৰমণ কৰিছিল তালিবান অধ্যুষিত আফগানিস্তান। এতিয়া ২০ বছৰজোৰা যুদ্ধৰ অন্তত আমেৰিকান সেনা আফগানিস্তানৰ পৰা বিদায় ল'ব ওলাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই আনুষ্ঠানিকভাৱে আফগান সেনাক ক্ষমতা হস্তান্তৰ কৰিছে। এনে অৱস্থাত তালিবানৰ মাজত বৃদ্ধি পাইছে শক্তি। এটাৰ পিছত আনটো অঞ্চল আফগান সেনাৰ দখলৰ পৰা নিজৰ আয়ত্তলৈ নিছে তালিবানে।


    ভাৰতে ঘূৰাই নিলে কূটনীতিবিদ


    তালিবানৰ লক্ষ্য হ'ল আকৌ এবাৰ সমগ্ৰ দেশ দখল কৰা। তালিবান উগ্ৰপন্থীসকলে ইতিমধ্যে পাহাৰীয়া অঞ্চলত বগাই চহৰখনত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে। কান্দাহাৰ আৰু গজনীৰ দৰে চহৰসমূহ দখল কৰা হৈছে। পৰিস্থিতি অধিক অৱনতি হোৱাৰ লগে লগে প্ৰায় ৫০গৰাকী ভাৰতীয় কূটনীতিবিদ আৰু দূতাবাসৰ কৰ্মচাৰীক বায়ু সেনাৰ জৰুৰীকালীন বিমানেৰে ঘৰলৈ ঘূৰাই আনিছে ভাৰতে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যৰ সহায় হেৰুৱাই আফগান সৈন্যসকল হতবাক হৈ পৰিছে।


    কি চলি আছে এতিয়া আফগানিস্তানত


    তালিবানৰ আক্ৰমণৰ বাবে ইতিমধ্যে ২ লাখতকৈও অধিক আফগান স্থানচ্যুত হৈছে। আফগান বাহিনীয়ে ৩৭৫খন জিলাৰ ২০০খনত তালিবানৰ বিৰুদ্ধে যুঁজ দি আছে। তাজিকিস্তান, উজবেকিস্তান আৰু ইৰাণৰ দৰে কেইবাখনো দেশৰ ১৮খন সীমান্ত জিলাত একেধৰণৰ সমস্যা দেখা দিছে। তালিবানৰ এটা উগ্ৰপন্থী গোটে দাবী কৰিছে যে আফগানিস্তানৰ ৮৫ শতাংশ বৰ্তমান তালিবানৰ নিয়ন্ত্ৰণত আছে। কান্দাহাৰৰ পিছত, তালিবান আৰু লস্কৰ-ই-তৈবা গোটবোৰেও এইবাৰ গজনীত প্ৰৱেশ কৰিছে। তেওঁলোকে সাধাৰণ লোকক গৃহবন্দী কৰি আছে।


    তালিবানে কি বিচাৰে


    তালিবানে কৈছে যে তেওঁলোকে চৰকাৰৰ সৈতে যুঁজিব নিবিচাৰে। তেওঁলোকৰ মতে আত্মসমৰ্পণকাৰী আফগান সেনাই সাধাৰণ বাসিন্দাসকলক তালিবানৰ কৰ্তৃত্ব গ্ৰহণৰ বাবে কোৱা উচিত।


    নাৰী অৱদমন আৰম্ভ


    তালিবান উগ্ৰপন্থীসকলে আকৌ এবাৰ মহিলাৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰা দেখা গৈছে। মহিলাৰ শিক্ষা, মুক্ত চলাচল, পোছাকৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মহিলাসকলক একাধিক ক্ষেত্ৰত সকলো সময়তে বোৰ্খা পৰিধানৰ নিৰ্দেশ দিয়া হৈছে। তালিবানে ছোৱালীসকলক বিদ্যালয়লৈ যাত্ৰা কৰাত বাধা দিছে। অভিভাৱক অবিহনে ঘৰৰ পৰা ওলাই বিয়াৰ অনুষ্ঠানত উপস্থিত থকাটো নিষিদ্ধ কৰিছে। নিৰ্দেশনা জাৰি কৰা হৈছে যে মহিলাসকলে পশুপালনৰ সৈতেও জড়িত হ'ব নোৱাৰে।


    নতশিৰ কৰিব নিবিচৰা আফগানী মহিলা


    তালিবানী হিংসাৰ বিৰুদ্ধে আফগানিস্তানৰ কেন্দ্ৰীয় ঘোৰ অঞ্চলত শ শ মহিলাই হাতত অস্ত্ৰ-শস্ত্ৰ লৈ ৰাজপথলৈ ওলাই আহিছে আৰু তালিবানৰ হিংসাৰ বিৰুদ্ধে তালিবানবিৰোধী শ্ল'গান দিছে। তেওঁলোকে দাবী কৰে যে যুদ্ধক্ষেত্ৰত হওক বা বাটত হওক, তেওঁলোকে আফগান সেনাৰ মনোবল বৃদ্ধি কৰিবলৈ আৰু তালিবান শাসন পুনৰ এবাৰ আৰম্ভ হোৱাত বাধা দিবলৈ প্ৰতিবাদত অংশগ্ৰহণ কৰিব বিচাৰে। যোৱা মাহত ঘোৰ অঞ্চলৰ কেইবাগৰাকীও আন্দোলনকাৰীয়ে মহিলাসকলক প্ৰশিক্ষণ দিবলৈ আৰু যুদ্ধক্ষেত্ৰত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়াৰ বাবে আবেদন কৰিছিল।


    মূৰ দাঙি উঠিছে পাকিস্তানী তালিবানে


    ২০১৭ চনৰ পৰা পাকিস্তানত তালিবানৰ প্ৰভাৱ হ্ৰাস পাইছিল। ২০২১ চনত নাটো বাহিনীৰ উপস্থিতি হ্ৰাস হোৱাৰ পিছত, হিন্দুকুশৰ সিপাৰে থকা সন্ত্ৰাসবাদী দলটোৱে পুনৰ বিস্তৃতি লাভ কৰে। পাকিস্তানৰ তেহরিক-ই-তালিবানেও আফগান তালি‍বানক আগবঢ়াইছে হাত। ফলত ২,৬১১ কিলোমিটাৰ পাক-আফগান পাহাৰীয়া সীমান্তত পুনৰ অস্থিৰতা বিৰাজ কৰিছে।


    বাৰে বাৰে অপৰাজেয় তালিবানৰ ইতিহাস


    তালিবানৰ জন্ম হৈছিল ১৯৭৯ চনত। তালিবান মানে ছাত্ৰ। সম্পূৰ্ণ ইছলাম ধৰ্মীয় ৰীতি–নীতিৰ আধাৰত গঢ় দিয়া এটা মৌলবাদী সংগঠন। আফগানিস্থানত থকা তেতিয়াৰ ছোভিয়েট ৰাছিয়াৰ শাসন ওফৰাই পেলাবলৈ আমেৰিকাৰ সহায়ত গঠন হৈছিল এই সংগঠন। অৱশেষত ১৯৮৯ চনত ৰাছিয়ান সেনা যোৱাৰ পিছত তালিবানে আফগানত প্ৰদৰ্শন কৰে বীৰত্ব। ১৯৯৬ চনত তালিবানে ৰাষ্ট্ৰপতি বুৰহানুদ্দিন ৰব্বানীৰ চৰকাৰ উৎখাত কৰে আৰু ৰাজধানী কাবুল দখল কৰে। টুইন টাৱাৰৰ আক্ৰমণৰ পিছত ২০০১ চনৰ ৭ অক্টোবৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনীয়ে আফগানিস্তানৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে। আৰু সেই বছৰেই ক্ষমতাসীন হয় তালিবান। কিন্তু আমেৰিকান সেনাৰ সৈতে অবিৰাম যুদ্ধত চামিল হয় বছৰ বছৰ ধৰি। অৱশেষত আমেৰিকায়ো শেষ কৰিব নোৱাৰিলে তালিবানক।

    Published by:Gautam Barman
    First published: