உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • explained
    • »
    • Fake Vaccination: ভুৱা কোভিড টিকাকৰণ কি আৰু কেনেকৈ ইয়াক চিনাক্ত কৰিব? সবিশেষ জানি লওক

    Fake Vaccination: ভুৱা কোভিড টিকাকৰণ কি আৰু কেনেকৈ ইয়াক চিনাক্ত কৰিব? সবিশেষ জানি লওক

    দ্ৰুতগতিত টিকাকৰণ অভিযান আৰম্ভ হোৱাৰ লগে লগে বহু ঠাইত ভুৱা কোৰোণা ভেকচিনৰ টিকা প্ৰদানৰো খবৰ লাভ কৰা গৈছে । 

    দ্ৰুতগতিত টিকাকৰণ অভিযান আৰম্ভ হোৱাৰ লগে লগে বহু ঠাইত ভুৱা কোৰোণা ভেকচিনৰ টিকা প্ৰদানৰো খবৰ লাভ কৰা গৈছে । 

    দ্ৰুতগতিত টিকাকৰণ অভিযান আৰম্ভ হোৱাৰ লগে লগে বহু ঠাইত ভুৱা কোৰোণা ভেকচিনৰ টিকা প্ৰদানৰো খবৰ লাভ কৰা গৈছে । 

    • Share this:

    কোৰোণাৰ দ্ৰুত সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ য'ত এফালে দেশত টিকাকৰণৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে, আনফালে আকৌ ভুৱা ভেকচিন প্ৰদানৰ ঘটনাও পোহৰলৈ আহিছে । দেশৰ কেইবাখনো ৰাজ্যৰ পৰা এনে খবৰ লাভ কৰা গৈছে, য'ত ভুৱা ভেকচিন প্ৰদান কৰা বহু তথ্য উন্মোচিত কৰা হৈছে । এনে ভুৱা ভেকচিন গ্ৰহণ কৰি একাংশ লোক অসুস্থ হৈ পৰাৰ লগতে আন একাংশই আকৌ ইয়াৰ দীৰ্ঘম্যাদী প্ৰভাৱক লৈ ভয় কৰি আছে । কিন্তু কিছুমান সহজ উপায়েৰে ভুৱা ভেকচিনৰ পৰা আঁতৰত থাকিব পাৰি।


    যদি কোনো ছ'চাইটী বা কলনীয়ে ইয়াৰ এলেকাত এটা ব্যক্তিগত ভেকচিন শিবিৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে, তেনেস্থলত আৱাসী কল্যাণ সংস্থাই স্থানীয় কৰ্তৃপক্ষকে ধৰি আৰক্ষীক অৱগত কৰা উচিত। যেতিয়ালৈকে ই সঁচা বুলি জনা নাযায়,  আগবাঢ়িব নালাগে। যদি সম্ভৱ হয়, RWA বা কৰ্পোৰেট কোম্পানীবোৰে নিজে আগবাঢ়ি আহিব লাগে আৰু তেওঁলোকৰ এলেকাত টিকাকৰণ শিবিৰ স্থাপন কৰিবলৈ এখন ব্যক্তিগত চিকিৎসালয়ৰ সৈতে চুক্তিবদ্ধ হ'ব লাগে।


    এনে কৰিলে ভুৱা ভেকচিন প্ৰদান কৰিব বিচৰাসকল সম্পৰ্কে সকলো তথ্য লাভ কৰিব পৰা যাব ব্যক্তিগত চিকিৎসালয়ৰ জৰিয়তেই ।


    টিকাকৰণৰ পৰিকল্পনা কৰা সকলো লোকেই CoWin প'ৰ্টেলত  পঞ্জীয়ন কৰিব লাগে। লগতে, CoWin প'ৰ্টেলত পঞ্জীয়ন নকৰা যিকোনো কেন্দ্ৰলৈ যোৱাৰ পৰা বিৰত থাকিব লাগে। লগতে, ভেকচিন লাভ কৰাৰ লগে লগে সকলোৱে কেন্দ্ৰৰ পৰা তেওঁলোকৰ টিকাকৰণ প্ৰমাণপত্ৰ বিচাৰিব লাগে। যদি কোনোৱে প্ৰমাণপত্ৰ দিবলৈ অনিচ্ছুক হয় বা যদি পলম হয়, ই সন্দেহজনক হ'ব পাৰে। অৰ্থাৎ ই ভুৱা ভেকচিন হ'ব পাৰে।


    কোৰোণা ভাইৰাছ ভেকচিন গ্ৰহণ কৰাৰ পিছত সকলোৱে জ্বৰ, মূৰৰ বিষ বা গা বিষৰ দৰে সমস্যাৰ সন্মুখীন নহয় যদিও বেছিভাগ লোকেই ১ৰ পৰা ২দিনলৈ অসুবিধা অনুভৱ কৰে। ভেকচিন গ্ৰহণ কৰাৰ পিছত এনে লক্ষণবোৰৰ প্ৰতি সতৰ্ক হ'ব আৰু আপোনাৰ সৈতে যোৱা আন লোকৰ সৈতে পৰীক্ষা কৰিব। যদি কেন্দ্ৰলৈ যোৱা কোনেও ভেকচিনৰ পিছত সমস্যা লক্ষ্য নকৰে, ই এটা ভুৱা ভেকচিন কেন্দ্ৰ হ'ব পাৰে। ইয়াৰ সন্দেহজনক লোকসকলৰ বিষয়ে স্থানীয় প্ৰশাসনক জনোৱা উচিত।

    Published by:Gautam Barman
    First published: