Explained: কম সময়ৰ ভিতৰতে ধনী কৰি তোলা ক্ৰিপ্টোকাৰেন্সীক লৈ কিহৰ বিবাদ ? ভাৰতত ইয়াক লৈ কি পৰিকল্পনা কেন্দ্ৰৰ, জানি লওক সবিশেষ

News18 Assam | News18-Assam
Updated:June 9, 2021, 3:38 PM IST
Explained: কম সময়ৰ ভিতৰতে ধনী কৰি তোলা  ক্ৰিপ্টোকাৰেন্সীক লৈ কিহৰ বিবাদ ? ভাৰতত ইয়াক লৈ কি পৰিকল্পনা কেন্দ্ৰৰ, জানি লওক সবিশেষ
WazirXৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া নিচল চেট্টীয়ে কয় যে এই মুহূৰ্তত ইয়াক লৈ ভাৰতত যথেষ্ট বিভ্ৰান্তি আছে, কিন্তু চৰকাৰৰ স্থিতি যথেষ্ট ইতিবাচক।

WazirXৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া নিচল চেট্টীয়ে কয় যে এই মুহূৰ্তত ইয়াক লৈ ভাৰতত যথেষ্ট বিভ্ৰান্তি আছে, কিন্তু চৰকাৰৰ স্থিতি যথেষ্ট ইতিবাচক।

  • Share this:

ক্ৰিপ্টোকাৰেন্সী অৰ্থাৎ ভাৰ্চুৱেল কাৰেন্সীক লৈ কিছু সময় ধৰি ভাৰতৰ লগতে বিশ্বজুৰি চৰ্চা অব্যাহত আছে । টেছলা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্ককে ধৰি বহু ব্যৱসায়ীয়ে ক্ৰিপ্টো বজাৰত আগ্ৰহী হোৱা দেখিবলৈ পোৱা গৈছে , আনফালে আকৌ আন একাংশই এনে মুদ্ৰাৰ পৰা আঁতৰি থাকিবলৈও পৰামৰ্শ দিছে। সেয়েহে আপুনিও জানি লওক ক্ৰিপ্টোকাৰেন্সীৰ বিষয়ে সকলো কথা–


ক্ৰিপ্টোকাৰেন্সী কি ?


ক্ৰিপ্টোকাৰেন্সী হৈছে সামগ্ৰী ক্ৰয় বা সেৱাৰ বাবে ব্যৱহৃত একপ্ৰকাৰৰ ডিজিটেল সম্পদ। এই মুদ্ৰাবোৰত ক্ৰিপ্টোগ্ৰাফী ব্যৱহাৰ কৰা হয়। আপুনি ইয়াক সম্পদ হিচাপে ব্যৱহাৰ কৰিব পাৰে, কিন্তু ইয়াৰ বাবে কোনো বেংক, এটিএম নাই। বিশ্বৰ বহু দেশত অনলাইন ক্ৰয়ৰ বাবে ক্ৰিপ্টোকাৰেন্সী ব্যৱহাৰ কৰা হয়। আপুনি ইয়াক অদৃশ্য মুদ্ৰা ৰূপে ভাবিব পাৰে। অৱশ্যে ইয়াক নোট বা মুদ্ৰা হিচাপে প্ৰিণ্ট কৰিব নোৱাৰি, কিন্তু তথাপি ইয়াৰ মূল্য আছে।



ক্ৰিপ্টোকাৰেন্সী কেতিয়া আৰম্ভ হৈছিল?


২০০৯ চনত ক্ৰিপ্টোকাৰেন্সী আৰম্ভ কৰা হৈছিল। বিটকইন(Bitcoin) হৈছে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিপ্টোকাৰেন্সী আৰু ইয়াৰ সৈতে ক্ৰিপ্টোকাৰেন্সীৰ নাম আহিছিল। বিটকইন(Bitcoin) জাপানৰ সাতোশী নাকমোটো নামৰ এগৰাকী অভিযন্তাৰ দ্বাৰা সৃষ্টি কৰা হৈছিল। বিশ্বজুৰি ১০০০ তকৈও অধিক ক্ৰিপ্টোকাৰেন্সী আছে।


ক্ৰিপ্টোকাৰেন্সীয়ে কেনেদৰে কাম কৰে?


ক্ৰিপ্টোকাৰেন্সীয়ে ব্লকচেইন(Blockchain)ৰ জৰিয়তে কাম কৰে। অৰ্থাৎ ইয়াত লেনদেনৰ এক ৰেকৰ্ড ৰখা হয় যি শক্তিশালী কম্পিউটাৰে ইয়াক নিৰীক্ষণ কৰে, যাক ক্ৰিপ্টোকাৰেন্সী মাইনিং (Cryto mining) বুলি কোৱা হয়। এনে পৰিস্থিতিত ইয়াক হেক কৰাটো বহুত কঠিন। ব্লকচেইনৰ কাৰণেই ক্ৰিপ্টোকাৰেন্সীৰ লেনদেন অতি নিৰ্ভৰযোগ্য আৰু তৃতীয় পক্ষ যেনে বেংক বা কোনো বিত্তীয় প্ৰতিষ্ঠান আদিৰ প্ৰয়োজন নাই। Binance, coinbase, WazirX, Coinone, crypto.com সহ বহু মুখ্য ক্ৰিপ্টো এক্সচেঞ্জ আছে।



ব্লকচেইন কি আৰু ই কেনেদৰে কাম কৰে?


ক্ৰিপ্টোকাৰেন্সী ব্লকচেইন প্ৰযুক্তিৰ ওপৰত আধাৰিত। য'ত লেনদেনৰ সম্পূৰ্ণ হিচাপ কৰা হয় । ক্ৰিপ্টোকাৰেন্সীৰ মাইনিং ইয়াৰ জৰিয়তে কৰা হয়। ইয়াক প্ৰস্তুত কৰাসকলক মাইনাৰ্ছ বুলি কোৱা হয়। যেতিয়া ক্ৰিপ্টোত লেনদেন কৰা হয়, ইয়াৰ তথ্য ব্লকচেইনত প্ৰবিষ্ট কৰা হয়। অৰ্থাৎ ইয়াক ব্লক কৰি ৰখা হয় আৰু ৰক্ষণাবেক্ষণ কৰা হয় । ইয়াৰ বাবে তেওঁলোকে এটা ক্ৰিপ্টোগ্ৰাফিক পাজল সমাধান কৰে, ইয়াৰ বাবে এটা কোড বিচাৰে। যেতিয়া কোনো মাইনাৰ্ছে ব্লক সুৰক্ষিত হৈ থকাৰ নিশ্চিত কৰে, তেতিয়া তেওঁক ব্লকচেইনত যোগ দিয়া হয়। ইয়াৰ পিছত নেটৱৰ্কৰ আন নোডবোৰৰ দ্বাৰা ইয়াক প্ৰমাণিত কৰা হয়। এই প্ৰক্ৰিয়াটোক Consensus বুলি কোৱা হয়। Consensusত ব্লক সুৰক্ষিত বুলি নিশ্চিত কৰা হয় আৰু শুদ্ধ বুলি ধৰা হয়, তাৰ পিছত ইয়াক সুৰক্ষিত কৰা মাইনাৰ্ছসকলক ক্ৰিপ্টো মুদ্ৰা প্ৰদান কৰা হয়।


এইবোৰ হৈছে কিছুমান মুখ্য ক্ৰিপ্টোকাৰেন্সীৰ নাম


বিটকইন-বিটিচি (Bitcoin-BTC)
ইথেৰেম-ইটিএইচ (Ethereum-ETH)
ৰিপল-এক্সআৰপি (Ripple- XRP)
মোনেৰো- এক্সএমআৰ (Monero- XMR)
কছমছ- এটিঅএম (Cosmos- ATOM)
বিনেন্স মুদ্ৰা-বিএনবি (Binance Coin-BNB)
পোলকাডট-ডট (Polkadot-DOT)
ইউনিস্বেপ-ইউএনআই (Uniswap-UNI)
কাৰ্ডানো-এডিএ (Cardano-ADA)
টিথাৰ-ইউএচডিটি (Tether-USDT)
লাইটকইন- এলটিচি (Litecoin- LTC)
ডগেকোইন (Dogecoin)


ভাৰতত ক্ৰিপ্টোকাৰেন্সীৰ বজাৰ


তথ্য অনুসৰি, ভাৰতত ৮০ লাখ লোকে ক্ৰিপ্টোকাৰেন্সীত বিনিয়োগ কৰি আছে। বিনিয়োগৰ মুঠ মূল্য প্ৰায় ১০০ বিলিয়ন ধন হ'ব পাৰে। চলিত বছৰ জানুৱাৰী-ফেব্ৰুৱাৰীত ২০ হাজাৰ নতুন বিনিয়োগকাৰীয়ে যোগদান কৰিছে ক্ৰিপ্টোকাৰেন্সীত । ২০২০ চনত ক্ৰিপ্টো বজাৰত মুঠ ১৭৩ কোটি টকা বিনিয়োগ কৰা হৈছিল। ভাৰতত Coinswitch, CoinFCX, WazirX হৈছে জনপ্ৰিয় ক্ৰিপ্টো এক্সচেঞ্জ । ই বিটকইনকে ধৰি বহুতো মুখ্য মুদ্ৰাত লেনদেন কৰে।


ক্ৰিপ্টোকাৰেন্সীৰ সুবিধাবোৰ–


–ক্ৰিপ্টোকাৰেন্সী হৈছে এক ডিজিটেল মুদ্ৰা। ইয়াত প্ৰৱঞ্চনাৰ কোনো সুযোগ নাই । অৰ্থাৎ ইয়াক হেক কৰাটো অসম্ভৱ।


–বিনিয়োগৰ বাবে ভাল কাৰণ, ৰিটাৰ্ন বহুত ভাল হয়। ইয়াৰ বাবে বেংকৰ প্ৰয়োজন নাই।


–ক্ৰিপ্টো ক্ৰয়, বিক্ৰী আৰু বিনিয়োগ কৰা বহু সহজ । ইয়াৰ কাৰণ হৈছে ইয়াত বহু ক্ৰিপ্টোকাৰেন্সী ৱালেট আছে।


–পৃথিৱীৰ যিকোনো ঠাইৰ পৰা আন যিকোনো ঠাইলৈ ধন স্থানান্তৰ কৰিব পাৰি। ক্ৰিপ্টোকাৰেন্সী ৱালেটৰ পৰা বেংক একাউণ্টলৈ ধন অহাৰ বাবে সৰ্বাধিক ১০ মিনিট সময় লাগে।


ক্ৰিপ্টোকাৰেন্সীৰ অসুবিধাবোৰ কি কি?


–ক্ৰিপ্টোকাৰেন্সীৰ আটাইতকৈ ডাঙৰ অসুবিধাটো হ'ল ইয়াৰ বাবে কোনো নিয়ম নাই। ক্ৰিপ্টোকাৰেন্সী কোনো ৰাজ্য বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা নহয়। অৰ্থাৎ ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কোনো দেশ, চৰকাৰ বা প্ৰতিষ্ঠান নাই ।  ফলত কেতিয়াবা ইয়াৰ মূল্য অত্যধিক বৃদ্ধি হয় আৰু কেতিয়াবা অত্যধিক হ্ৰাস হয়, সেয়েহে ইয়াত বিনিয়োগ কৰাটো বিপজ্জনক।


–এটা কোড আৰু পাছৱৰ্ডৰ জৰিয়তে ক্ৰিপ্টোকাৰেন্সীৰ লেনদেন কৰা হয়। তেনেস্থলত ইয়াক পাহৰি গ'লেই বিনিয়োগ কৰা গোটেই ধন ডুবি যাব । পৰিমাণটো পুনৰ লাভ কৰিব নোৱাৰি।


–ইয়াক অবৈধভাৱে এঠাইৰ পৰা আন ঠাইলৈ ধন স্থানান্তৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। সেইকাৰণে বহুতো দেশত ক্ৰিপ্টো নিষিদ্ধ হৈ আছে ।


ক্ৰিপ্টোৰ ওপৰত ভাৰতত কি আইন আছে ?


ভাৰতৰ মানুহে বহু বছৰ ধৰি ক্ৰিপ্টোকাৰেন্সীত বিনিয়োগ কৰি আহিছে। কিন্তু ইয়াক লৈ দেশত কোনো নিয়ম নাই। শেহতীয়াকৈ খবৰ পোৱা গৈছে যে ভাৰত চৰকাৰে সংসদত ক্ৰিপ্টোকাৰেন্সী নিয়ন্ত্ৰণ আৰু চৰকাৰী ডিজিটেল মুদ্ৰা বিধেয়ক উত্থাপন কৰাৰ সিদ্ধান্ত লৈছে। এই বিধেয়কখনে ভাৰতত ক্ৰিপ্টোকাৰেন্সীৰ ব্যৱহাৰ আইনীভাৱে নিয়ন্ত্ৰণ কৰিব। অৱশ্যে, এই বিষয়ে এতিয়ালৈকে কোনো মুকলি বিবৃতি দিয়া হোৱা নাই। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্পষ্ট কৰি দিছে যে চৰকাৰে ক্ৰিপ্টোকাৰেন্সী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰা নাই। দৰাচলতে, চৰকাৰে ক্ৰিপ্টোকাৰেন্সী-আধাৰিত প্ৰযুক্তিৰ ব্লকচেইনক এক প্ৰতিৰক্ষা ঢাল দিব বিচাৰিছে ।


কেন্দ্ৰীয় চৰকাৰে নিজৰ মুদ্ৰা আনিব নেকি?


বিগত মাহত RBI আৰু বিত্ত মন্ত্ৰালয়ে কৈছিল যে তেওঁলোকে ভাৰতৰ নিজা ডিজিটেল মুদ্ৰা আৰু ইয়াৰ নিয়ন্ত্ৰণৰ বাবে এখন আইন প্ৰণয়ন কৰাৰ বিষয়ে বিবেচনা কৰিব। অৱশ্যে, বিশেষজ্ঞসকলে এই সম্পৰ্কত কয় যে ডিজিটেল আইনী নিবিদা মুকলি কৰাটো প্ৰত্যাহ্বানজনক।


RBIৰ স্থিতি কি?


২০১৮ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বেংকসমূহক দিয়া নিৰ্দেশৰ পিছতে ভাৰতত ক্ৰিপ্টোকাৰেন্সীত বিনিয়োগ প্ৰায় বন্ধ হৈ গৈছিল। বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ লৈ যোৱা হৈছিল। মাৰ্চ ২০২০ত উচ্চতম ন্যায়ালয়ে RBIৰ নিয়ম নাকচ কৰে আৰু ইয়াৰ পিছতে বিনিয়োগকাৰীসকলৰ বাবে ক্ৰিপ্টোকাৰেন্সীত বিনিয়োগ কৰাৰ পথ পুনৰ মুকলি হৈছিল । সেই সময়ত, আদালতে চৰকাৰক ইয়াৰ বাবে এখন আইন প্ৰণয়ন কৰিবলৈ কৈছিল। তেনেস্থলত ভাৰতত এতিয়া ক্ৰিপ্টোকাৰেন্সীত বিনিয়োগ কৰাত কোনো আইনী বাধা নাই । যদিও কিছুদিন পূৰ্বে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে কৈছিল যে ক্ৰিপ্টোক লৈ তেওঁ বিশেষ আগ্ৰহী নহয়।


বিশেষজ্ঞসকলে কি কয় ?


নিউজ–১৮ৰ এক বিশেষ সাক্ষাৎকাৰত WazirXৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া নিচল চেট্টীয়ে কয় যে এই মুহূৰ্তত ইয়াক লৈ ভাৰতত যথেষ্ট বিভ্ৰান্তি আছে, কিন্তু চৰকাৰৰ স্থিতি যথেষ্ট ইতিবাচক। শীঘ্ৰেই ইয়াক লৈ গাাইডলাইন জাৰি কৰা হ'ব পাৰে।


ক্ৰিপ্টোত বিনিয়োগ কৰাৰ পূৰ্বে মনত ৰাখিব এই কেইটা কথা


নিচলে কয় যে ক্ৰিপ্টোকাৰেন্সীত বিনিয়োগ কৰাৰ আগতে কেইটামান গুৰুত্বপূৰ্ণ কথাত গুৰুত্ব দিয়া উচিত। উদাহৰণস্বৰূপে, বিনিয়োগ কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰি লওক সকলো । ক্ৰিপ্টো এক্সচেঞ্জৰ পঞ্জীভুক্ত ঠিকনা ক'ত আছে আৰু ইয়াক ভাৰতীয় আইনৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে নে নাই। লগতে কোন কোন বিনিয়োগকাৰীয়ে ক্ৰিপ্টো এক্সচেঞ্জত ধন বিনিয়োগ কৰিছে আদি জানি লোৱাটো ভাল । লগতে আপুনি বিনিয়োগ কৰিব বিচৰা ক্ৰিপ্টোকাৰেন্সী কি উদ্দেশ্যৰে ডিজাইন কৰা হৈছে, সেইbitCryptocurrency বিষয়েও জানি লোৱাটো ভাল ।

Published by: Gautam Barman
First published: June 9, 2021, 3:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি