অতি সোনকালে অসমকে ধৰি পশ্চিম বংগ, তামিলনাডু, কেৰালা, আৰু পুডুচেৰীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে ইয়াৰ আচৰণ বিধি কাৰ্যকৰী কৰিছে। দেশত নিকা নিৰ্বাচনৰ বাবে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা এই আচৰণ বিধিবোৰ পালন কৰাটো সকলো ৰাজনৈতিক দলৰ দায়িত্ব।
পাঁচখন ৰাজ্যত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ সৈতে, আচৰণ বিধি কাৰ্যকৰী হৈছে। এই মতে কেইবাটাও নিয়ম আছে যিবোৰ অনুসৰণ কৰিব লাগিব আৰু নিয়ম ভঙ্গকাৰীসকলে লাভ কৰিব শাস্তি। আচৰণ বিধি উলংঘনৰ শাস্তি বহু প্ৰকাৰৰ হ'ব পাৰে।
আচৰণ বিধিয়ে যিকোনো প্ৰকাৰে ভোট প্ৰভাৱিত কৰিব পৰা কাৰ্যকলাপ নিষিদ্ধ কৰে। যেনে-
এই সময়চোৱাত সাৰ্বজনিক উদঘাটন বা আধাৰশিলা স্থাপন কৰিব নোৱাৰিব। নতুন কামৰ স্বীকৃতি বন্ধ কৰা হ'ব। চৰকাৰী আচঁনিসমুৰ হৰ্ডিং লগাব নোৱাৰিব। সংশ্লিষ্ট সমষ্টিত শাষকীয় ৰেলি নহ'ব। এই সময়চোৱাত চৰকাৰী বাহনবোৰে চাইৰেন লগাব নোৱাৰিব। চৰকাৰী আঁচনিৰ হৰ্ডিঙসমুহ আঁতৰ কৰা হ'ব। চৰকাৰী ভৱনত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰী, ৰাজনৈতিক ব্যক্তিৰ ফটো নিষিদ্ধ কৰা হ'ব।
প্ৰিণ্ট, ইলেক্ট্ৰনিক আৰু অন্যান্য মাধ্যমত চৰকাৰী আচঁনিৰ বিজ্ঞাপন দিব নোৱাৰিব। যিকোনো প্ৰকাৰৰ উৎকোচ বা প্ৰলোভন নিদিব আৰু গ্ৰহণ নকৰিব। উল্লেখযোগ্য কথাটো হ’ল ছচিয়েল মিডিয়াত কৰা পোষ্ট সমূহৰ প্ৰতি সতৰ্ক হওক। আপোনাৰ এটা পোষ্ট আপোনাক কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ যথেষ্ট।
এজন সাধাৰণ মানুহে এই নিয়মবোৰ উলংঘন কৰিলেও মডেল ক’ড অফ কনডাক্টৰ অধীনত কঠোৰ ব্যৱস্থা লোৱা হ'ব। ইয়াৰ অৰ্থ হৈছে যে যদি আপুনি আপোনাৰ এজন নেতাৰ প্ৰচাৰত ব্যস্ত থাকে, আপুনি এই নিয়মবোৰৰ বিষয়ে অৱগত হ'ব লাগিব। যদি এজন ৰাজনীতিবিদে আপোনাক এই নিয়মবোৰৰ বাহিৰে আন কাম কৰিবলৈ কয়, আপুনি তেওঁক আচৰণ বিধিৰ বিষয়ে অৱগত কৰি এনে কৰিবলৈ অস্বীকাৰ কৰিব পাৰে।
ৰাজ্যসমূহত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে, চৰকাৰী কৰ্মচাৰীসকল নিৰ্বাচন প্ৰক্ৰিয়া শেষ নোহোৱালৈকে নিৰ্বাচন আয়োগৰ কৰ্মচাৰী হৈ পৰে। আচৰণ বিধি হৈছে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা নিয়ম, যিবোৰ প্ৰতিটো দলৰ লগতে প্ৰাৰ্থীয়ে পালন কৰাটো গুৰুত্বপূৰ্ণ।
নিৰ্বাচনৰ সময়ত কোনো মন্ত্ৰীয়ে নিৰ্বাচনৰ বাবে আনুষ্ঠানিক ৰেলি কৰিব নোৱাৰে। চৰকাৰী সম্পদবোৰ কোনো প্ৰকাৰে নিৰ্বাচনৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি। আনকি কোনো শাসক নেতাই নিৰ্বাচনৰ বাবে চৰকাৰী বাহন আৰু অট্টালিকা ব্যৱহাৰ কৰিব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰ নাইবা কোনো ৰাজ্যৰ চৰকাৰে এই সময়ত কোনো ঘোষণা, আধাৰশিলা স্থাপন নাইবা আনৰ নামত সমৰ্পণ কৰিব নোৱাৰে। এই নিয়মসমূহ উলংঘন কৰিলে কঠোৰ শাস্তি লাভ কৰিব পাৰে।
জাতি আৰু ধৰ্মীয় বা ভাষাগত সম্প্ৰদায়ৰ মাজত ঘৃণা বিয়পিব পৰা কাৰ্যৰ পৰা সকলো দল বা কোনো প্ৰাৰ্থীয়ে বিৰত থাকিব লাগিব। ভোট পাবলৈ ভোটাৰসকলক বিচলিত কৰিবলৈ ঘোচ দিয়া নাইবা সুৰা বিতৰণ কৰাটো অপৰাধ হিচাপে গণ্য কৰা হ’ব। ভোটগ্ৰহণৰ দিনটোত ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধত প্ৰচাৰ বন্ধ কৰা হৈছে আৰু ভোটৰ এটা দিন আগত যিকোনো সভা অনুষ্ঠিত কৰিব নোৱাৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|