உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • explained
    • »
    • Atal Pension Yojana–ত দৈনিক ৭টকা Invest কৰি প্ৰতি মাহে পাওক ৫০০০ টকা পেন্সন, জানক সবিশেষ

    Atal Pension Yojana–ত দৈনিক ৭টকা Invest কৰি প্ৰতি মাহে পাওক ৫০০০ টকা পেন্সন, জানক সবিশেষ

    Source-Google

    Source-Google

    • Share this:
    আপুনি আপোনাৰ পেঞ্চনক লৈ চিন্তিত নেকি? এতিয়াৰ পৰা বিনিয়োগ কৰি অৱসৰৰ পিছৰ সময়চোৱা সুৰক্ষিত কৰি ৰাখিবলৈ জনাব বিচাৰিছো এখন আঁচনিৰ বিষয়ে। অসংগঠিত খণ্ডত কাম কৰা লোকসকলৰ বাবে অট'ল পেঞ্চন যোজনা চমুকৈ এ.পি.ৱাই. (Atal Pension Yojana) আৰম্ভ কৰা হৈছিল। ১৮ৰ পৰা ৪০ বছৰ বয়সৰ যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিত বিনিয়োগ কৰি পেঞ্চন লাভ কৰিব পাৰে। ইয়াৰ বাবে বেঙ্ক বা ডাকঘৰত একাউণ্ট থকাটো প্ৰয়োজনীয়। আঁচনিখনৰ পৰা ৬০ বছৰৰ পিছত জমাকৰ্তাসকলে পেঞ্চন লাভ কৰা আৰম্ভ কৰে। অটল আঁচনিত পেঞ্চনৰ পৰিমাণ আপুনি কৰা বিনিয়োগ আৰু আপোনাৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰে।
    এ.পি.ৱাই.ৰ অধীনত এজন ব্যক্তিয়ে কমেও ১,০০০ টকা, ২,০০০ টকা, ৩,০০০ টকা, ৪,০০০ টকা আৰু ৫,০০০ টকাতকৈ অধিক মাহিলী পেঞ্চন পাব পাৰে। ২০১৫ চনৰ মে মাহত কেন্দ্ৰীয় চৰকাৰে এই আঁচনিখন আৰম্ভ কৰিছিল। যদি আপুনি এই পেঞ্চন আঁচনিৰ বাবে পঞ্জীয়ন কৰিব বিচাৰে, আপোনাৰ এটা চেভিংছ একাউণ্ট, আধাৰ নম্বৰ আৰু এটা ম'বাইল নম্বৰ থকাটো প্ৰয়োজনীয়।

    অটল পেঞ্চন যোজনাৰ গুৰুত্বপূৰ্ণ দিশটো হ’ল আপুনি যিমান সোনকালে এই আঁচনিখনত যোগদান কৰিব, আপুনি যিমান বেছি লাভ আহৰণ কৰিব পাৰিব। যদি এজন ব্যক্তিয়ে ১৮ বছৰ বয়সত এই আঁচনিখনত যোগদান কৰে, তেন্তে তেওঁ ৬০ বছৰ বয়সৰ পিছত প্ৰতি মাহে ৫,০০০ টকা মাহিলী পেঞ্চনৰ বাবে প্ৰতি মাহে ২১০ টকা জমা কৰিব লাগিব। ইয়াৰ অৰ্থ হৈছে, এই আঁচনিত প্ৰতিদিনে মাত্ৰ ৭ টকা জমা কৰি, আপুনি প্ৰতি মাহে ৫,০০০ টকা পেঞ্চন লাভ কৰিব পাৰে। আঁচনিখনত প্ৰতি মাহে ১০০০ টকাৰ মাহিলী পেঞ্চনৰ বাবে প্ৰতি মাহে মাত্ৰ ৪২ টকা জমা কৰিব লাগিব। ২,০০০ টকাৰ বাবে প্ৰতি মাহে ৮৪ টকা, ৩০০০ টকাৰ বাবে ১২৬ টকা আৰু ৪০০০ টকাৰ বাবে প্ৰতি মাহে ১৬৮ টকাকৈ জমা কৰিব লাগিব।
    অট'ল পেঞ্চন যোজনাৰ গ্ৰাহকসকলে আঁচনিত কৰা লেনদেন পৰীক্ষা কৰিবলৈ এ.পি.ৱাই. ম'বাইল এপ্লিকেচন এপিৱাই আৰু এনপিএছ লাইট এপ (APY and NPS Lite App) ব্যৱহাৰ কৰিব পাৰে। এ.পি.ৱাই. ব্যৱহাৰকাৰীসকলৰ বাবে শেহতীয়া ৫ টা লেনদেন পৰীক্ষা কৰাৰ বাবে কোনো মাচুল আদায় কৰা নহয়।

    আপুনি কোনো মাচুল অবিহনে আপোনাৰ লেনদেনৰ বিবৃতি আৰু ই-ই-পি.আৰ.এ.এন. ডাউনলোড কৰিব পাৰে। আপোনাৰ এ.পি.ৱাই. লেনদেনৰ বিবৃতি চাবলৈ আপুনি APY NSDL CRA ৱেবছাইটলৈ যাব লাগিব। ইয়াত লগ ইন কৰিবলৈ আপোনাক আপোনাৰ পি.আৰ.এ.এন. আৰু সঞ্চয় একাউণ্টৰ বিৱৰণৰ প্ৰয়োজন হ'ব।
    যদি আপোনাৰ পি.আৰ.এ.এন. উপলব্ধ নহয়, আপুনি আপোনাৰ নাম, একাউণ্ট নম্বৰ, আৰু জন্মৰ তাৰিখ ব্যৱহাৰ কৰিব লাগিব। তদুপৰি, অটল পেঞ্চন যোজনাৰ সদস্যসকলে উমঙ্গ এপৰ জৰিয়তে তেওঁলোকৰ মুঠ অৱদান, লেনদেনৰ বিৱৰণ আৰু ই-পি.আৰ.এ.এন. কাৰ্ড ডাউনলোড কৰিব পাৰে।
    First published: