মুখ্যপৃষ্ঠা » খবৰ

» Explained

»Time 11:11, Explained : আপোনাৰ ঘঁড়ীত কেতিয়াবা ১১:১১ বজা দেখিছেনে? যদি কেতিয়াবা দেখে বুজিব এয়া এক বিশেষ ইংগিত!

Time 11:11, Explained : আপোনাৰ ঘঁড়ীত কেতিয়াবা ১১:১১ বজা দেখিছেনে? যদি কেতিয়াবা দেখে বুজিব এয়া এক বিশেষ ইংগিত!

News18 Assam | News18-Assam
Updated:July 18, 2021, 1:27 PM IST
Time 11:11, Explained : আপোনাৰ ঘঁড়ীত কেতিয়াবা ১১:১১ বজা দেখিছেনে? যদি কেতিয়াবা দেখে বুজিব এয়া এক বিশেষ ইংগিত!
অংকশাস্ত্ৰৰ মতে ১১:১১ এনে এটা সময় য়'ত ঘঁড়ীৰ সময়ৰ সকলো অংক একে বা সদৃশ হয়।

অংকশাস্ত্ৰৰ মতে ১১:১১ এনে এটা সময় য়'ত ঘঁড়ীৰ সময়ৰ সকলো অংক একে বা সদৃশ হয়।

  • Share this:
ঘঁড়ী এটাত ১১:১১ বজাটো আপাতত এক স্বাভাৱিক কথা। সকলোৰে ঘঁড়ীতেই ১১:১১ বাজিব, এইয়া কোনো লুকাই থব পৰা বিষয় নহয়। দিনত আৰু ৰাতি দুবাৰ ঘঁড়ীত এই বিশেষ সময়তো বাজিবই, ইয়াৰ ব্যতিক্ৰম হ'বই নোৱাৰে। তেনেহ'লে এনে কি বিশেষত্ব আছে ইয়াৰ?

আপোনাৰ বাৰু মনত আছেনে আপুনি কেতিয়া আপোনাৰ ঘঁড়ীটোত ১১:১১ বজা দেখিছিল বা কেতিয়াবা এবাৰো দেখিছিলনে? যদি দেখিছিল তেনেহ'লে এই বাতৰি আপুনি পঢ়া উচিত আৰু যি সকলে দেখা নাই তেওঁলোকেও অৱশ্যেই এই বাতৰি পঢ়ি এই বিশেষ সময়ৰ ৰহস্যৰ কথা জাননিব পাৰিব।

জ্যোতিষ শাস্ত্ৰমতে যদি কোনোবাই ১১:১১ বজা নিজৰ ঘঁড়ীত দেখা পায় তেন্তে ইয়াৰ অৰ্থ হ'ল এই যে এই বিশ্বই আপোনাক বিশেষ এক কথাৰ ইংগিত দিব বিচাৰিছে। যি সকলে জ্যোতিষ শাস্ত্ৰ বিশ্বাস কৰে তেওঁলোকে সহজে এই কথা বুজি পাব। অংকশাস্ত্ৰৰ মতে ১১:১১ এনে এটা সময় য়'ত ঘঁড়ীৰ সময়ৰ সকলো অংক একে বা সদৃশ হয়। জ্যোতিষ শাস্ত্ৰমতে আকৌ এই ক্ষণটো বিশেষভাৱে মহত্বপূৰ্ণ এই কাৰণেই যে যেতিয়াই কোনো লোকে এই ১১:১১ বজাৰ সময়তো ঘঁড়ীত দেখা পায় তেওঁলোক আচৰিত ধৰণে ৰোমাঞ্চিত হৈ উঠিব পাৰে।

বহু লোকে এইটোও বিশ্বাস কৰে যে ১১:১১ বজাৰ সময়টো দেখা মানে আপোনাৰ জীৱনৰ নতুন দুৱাৰ খোল খাইছে আৰু আপুনি ইয়াৰ বাবে মাৰ্গদৰ্শন কৰিবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে। এই লোকসকলে মানে যে এই ক্ষেত্ৰত ঈশ্বৰে আপোনাক নিৰাশ নকৰে। আনহাতে বিজ্ঞানৰ মতেও এইটো সত্য হয় যে যদি আপুনি কেতিয়াবা এনে ৰিপিট নম্বৰ দেখা পায় তেনেহ'লে আপুনি পৰৱৰ্তী সময়ত বিভিন্ন ঠাইত এনে ৰিপিট নম্বৰ দেখা পাব পাৰে।

মায়া সভ্যতাৰ কেলেণ্ডাৰ মতে এই সময়টোৰ সকলো অংক সমান আৰু সেয়ে সকলো মানুহেই একে সময়তে আৰম্ভণিও কৰিব। গতিকে আপুনিও যদি কেতিয়াবা এই সংখ্যাটো দেখা পাইছে তেনেহ'লে আপুনি বুজিব যে আপোনাৰ জীৱনতো কিবা নতুন হ'বলৈ গৈ আছে।
Published by: Manjumoni Borah
First published: July 18, 2021, 1:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি