• Home
  • »
  • News
  • »
  • explained
  • »
  • ১ জুনৰ পৰা গুগল একাউণ্টৰ ষ্টোৰেজ পলিচীত হ'ব বৃহৎ সাল-সলনিঃ ইয়াৰ প্ৰভাৱ পৰিব আপোনাৰ গুগল একাউন্টতো ! জানি লওক সকলো...

১ জুনৰ পৰা গুগল একাউণ্টৰ ষ্টোৰেজ পলিচীত হ'ব বৃহৎ সাল-সলনিঃ ইয়াৰ প্ৰভাৱ পৰিব আপোনাৰ গুগল একাউন্টতো ! জানি লওক সকলো...

এতিয়াৰে পৰা গুগল ফটোজৰ বেকআপ কৰিব পৰা ফাইলসমূহ আপুনি লাভ কৰা বিনামূলীয়া ১৫ জিবি ষ্টোৰেজত গণনা কৰিব গুগলে ।

এতিয়াৰে পৰা গুগল ফটোজৰ বেকআপ কৰিব পৰা ফাইলসমূহ আপুনি লাভ কৰা বিনামূলীয়া ১৫ জিবি ষ্টোৰেজত গণনা কৰিব গুগলে ।

এতিয়াৰে পৰা গুগল ফটোজৰ বেকআপ কৰিব পৰা ফাইলসমূহ আপুনি লাভ কৰা বিনামূলীয়া ১৫ জিবি ষ্টোৰেজত গণনা কৰিব গুগলে ।

  • Share this:

 জুনৰ ১ তাৰিখ অৰ্থাৎ কাইলৈৰ পৰা বৃহৎ সাল-সলনি দেখিবলৈ পোৱা যাব গুগল ষ্টোৰেজ পলিচীত। এতিয়াৰে পৰা গুগল ফটোজৰ বেকআপ কৰিব পৰা ফাইলসমূহ আপুনি লাভ কৰা বিনামূলীয়া ১৫ জিবি ষ্টোৰেজত গণনা কৰিব গুগলে । ইয়াৰ লগে লগে এতিয়ালৈকে গুগলে ফটোত উচ্চ মানৰ বেকআপ ফাইলৰ বাবে প্ৰদান কৰি অহা সীমাহীন ষ্টোৰেজৰ সুবিধা নোহোৱা হ'ব ।


এই পৰিৱৰ্তনৰ পিছতেই গুগল ব্যৱহাৰৰ দিশসমূহ সলনি হৈ পৰাৰ লগতে আপুনি গুগলত স্পেচ কেনেদৰে পৰিচালনা কৰিব বা অতিৰিক্ত ষ্টোৰেজৰ বাবে আপুনি ধন পৰিশোধ কৰিব লাগিব নেকি? এই সম্পৰ্কে জানি লওক সকলো।


কি পৰিৱৰ্তন কৰা হ'ব গু'গল ষ্টোৰেজত ?


প্ৰতিটো একাউণ্টত ডাটা সংৰক্ষণ কৰি ৰাখিবলৈ গুগলে ১৫ জিবিলৈকে বিনামূলীয়া ষ্ট'ৰেজ প্ৰদান কৰে। একেটা একাউণ্টৰ পৰাই আপুনি জি-মেইল, গুগল ড্ৰাইভ, ফটোজ আৰু গুগলৰ আন সকলো সুবিধাৰ আনন্দ ল'ব পাৰে । সম্প্ৰতি গুগল ফটোজত আপুনি বেকআপ কৰি ৰখা উচ্চ মানৰ ফটো, ভিডিঅ' আদি গুগলে এই বিনামূলীয়া ১৫জিবি ষ্টোৰেজত অন্তৰ্ভুক্ত নকৰে । কিন্তু ১ জুনৰ পৰা গুগলে সলনি কৰিব এই নিয়ম, অৰ্থাৎ কাইলৈৰ পৰা গুগলে ফটোজত বেকআপ কৰা সমলসমূহো এই ১৫জিবি বিনামূলীয়া ষ্টোৰেজত গণনা কৰিব।


এক কথাত কাইলৈৰ পৰা আপোনাৰ জিমেইল, ড্ৰাইভ, ফটোজ আৰু আন সকলো গুগল সেৱা একলগ কৰি এটা একাউণ্টতে ১৫ জিবিলৈকে ডাটা ষ্টোৰ কৰিব পাৰিব আপুনি ।


ইয়াৰ লগতে যদিহে আপুনি ১ জুনৰ পিছত একেৰাহে ২ বছৰৰ বাবে গুগল ব্যৱহাৰ নকৰে বা ২ বছৰৰ বাবে ডাটা সীমা সম্পূৰ্ণ কৰাৰ পিছত আপগ্ৰেড নকৰে, তেন্তে গুগলে আপোনাৰ ডাটা ডিলিটো কৰিব পাৰে। উদাহৰণস্বৰূপে, যদি আপুনি একেৰাহে ২ বছৰৰ বাবে গুগল ফটোজ ব্যৱহাৰ নকৰে, কিন্তু ড্ৰাইভ আৰু জিমেইল ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ ফটোজৰ ডাটা ডিলিট কৰা হ'ব। অৰ্থাৎ, আপুনি সক্ৰিয় হৈ থকা গুগল সামগ্ৰীৰহে ডাটাসমূহ সুৰক্ষিত হৈ থাকিব ।


গুগল ফটোজৰ পৰা ষ্টোৰেজ খালী কৰিবলৈ কি কৰিব লাগিব ?


আপুনি আপোনাৰ একাউণ্টৰ পৰা অপ্ৰয়োজনীয় ফটো, ভিডিঅ' এটা এটাকৈ ডিলিট কৰিব পাৰে বা গুগলৰ ষ্ট'ৰেজ মেনেজমেণ্ট টুলৰ সহায় ল'ব পাৰে। https://one.google.com/storage/management এয়া হৈছে গুগলৰ ষ্টোৰেজ মেনেজমেণ্ট টুলৰ লিংক।


- ইয়াত আপুনি জি-মেইল, ফটো আৰু ড্ৰাইভৰ ডাঙৰ ফাইল একেলগে ডিলিট কৰিব পাৰে।


- ষ্টোৰেজ মেনেজাৰে বেকআপ ফ্ৰিকুৱেন্সী আৰু ফাইলৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ ষ্ট'ৰেজৰ সীমা কেতিয়ালৈ শেষ হ'ব তাৰ আনুমানিক সময়ো জনাই দিয়ে ।


- আপুনি আপোনাৰ ফোনৰ ফ'ল্ডাৰবোৰ বাছনি কৰিব পাৰে, যিবোৰ আপুনি বেক আপ কৰিব বিচাৰিছে । আৰু অপ্ৰয়োজনীয় ফ'ল্ডাৰ ফাইলৰ বেকআপ অফ কৰিব পাৰে।


- ফটোবোৰে ভিডিঅ'বোৰৰ আপলোডৰ মান হ্ৰাস কৰিব পাৰে, যাতে কম ষ্টোৰেজ ব্যৱহাৰ হয়।


যদিও কোম্পানীটোৱে কয় যে গড় গুগল ব্যৱহাৰকাৰীৰ ষ্টোৰেজৰ সীমা শেষ হ'বলৈ প্ৰায় ৩ বছৰ সময় লাগিব।


ষ্টোৰেজৰ ক্ষমতা কেনেদৰে বৃদ্ধি কৰিব পাৰি?


অপ্ৰয়োজনীয় ফাইল,ফটো ডিলিট কৰাৰ পিছতো যদি আপোনাৰ ষ্টোৰেজৰ অভাৱ হয়, তেন্তে আপুনি গুগলৰ পৰা ষ্ট'ৰেজ ক্ৰয় কৰিব পাৰে। গুগলে ইয়াৰ বাবে গুগল ৱান নামৰ এটা পৃথক এপ মুকলি কৰিছে । আপোনাৰ প্ৰয়োজন অনুসৰি ইয়াত বিভিন্ন মাহিলি আৰু বাৰ্ষিক পৰিকল্পনা আছে।


এই মুহূৰ্তত গুগল ফটোজত থকা ফটো আৰু ভিডিঅ'বোৰৰ কি হ'ব ?


গুগলে আগতীয়াকৈ স্পষ্ট কৰি দিছে যে ১ জুনৰ আগৰ তথ্য বিনামূলীয়া ষ্টোৰেজত গণনা কৰা নহ'ব । অৰ্থাৎ ১ জুনৰ পূৰ্বে আপুনি ফটোজত বেকআপ কৰি ৰখা ডাটাবোৰ আপোনাৰ ১৫ জিবি বিনামূলীয়া ষ্টোৰেজত গণনা কৰা নহ'ব। আপুনি এই ফাইলসমূহ ডাউনলোড কৰিব পাৰে। অৱশ্যে আপোনাৰ ষ্টোৰেজ পূৰ্ণ হোৱাৰ পিছত এই ফাইলবোৰ সম্পাদিত (Edit)কৰা হ'ব আৰু আপুনি তেতিয়া সম্পাদিত (Edited) ফাইলটো ডাউনলোড কৰিবলৈ সক্ষম নহ'ব।


এই পৰিৱৰ্তনৰ দ্বাৰা কোন কোন প্ৰভাৱিত নহ'ব


–গুগলৰ পিক্সেল ফোন ব্যৱহাৰকাৰী
–ইতিমধ্যে গুগল ৱানলৈ আপগ্ৰেড কৰা ব্যৱহাৰকাৰীসকল
–গুগলৰ ব্যৱসায় সেৱা ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীসকল


বৰ্তমানে গুগলৰ বিনামূলীয়া ষ্টোৰেজত কি কি গণনা কৰা হৈছিল ?


গুগলৰ তৰফৰ পৰা বৰ্তমানে আপোনাক প্ৰদান কৰা ১৫জিবি বিনামূলীয়া ষ্টোৰেজত গুগল ড্ৰাইভ, জি–মেইল আৰু গুগল ফটোজত ষ্টোৰ হোৱা ফাইলসমূহ গণনা কৰা হয় ।


গুগল ড্ৰাইভঃ
-ড্ৰাইভৰ "My Drive" শাখাৰ ভিতৰত সংৰক্ষিত কৰা ফটো, ভিডিঅ' আৰু নথিপত্ৰ।
-ড্ৰাইভৰ "Trash" শাখাৰ ভিতৰত ডিলিট কৰা হোৱা ফাইলবোৰ ।


জি-মেইলঃ
-মেইল আৰু মেইলৰ সৈতে সংলগ্ন সমলবোৰ ।
-Spam আৰু Trash ফল্ডাৰৰ ভিতৰত থকা মেইল আৰু ফাইল।


গুগল ফটোজঃ
–মূল গুণগত মানত বেকআপ কৰা ফটো আৰু ভিডিঅ'বোৰ ।


গুগল ষ্টোৰেজত কি কি গণনা কৰা নহয় ?


- গুগল ড্ৰাইভত আপোনাৰ সৈতে শ্বেয়াৰ কৰা ফাইলসমূহ।
- গুগল ছাইটৰ তথ্য
- গুগল ডক্স, শ্বীটচ, শ্লাইডচ, ফাৰ্মচ, জামবোৰ্ড আৰু ড্ৰয়িঙৰ ডাটা।


গুগল ড্ৰাইভ আৰু গুগল ফটোজৰ মাজত পাৰ্থক্য কি?


ফাইল বেকআপৰ বাবে গুগলৰ এই দুয়োটা সেৱা ব্যৱহাৰ কৰা হয়, কিন্তু ফটোজক বিশেষভাৱে ফটো আৰু ভিডিঅ'ৰ বাবে ডিজাইন কৰা হৈছে। আপুনি ড্ৰাইভত সকলো ধৰণৰ ফাইল বেক আপ কৰিব পাৰে। ইয়াত পিডিএফ, ৱৰ্ড বা একেধৰণৰ ফাইল থাকিব পাৰে । আপুনি ড্ৰাইভত ফটো, ভিডিঅ' আপলোড কৰিব পাৰে, কিন্তু ফটোৰ দৰে ড্ৰাইভত সম্পাদনা আৰু পৰিচালনা কৰিব নোৱাৰি।


গুগল ফটোজবোৰে কেনেদৰে কাম কৰে?


গুগল ফটোজবোৰে আপোনাৰ ফোনত যিকোনো ফটো আৰু ভিডিঅ'ৰ ডিজিটেল প্ৰতিলিপি সৃষ্টি কৰে আৰু সেইবোৰ ক্লাউডত ষ্টোৰ বা সংৰক্ষণ কৰে। আপুনি আপোনাৰ গুগল একাউণ্টৰ জৰিয়তে যিকোনো স্থানৰ পৰা এই ফাইলবোৰ ব্যৱহাৰ কৰিব পাৰে। লগতে এই ফাইলবোৰ ডাউনলোড, সম্পাদনা, পৰিচালনা আৰু শ্বেয়াৰো কৰিব পাৰে।


আপোনাৰ ডাটা ক'ত সংৰক্ষণ কৰা হৈছে?


গুগলে ডাটা সংৰক্ষণৰ বাবে সমগ্ৰ বিশ্বতে ডাটা কেন্দ্ৰ স্থাপন কৰিছে।


গুগলে যিহেতু আমাক সকলো বিনামূলীয়াকৈ দিয়ে, কিন্তু ই ক'ৰ পৰা উপাৰ্জন কৰে ?


গুগলৰ সকলো সেৱা এটা সীমালৈকেহে বিনামূলীয়া। তাৰ পিছত গুগলে এই সেৱাটো ব্যৱহাৰ কৰিবলৈ আপোনাৰ পৰা ধন লোৱা আৰম্ভ কৰে। গুগল ফটোজত শেহতীয়াকৈ সলনি কৰা ষ্টোৰেজ নীতিও গুগলৰ পেইড ছবস্ক্ৰিপশ্বন মডেলৰেই অংশ। বিনামূলীয়া ষ্ট'ৰেজ ব্যৱহাৰ কৰাৰ পিছত আপুনি ফটোজ ব্যৱহাৰ কৰিবলৈ পৰিশোধ কৰিব লাগিব। গুগলৰ বাকী সেৱাবোৰৰ ক্ষেত্ৰতো একেই ।


গুগলৰ উপাৰ্জনৰ আটাইতকৈ ডাঙৰ উৎস হৈছে বিজ্ঞাপন। গুগলে ইয়াৰ নিজৰ লগতে আৰু অন্যান্য ৱেবছাইট আৰু এপত বিজ্ঞাপন দিবলৈ আপোনাৰ পৰা ধন লয়। ইয়াৰ বাবে গুগলৰ এডচেঞ্চ প্ৰ'গ্ৰাম আছে । ইয়াৰ উপৰি গুগলে ভিন্ন ধৰণৰ সেৱা প্ৰদান কৰে। ইয়াত অন্তৰ্ভুক্ত আছে ষ্টোৰেজ, কিতাপ, গুগল এপ, ৱেব হোষ্টিং আৰু গুগলৰ ক্লাউড প্লেটফৰ্মৰ দৰে সেৱা।

Published by:Gautam Barman
First published: