Explained : উহানৰ দৰে ৫৯টা লেবৰেটৰী আছে বিশ্বত, ভয়ংকৰ মাৰাত্মক ভাইৰাছৰ  চলে গৱেষণা। তালিকাত নাম আছে ভাৰতৰো।

News18 Assam | News18-Assam
Updated:June 5, 2021, 6:50 PM IST
Explained : উহানৰ দৰে ৫৯টা লেবৰেটৰী আছে বিশ্বত, ভয়ংকৰ মাৰাত্মক ভাইৰাছৰ  চলে গৱেষণা। তালিকাত নাম আছে ভাৰতৰো।
বিশ্বৰ ২৩খন দেশত এনে লেবৰেটৰী আছে বুলি বাতৰিটোত উল্লেখ কৰা হৈছে আৰু চীন, আমেৰিকা, ব্ৰিটেইনৰ লগতে ভাৰতৰ নামো আছে তালিকাত।

বিশ্বৰ ২৩খন দেশত এনে লেবৰেটৰী আছে বুলি বাতৰিটোত উল্লেখ কৰা হৈছে আৰু চীন, আমেৰিকা, ব্ৰিটেইনৰ লগতে ভাৰতৰ নামো আছে তালিকাত।

  • Share this:
বৰ্তমান সমগ্ৰ বিশ্বত এটা চৰ্চাই শীৰ্ষস্থান দখল কৰিছে যে সচাকৈ চীনৰ উহানৰ লেবৰেটৰীৰ পৰাই কোৰোণা ভাইৰাছ সমগ্ৰ বিশ্বত বিয়পি পৰিল নেকি? আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইতিমধ্যে দেশৰ চোৰাংচোৱাক এই সন্দৰ্ভত ৯০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে।

কিন্তু একাংশ বিজ্ঞানীৰ মতে ভাইৰাছক লৈ গৱেষণা-অনুসন্ধান সমগ্ৰ বিশ্বতে হয় আৰু এইয়া আজিৰ দিনত স্বাভাৱিক। তাতে দুৰ্ঘটনা হ'ব পাৰে, বা হৈ থাকে। সেয়ে উহানৰ পৰাও যদি ভাইৰাছ লীক হৈছে তেনেহ'লে সেইটো এটা মাত্ৰ দুৰ্ঘটনা বুলিয়েই মানি লোৱা ভাল।

ব্ৰিটেইনৰ ফাইনেন্সিয়েল টাইমছ নামৰ কাকতখনত প্ৰকাশিত এক বাতৰিত প্ৰকাশ পোৱা মতে বৰ্তমান বিশ্বত উহানৰ দৰে ভাইৰাছৰ অনুসন্ধান কৰা ৫৯টা লেবৰেটৰী আছে নাইবা নিৰ্মীয়মান অৱস্থাত আছে । এই সকলোতে ভাইৰাছক লৈ ভয়ংকৰ আৰু আকল্পনীয় গৱেষণা চলি আছে নতুবা অদূৰ ভৱিষ্যতে গৱেষণা হ'ব।

এই বাতৰিটোৰ মতে বিগত এক দশক মানত বিশ্বত এনে লেবৰেটৰীৰ সংখ্যা দ্ৰুত গতিত বাঢ়িছে। বিশ্বৰ ২৩খন দেশত এনে লেবৰেটৰী আছে বুলি বাতৰিটোত উল্লেখ কৰা হৈছে আৰু চীন, আমেৰিকা, ব্ৰিটেইনৰ লগতে ভাৰতৰ নামো আছে তালিকাত। উহানৰ লেবটোও এই ৫৯টা লেবৰেই এটা বুলি বাতৰিটোত উল্লেখ কৰা হৈছে।

জৰ্জ মেছন বিশ্ববিদ্যালয়ৰ অধ্যাপক গ্ৰেগৰী কোবলেনজ আৰু কিংছ কলেজৰ অধ্যাপক ফিলিপা লেণ্টোজে এই লেবৰেটৰীসমূহক লৈ অধ্যয়ন কৰিছিল। তেওঁলোকৰ হাতত ৪২টা লেবৰেটৰীৰ তথ্য আছে যিবোৰৰ আধাৰো অধিক যোৱা দশকত নিৰ্মাণ হৈছে।

অধ্যাপক ফিলিপা লেণ্টোজে কয়, "এনেধৰণৰ যিমান কাম হৈ থাকিব সিমান বেছি দুৰ্ঘটনাও হৈ থাকিব।" আমেৰিকাৰ ৰুটগাৰ্ছ বিশ্ববিদ্যলয়ৰ অধ্যাপক ৰিচাৰ্ড এব্ৰাইটে ফাইনেন্সিয়েল টাইমছক কয় যে এনে লেবৰেটৰী যিমান হ'ব, যিমান বেছি লোক ভাইৰাছৰ সম্পৰ্কলৈ আহিব, সিমানেই বেছি বিপদ বাঢ়ি যাব।

এনে ধৰণে ভাইৰাছৰ গৱেষণা কৰা লেবৰেটৰীবোৰত চতুৰ্থ স্তৰৰ সুৰক্ষা মানি চলা হয়। কিন্তু কোবলেনজ আৰু লেণ্টোজে কয় যে ৫৯টা লেবৰেটৰীৰ এক চতুৰ্থাংশইহে ছেফটী লেভেল ৪ মানি চলে। এক তৃতীয়াংশত সুৰক্ষাৰ লেভেল মধ্যম পৰ্যায়ৰ আৰু ৪১টাত বায়'ছিকিউৰিটী লেভেল নিম্নমানৰ।

এই বাতৰিটোত উল্লেখ কৰা মতে আমেৰিকাত স্বাস্থ্য বিভাগ আৰু চেণ্টাৰ ফৰ ডিডীজ কণ্ট্ৰোলৰ নিৰীক্ষণত ৬৭ প্ৰকাৰৰ বিভিন্ন বিষাক্ত আৰু বিপদজনক দ্ৰব্যৰ ব্যৱহাৰ কৰা হয়। ২০১৯ৰ এক ৰিপ'ৰ্ট মতে আমেৰিকাত ১৩ বাৰ এনেধৰণৰ দ্ৰব্য হেৰুওৱা আৰু ২১৯বাৰ এনে দ্ৰব্য নিৰ্গমন বা লীক হোৱাৰ তথ্য আছে। সৌভাগ্যক্ৰমে ইয়াৰ পৰা কোনো ৰোগৰ সংক্ৰমণ হোৱা নাই।

উল্লেখ্য যে এই লেবৰেটৰীসমূহত হোৱা কামৰ নিৰীক্ষণৰ বাবে কোনো আন্তৰাষ্ট্ৰীয় সংস্থা নাই। কোৰোণাৰ সংক্ৰমণৰ পাছত যেতিয়া উহানৰ লেবৰেটৰীত পৰ্যবেক্ষণৰ কথ চলিছিল চীনে তেতিয়া পোনছাটেই সেই প্ৰস্তাৱ নাকচ কৰিছিল আৰু সেয়ে উহানৰ লেবৰেটৰীত যে কিবা ডাঙৰ বিসংগতি হৈছিল সেই কথাটোকেই প্ৰমাণ কৰে বুলিও বহুতেই ক'ব বিচাৰে।

কোৰোণা ক'ৰ পৰা বিয়পিল সেই কথা প্ৰমাণ হ'লেও ভৱিষ্যতৰ বুকুত এনে বা ইয়াতকৈও ভয়াৱহ ৰোগৰ সংক্ৰমণ হ'ব পৰা কাম এতিয়াও যে চলি আছে সেয়াহে অতি উদ্বেগৰ বিষয়। বৰ্তমান ৫৯টা গৱেষণাগাৰ আছে, ভৱিষ্যতে হয়তো আৰু বহু এনে লেবৰেটৰী নিৰ্মাণ হ'ব য'ৰ পৰা সংক্ৰমণৰ আশংকাও বহুত বেছি বাঢ়ি যাব।
Published by: Manjumoni Borah
First published: June 5, 2021, 6:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি