মুখ্যপৃষ্ঠা »খবৰ »Explained »Explained | শংখধ্বনিৰে আৰম্ভ হৈছিল স্বাধীনতাৰ যাত্ৰা, নেহৰুৰ ভাষণৰ পূৰ্বে Constituent Assemblyত বাজিছিল শংখ

Explained | শংখধ্বনিৰে আৰম্ভ হৈছিল স্বাধীনতাৰ যাত্ৰা, নেহৰুৰ ভাষণৰ পূৰ্বে Constituent Assemblyত বাজিছিল শংখ

শংখধ্বনিয়ে হিন্দুত্ব নৱজাগৰণৰ সূচনা কৰিছিল নে প্ৰাচীন  ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰত্যয়ৰ পুনৰ স্থাপন; সেইয়া আজিও বিশ্লেষণাধীন

শংখধ্বনিয়ে হিন্দুত্ব নৱজাগৰণৰ সূচনা কৰিছিল নে প্ৰাচীন  ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰত্যয়ৰ পুনৰ স্থাপন; সেইয়া আজিও বিশ্লেষণাধীন

শংখধ্বনিয়ে হিন্দুত্ব নৱজাগৰণৰ সূচনা কৰিছিল নে প্ৰাচীন  ভাৰতীয় সভ্যতা সংস্কৃতিৰ প্ৰত্যয়ৰ পুনৰ স্থাপন; সেইয়া আজিও বিশ্লেষণাধীন

  • Share this:
১৪ আগষ্টৰ নিশা ১২ বজা মাত্ৰকে দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বিখ্যাত ‘Tryst with Destiny’ ভাষণ পাঠ কৰিবলৈ যো–জা চলাইছিলহে মাত্ৰ। নেহৰুৱে প্ৰথমটো শব্দ উচ্চাৰণ কৰাৰ পূৰ্বে এক কৰ্ণভেদী, তীক্ষ্ণ শংখধ্বনিয়ে খুন্দা মাৰিলে Constituent Assemblyৰ প্ৰাচীৰ । ব্ৰিটিছ-নিৰ্মিত সেই ঘৰটোৰ অহংকাৰী প্ৰাচীৰে যেন শংখৰ তীব্ৰ গর্জন ধ্বনিত শিৰনত কৰিলে । ভাষণ আৰম্ভ কৰাৰ পূৰ্বে এনে অপৰিকল্পিত বাধাই দৃষ্টি আকৰ্ষণ কৰিছিল নেহৰুৰ । শংখ বজাইছিল এজন Constituent Assemblyৰ সদস্যই । নেহৰুৱে এখন হাতেৰে মুখ ঢাকি মিচিকিয়া হাঁহি এটা মাৰি পৰোক্ষ অভিবাদনেৰে সহমত ব্যক্ত কৰি ভাষণ আৰম্ভ কৰিবলৈ অগ্ৰসৰ হৈছিল ।

... At the stroke of the midnight hour when the world sleeps India will awake to life and freedom...

নেহৰুৰ ভাষণৰ এই অংশই সূচনা কৰিলে এক নতুন দিগন্তৰ । কিন্তু ইয়াৰ পূৰ্বে মুখৰিত শংখধ্বনিয়ে হিন্দুত্ব নৱজাগৰণৰ সূচনা কৰিছিল নে প্ৰাচীন  ভাৰতীয় সভ্যতা–সংস্কৃতিৰ প্ৰত্যয়ৰ পুনৰ স্থাপন, সেয়া আজিও বিশ্লেষণাধীন । নেহৰুৰ মিচিকিয়া হাঁহিয়ে কোনটো ধাৰণাক সঁহাৰি জনাইছিল সেয়াও জনা নাযায় ।

'৪৭ৰ সেই দিনটোৰ জীৱন্ত বিৱৰণ পোৱা যায় আমেৰিকাৰ মহিলা Mildred Talbotৰ লিখনিত। Talbot প্ৰখ্যাত সাংবাদিক, কূটনীতিবিদ Philips Talbotৰ সহধৰ্মিণী । দুয়ো ১৩ - ১৪ আগষ্টত কৰাচীত আৰু ১৪-১৫আগষ্টত দিল্লীত উপস্থিত আছিল । Mildred Talbotৰ সেই দিনকেইটাৰ জীৱন্ত বিৱৰণৰ এক ৭পৃষ্ঠাৰ টোকা শশী থাৰুৰৰ হাতত উপলব্ধ ।

তেওঁৰ লিখনিত স্বাধীন ভাৰতৰ প্ৰথমটো ৰাতিপুৱাৰো বিৱৰণ পোৱা যায় । বৰ্তমানৰ সংসদ ভৱনৰ আশে–পাশে ২৫,০০০লোকৰ সমাৱেশৰ ব্যৱস্থা কৰা হৈছিল । কিন্তু গোট খাইছিল প্ৰায় ৫ লাখ লোক । এনে বিশাল জনসমাগমৰ সন্মুখত তিনিবৰণীয়া  জাতীয় পতাকাৰ উত্তোলনৰ দৃশ্য আছিল শিহৰণকাৰী । মাৰ্কিন লেখিকাগৰাকীৰ ভাষাত চৌপাশ গছবোৰৰ এডালো ডাল খালী নাছিল। গছৰ ডাল, ঘৰৰ মূধচৰ জনসমাগম দূৰৰ পৰা লাগিছিল উজ্জীৱিত পক্ষীৰ সমাৱেশ যেন। পতাকা খুঁটাৰ শিখৰ পোৱা মাত্রকে উন্মুক্ত পক্ষীৰ ৰূপ লোৱা স্বাধীন ভাৰতৰ স্বাধীন নাগৰিকে একেমুখে চিঞৰিছিল । সন্ধিয়া ক'লা মেঘে আৱৰি ধৰিছিল এতিয়াৰ সংসদ ভৱনৰ চৌপাশ । এজাক মুষলধাৰ বৰষুণে বুৰাই পেলাইছিল সমগ্ৰ অঞ্চল । যেন ধুৱাই পেলাইছিল ইংৰাজৰ ২০০ বছৰীয়া নিৰ্যাতনৰ নিৰ্লজ্জ ইতিহাস ।

অৱশ্যে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী কিন্তু উপস্থিত নাছিল সেইদিনা । স্বাধীনতাৰ প্ৰস্তাৱে তেওঁক  আমনি কৰিছিল । সপোনৰ ভাৰতবৰ্ষখনৰ অপ্ৰাপ্তিৰ বেদনাই  যেন মহামানৱক অতিষ্ঠ কৰি তুলিছিল। এনিশাৰ ভিতৰতে নলে গলে লগা বন্ধু কেৱল উপাসনাৰ পন্থাৰ আধাৰত শত্ৰু হৈ পৰিছিল । গান্ধীয়ে কলিকতাত বাহৰ পাতিছিল । মানুহৰ তেজ চেলেকা মানুহক সংযত কৰাৰ উদ্দেশ্যৰে অনশনত বহিছিল ।

সেয়া আছিল ৭৫বছৰ আগৰ সেই দিনকেইটাৰ এক অতি ক্ষুদ্ৰ বিৱৰণ ।

১৯৪৭ চনত ১২ শতাংশ লিখিব–পঢ়িব জনা লোকেৰে ভাৰতীয় গণতন্ত্ৰ সফল হ’ব বুলি কোনেও কল্পনা কৰা নাছিল । জিন্নাই হিন্দু আৰু মুছলমানৰে এক ৰাষ্ট্ৰৰ ধাৰণাক নস্যাৎ কৰি ব্লেকমেইলৰ ৰাজনীতিৰে গঠন কৰা পাকিস্তানত কিন্তু গণতান্ত্ৰিক পন্থাৰে ধৰ্মৰ নামত জাতিগঠন প্ৰক্ৰিয়া সফল নহ’ল । যোৱা ৭৫ বছৰত দেশখনত ৪বাৰ সামৰিক শাসন চলিল । ভাৰতবর্ষত কিন্তু সেনা বেৰেকতে থাকিল । ধৰ্ম নিৰেপক্ষতাৰ ধ্যান ধাৰণা কেৱল সফলেই নহয় ঠন ধৰি উঠিল । ইয়াৰ বীজ কিন্তু সিঁচিছিল নেহৰু, পেটেল আদিয়ে । নেহৰুৱে তেওঁৰ সমালোচক আম্বেদকাৰ, শ্যামাপ্ৰসাদক মন্ত্ৰী সভাত স্থান দিছিল ।

দেশৰ প্ৰতিজন ব্যক্তিৰ বস্ত্ৰ, গৃহ, খাদ্য, শিক্ষা, স্বাস্থ্য, ন্যায় সুনিশ্চিত কৰাৰ লগতে দায়িত্বশীল মুক্তকণ্ঠ প্রদান আছিল দেশৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান । মতভেদ ব্যক্ত কৰাৰ এক সুস্থ পৰিৱেশ গঢ়াটোও আছিল অন্যতম কঠিন কাম । স্বতন্ত্ৰ সংবাদ মাধ্যম, প্ৰভাৱমুক্ত ন্যায়পালিকা আছিল ইয়াৰ উপায় ।

দেশৰ গণতন্ত্ৰই সেই সকলো প্ৰত্যাহ্বান নেওচি আজি ৭৫বছৰত ভৰি দিলে । চিৰ যৌৱনা ভাৰত আজি প্রাচীন কিন্তু জীৱন্ত ভাৰতীয় সভ্যতা আৰু উদাৰবাদৰ সমন্বয়েৰে এক সফল গণতন্ত্ৰ; কিন্তু ই ঠুনুকা । এই গণতন্ত্ৰত গৰিষ্ঠৰ উচ্চাত্মিক উপস্থাপনৰ  ধাৰণা বিপজ্জনক ।

যি কি নহওক এয়া উদযাপনৰ সময় । লগতে দেশ বিভাজনৰ ফলত মৃত্যু হোৱা ১০ লক্ষ লোকক স্মৰণ কৰাৰ সময় ।  স্বাধীনতাৰ পৰা বঞ্চিত সেইসকলক পাহৰিলে আমি আকৌ একেটা ভুল কৰিম ।

শেহতীয়া বাতৰি