• Home
  • »
  • News
  • »
  • explained
  • »
  • Afghan Women Have Everything To Lose Under Taliban-তালিবানে অধিকাৰ ৰক্ষাৰ আশ্বাস দিলেও আফগান মহিলাসকলে সকলো হেৰুৱাবলৈ গৈ আছে

Afghan Women Have Everything To Lose Under Taliban-তালিবানে অধিকাৰ ৰক্ষাৰ আশ্বাস দিলেও আফগান মহিলাসকলে সকলো হেৰুৱাবলৈ গৈ আছে

আফগানিস্তানৰ ত্ৰাসিত পৰিৱেশত পলায়নৰ হৈ–চৈক লৈ যোৱা সপ্তাহটোত বিমানবন্দৰত মহিলাৰ অনুপস্থিতি আছিল চৰ্চাৰ বিষয়। নীৰৱ সাহসিকতা আৰু প্ৰতিৰোধৰ এক অন্য কাহিনী যেন ব্যক্ত কৰিছে আফগান মহিলাৰ এই দৃঢ় স্থিতিয়ে!

আফগানিস্তানৰ ত্ৰাসিত পৰিৱেশত পলায়নৰ হৈ–চৈক লৈ যোৱা সপ্তাহটোত বিমানবন্দৰত মহিলাৰ অনুপস্থিতি আছিল চৰ্চাৰ বিষয়। নীৰৱ সাহসিকতা আৰু প্ৰতিৰোধৰ এক অন্য কাহিনী যেন ব্যক্ত কৰিছে আফগান মহিলাৰ এই দৃঢ় স্থিতিয়ে!

আফগানিস্তানৰ ত্ৰাসিত পৰিৱেশত পলায়নৰ হৈ–চৈক লৈ যোৱা সপ্তাহটোত বিমানবন্দৰত মহিলাৰ অনুপস্থিতি আছিল চৰ্চাৰ বিষয়। নীৰৱ সাহসিকতা আৰু প্ৰতিৰোধৰ এক অন্য কাহিনী যেন ব্যক্ত কৰিছে আফগান মহিলাৰ এই দৃঢ় স্থিতিয়ে!

  • Share this:
যোৱা এপ্ৰিল মাহত আফগানিস্তানৰ স্বতন্ত্ৰ মানৱ অধিকাৰ আয়োগে জনোৱা মতে জানুৱাৰী মাহৰ পৰা অবিৰত হিংসাৰ বলি হৈ ১৪গৰাকী মহিলাই প্ৰাণ হেৰুৱাৰ লগতে ২২গৰাকী বেয়াকৈ জখম হৈছে। এই সকলোবোৰ চলি আছিল ডোহাত তালিবান আৰু বৰ্তমান বিতাৰিত আফগান চৰকাৰৰ ধাৰাবাহিক ‘শান্তি আলোচনা’ৰ মাজত। শুনি অলপো আচৰিত নহ’ব যে ৰুঢ় সন্ত্ৰাসবাদৰ বলি হোৱা আটাইকেইগৰাকী মহিলা পেচাদাৰী! তেওঁলোকৰ মাজত আছে টিভিৰ টেকনিচিয়ান, ভেকচিন দিওতা, আৰক্ষীৰ কৰ্মচাৰী আদি। পেচাদাৰী মহিলাকেইগৰাকীক কি কাৰণে তালিবানে আক্ৰমণৰ লক্ষ্য কৰি ল’লে সেয়া নিশ্চয় বহলাই নকলেও হ’ব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিদেনে যোৱা সোমবাৰে আফগান চৰকাৰ আৰু সেনাই এটাও গুলী নচলোৱাকৈ আত্মসমৰ্পণ কৰা কাৰ্যক তুলা–ধুনা দিছে। ২০ বছৰ পূৰ্বে মাৰ্কিন সেনাই গাদীচ্যুত কৰা তালিবানৰ হাতত ইমান সহজ পৰাজয়ক আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধানজনে বাৰুকৈ ভৎৰ্সনা কৰিছে। দুটা দশকজুৰি মাৰ্কিন সেনাই অস্ত্ৰ–প্ৰশিক্ষণ, শিক্ষা আৰু সকলো সা–সুবিধা দিয়াৰ পিছতো কি কাৰণে আফগানৰ পুৰুষ আধিপত্য থকা সেনাই তালিবানৰ অকনো বিৰোধ নকৰিলে তাক লৈ আশ্চৰ্যৰ লগতে ক্ষোভ প্ৰকাশ কৰিছে জ’ বিদেনে।

কাবুল বিমানবন্দৰত হাজাৰ হাজাৰ আফগানৰ পলায়নৰ পৰৱৰ্তী বেদনাদায়ক দৃশ্যই সমগ্ৰ বিশ্বক ব্যথিত কৰিছে। যিকোনো প্ৰকাৰে বাণিজ্যিক বিমানেই হওক বা আমেৰিকাৰ সামৰিক পৰিবহনৰ কাৰণে ব্যৱহৃত এয়াৰক্ৰাফটেই হওক এটা চুকত ওলমি দেশখনৰ পৰা যেনে তেনে পলাই যাব বিচৰাসকলৰ বেছিভাগেই পুৰুষ! ইয়াৰ দুটা সাম্ভাব্য কাৰণঃ এই পুৰুষসকলে নিজৰ পৰিয়ালৰ মহিলাসকলক নিথৰুৱা কৰি থৈ গৈছে, অথবা তেওঁলোকৰ মাতৃ, পত্নী, ভগ্নী বীৰাংগনা আফগান মহিলাসকলে তালিবানৰ অধীনত নিজৰ ভাগ্যৰ সৈতে নিজে যুঁজাৰ সংকল্প লৈ পৰিয়ালৰ পুৰুষ সদস্যসকলক পলাই যাবলৈ কৈছে।

বিমানবন্দৰত হাবাথুৰি খাই, প্ৰাণৰ শংকাত পলায়নৰ চেষ্টা কৰা ভিৰৰ মাজত মহিলাৰ অনুপস্থিতি দৰাচলতে আফগান মহিলাসকলৰ ধাৰাবাহিক নীৰৱ সাহসিকতা আৰু দৃঢ় প্ৰতিৰোধৰ অনন্য নিদৰ্শন।

মহিলাৰ কাৰণে অত্যন্ত শোচনীয় ঠাইৰ অন্যতম আফগানিস্তান আৰু আফগান মহিলাৰ দুৰ্দশাৰ কাৰণে দোষ একমাত্ৰ ইছলামৰ নামত প্ৰচলিত উদ্ভট নীতি–নিৰ্দেশনাৰ ওপৰতে জাপি দিব নোৱাৰি। ইছলামিক আইন–পৰম্পৰাৰ উৰ্ধত জনজাতীয় পৰম্পৰা আৰু আনকি ধৰ্মনিৰপেক্ষ আইনৰ গণ্ডিতো মহিলাসকল বিভিন্ন ধৰণে শোষিত হৈ আহিছে।

যোৱা ২০ বছৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপৰ কাৰণে স্বাধীনতা, শিক্ষা আৰু কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰা অলেখ–অসংখ্য মহিলা কাবুলৰ লগতে অন্যান্য চহৰত ঘৰৰ চাৰিবেৰৰ পৰা ওলাই অহা দেখা গৈছে যদিও গ্ৰাম্য আফগানিস্তান ইমান সহজে সলনি হোৱা নাই। মহিলাসকলে কঠোৰ পৰিশ্ৰম কৰি নিজৰ স্বাধীনতা অৰ্জন কৰিছে। গতিকে আমেৰিকাৰ সংৰচনাৰ পতন আৰু তালিবানৰ উত্থানৰ কাৰণে সবাতোকৈ অধিক যদি কোনোবাই হেৰুৱাবলৈ গৈ আছে সেয়া হৈছে আফগানিস্তানৰ মহিলাসকল।

তালিবানৰ সন্মুখত আফগানিস্তানৰ সশস্ত্ৰ সেনাই যেনেকৈ আঁঠু কাঢ়িলে সেয়া সকলোৰে মনত প্ৰশ্নৰ বিষয়। সাধাৰণ আফগানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰণেও এয়া এক হজম নোহোৱাৰ দৰে ঘটনা। বিদেনে এটা দিনৰ পিছতে কৈছে, “সত্য হৈছে, তেওঁলোকে আমি ভবাতকৈ বহু খৰকৈ এই কাম কৰিলে। গতিকে কি হ’ল? আফগানিস্তানৰ ৰাজনৈতিক নেতাসকলৰে হাত দাঙি দিলে আৰু দেশৰ পৰা পলায়ন কৰিলে। আফগান সেনাই অকনো চেষ্টা নকৰাকৈ তালিবানৰ হুকুমতৰ সন্মুখত সেও মানিলে।" এয়া যিকোনো ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ কাৰণে লজ্জাজনক কাণ্ড।

অৱশ্যে সামগ্ৰিক ছবিখন ইমানো সৰল নহয়, প্ৰায় ৭০,০০০ আফগান  আৰক্ষী আৰু সামৰিক বিষয়াই তালিবানৰ সৈতে যুঁজত প্ৰাণ হেৰুৱাৰ লগতে আভ্যন্তৰীণ দুৰ্নীতি, যধে–মধে কৰা বদলি আৰু খাদ্য তথা অন্যান্য সংকটৰ সৈতে যুঁজি দায়িত্ব পালন কৰিবলগীয়া হৈছে। কিন্তু তথাপি আমেৰিকাৰ বিশাল 89 বিলিয়ন ডলাৰ খৰছ কৰি দিয়া প্ৰশিক্ষণৰ পিছতো তালিবানৰ সন্মুখত থৰ–কাছুটি হেৰুৱালে আফগান সুৰক্ষা বাহিনীয়ে। যোৱা ১ মে’ৰ পৰা মাত্ৰ ১০টা দিনৰ ভিতৰতে সম্পূৰ্ণৰূপে তালিবানৰ আগত পৰাজয় স্বীকাৰ কৰে আফগান সুৰক্ষা বাহিনীয়ে।

যোৱা ফেব্ৰুৱাৰী মাহত জলালাবাদত এজন আৰক্ষীৰ লোকক তালিবানে হত্যা কৰাৰ পিছতে আফগান চৰকাৰে ঘোষণা কৰিছিল যে সুৰক্ষা বাহিনীত মহিলাৰ সংখ্যা ৪,০০০ ৰ পৰা ১০,০০০ কৰা হ’ব ২০২৪ চনলৈকে। এতিয়া আৰু এয়া হোৱাৰ আশা ক্ষীণ তথাপি ক’ৰবাত এটা ধাৰণা ৰৈ যায় যে ‘যদিহে হ’লহেতেন’! যদিহে আমেৰিকা যুক্তৰাষ্ট্ৰই সেনাত মহিলাক ভৰ্তি আৰু প্ৰশিক্ষণত অধিক গুৰুত্ব দিলেহেতেন তালিবানে জানো ইমান সহজে আধিপত্য কৰিব পাৰিলেহেতেন?

এসময়ত আফগানিস্তানৰ পশ্চিমীয়া শক্তিয়ে দেশখনৰ সামৰিক বাহিনীত অন্ততঃ ১০ শতাংশ মহিলা অন্তৰ্ভুক্তিৰ লক্ষ্যৰে প্ৰৱল নিয়োগ অভিযানত নামিছিল। কিন্তু ২০১৫চনলৈকে এই লক্ষ্য আধালৈ নামিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষ মহাপৰিদৰ্শকে যোৱা জানুৱাৰী মাহত প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২০ চনলৈ আফগান আৰক্ষীৰ মুঠেই ৩.২৫ শতাংশ আৰু সেনাৰ মাত্ৰ ১ শতাংশহে মহিলা।

বহু আফগান মহিলাই সামৰিক প্ৰশিক্ষণ গ্ৰহণ কৰি অঞ্চলটোৰ পৰিৱৰ্তন সাধন কৰাৰ স্বপ্ন দেখিছিল। কিন্তু লাহে লাহে তেওঁলোকে অনুভৱ কৰিলে যে কোৱাটো যিমান সহজ কৰাটো অধিক টান। গতিকে ২০১৭ চনৰ পৰা সামৰিক বাহিনীত মহিলাৰ সংখ্যা গোপনে ৰাখিবলৈ লোৱা হ’ল। দেশখনৰ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত থকা অপকাৰী ধ্যান–ধাৰণাবোৰে বেয়া নেতৃত্ব আৰু দুৰ্নীতিৰো উৰ্ধত মহিলাৰ সম অধিকাৰ আৰু স্বাধীনতাত হস্তক্ষেপ কৰি আহিছে।

বৰ্তমান তালিবান নেতৃত্বই নিজৰ সকলোতকৈ ‘নমনীয়’ চেহেৰাৰে মহিলাক সমাজত স্থান দিয়াৰ ভাও জুৰিছে কোৰানে বান্ধি দিয়া চৰ্তৰ গণ্ডিত। সাময়িকভাৱে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বেয়া দৃষ্টিত পৰাৰ আশংকাৰে হয়তো তেওঁলোকে এই ক্ষণস্থায়ী উদাৰতা দেখুৱাইছে। কিন্তু তেওঁলোকৰ ভণ্ডামী সহজে ধৰা পেলাব পাৰি। মহিলাক দমন–অত্যাচাৰ চলোৱাৰ অন্যতম কাৰণ হ’বলৈ গৈ আছে কাবুলৰ বাহিৰত যিসকল তালিবানৰ পদবীধাৰীয়ে শাসন চলাব তেওঁলোকৰ মনত থকা ‘সুকীয়া আৰু ভিন্ন’ ধাৰণা।

কিন্তু এই সকলো নিৰাশাজনক পৰিস্থিতিৰ মাজত আফগান মহিলা দৃঢ়মনা। তেওঁলোকে  ৰুঢ়িবাদী, পুৰুষতান্ত্ৰিক, দমনমূলক সন্ত্ৰাসবাদীৰ অধীনত চলোৱা যুঁজখনত বহু কিবা কিবি হেৰুৱাবলৈ গৈ আছে। তেওঁলোকে এই অপশক্তিৰ শাসনত আগতেও ভুগিছে গতিকে এটা কথা স্পষ্ট যে যদিহে আফগান সামৰিক বাহিনীত অধিক সংখ্যক মহিলা থাকিলহেতেন তালিবানৰ বিৰুদ্ধে যুঁজখন হয়তো অন্তিমগৰাকী মহিলা সেনা জীয়াই থকালৈ চলি থাকিলহেতেন।
Published by:Tulika Devi
First published: