যদি আপুনি কোনো ব্যৱসায় এটা আৰম্ভ কৰিব বিচাৰে, তেন্তে আপুনি অনলাইনত ইন্ধন বিক্ৰী কৰি উপাৰ্জন কৰিব পাৰে কোটি কোটি টকা । ইয়াৰ বাবে ইণ্ডিয়ান অইল কৰ্পোৰেচন (IOC), ভাৰত পেট্ৰ'লিয়াম কৰ্পোৰেচন লিমিটেড (BPCL), পেট্ৰ'লিয়াম প্ৰক্ৰিয়া অভিযান্ত্ৰিক সেৱা (PESCO)দৰে তেল কোম্পানীবোৰে সহায় কৰিব আপোনাক । লগতে আপুনি চৰকাৰৰ পৰাও সহায় বিচাৰিব পাৰিব ।
এই সম্পৰ্কত আমি ষ্টাৰ্টআপ কোম্পানী Pepfuel.com সৈতে কথা পাতিছিলো, গতিকে জানি লওক কেনেদৰে আপুনি ড’ৰ টু ড’ৰ ইন্ধন বিক্ৰী ব্যৱসায় কেনেদৰে কৰিব পাৰিব ।
চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপসমূহ -
Pepfuel.com হৈছে এক চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ। Pepfuel.comৰ ইণ্ডিয়ান অইলৰ সৈতে তৃতীয় পক্ষৰ চুক্তি আছে । এয়া ড’ৰ টু ড’ৰ ডেলিভাৰীৰ বাবে । গ্ৰাহকসকলে এই এপটোত অনলাইন বা মেছেজৰ জৰিয়তে অৰ্ডাৰ দিব পাৰে। নয়ডাৰ টিকেন্দ্ৰ, প্ৰতীক আৰু সন্দীপে একেলগ হৈ ইয়াক আৰম্ভ কৰিছে। ব্যৱসায় আৰম্ভ কৰাৰ কেইবছৰমান পিছতে তেওঁলোকৰ কোম্পানীৰ বাৰ্ষিক টাৰ্ণঅ'ভাৰ প্ৰায় ১০০ কোটি টকাত উপনীত হৈছিল।
কেনেদৰে আৰম্ভ কৰিব এই ব্যৱসায় -
ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক টিকেন্দ্ৰৰে জনায় যে ইয়াৰ ওপৰত যথেষ্ট গৱেষণা কৰা হৈছিল। ঘৰে ঘৰে গৈ মানুহৰ সৈতে কথা পাতিছিল আৰু অনলাইন যোগেও মতামত লোৱা হৈছিল। মতামত প্ৰতিগৰাকী ব্যক্তিয়ে কৈছিল যে পেট্ৰ'ল আৰু ডিজেলৰ বাবে এটা অনলাইন এপ থাকিব লাগে। যদিও পেট্ৰ'ল আৰু ডিজেলৰ অনলাইন বিতৰণৰ ব্যৱসায় আৰম্ভ কৰাটো যথেষ্ট বিপদজনক। টিকেন্দ্ৰই জনায় যে ২০১৬ চনলৈকে দেশত পেট্ৰ'ল ডেলিভাৰীৰ কোনো অনুমতি নাছিল। শেহতীয়াকৈ, চৰকাৰে ইয়াক অনুমতি দিছে। সেই সময়ত, আমাৰ সন্মুখত কেৱল ডিজেল ডেলিভাৰীৰ একমাত্ৰ বিকল্প আছিল। সেয়েহে আমি ডিজেল ডেলিভাৰীৰ ওপৰত কাম কৰা আৰম্ভ কৰিছিলো ।
তেল কোম্পানীবোৰৰ পৰা কেনেধৰণৰ সহযোগিতা লাভ কৰিছিল -
কোম্পানীটোৰ আন এজন প্ৰতিষ্ঠাপক সন্দীপে কয়, "আমি ইণ্ডিয়ান অইল কৰ্পোৰেচন (IOC),ভাৰত পেট্ৰ'লিয়াম কৰ্পোৰেচন লিমিটেড(BPCL) পেট্ৰ'লিয়াম প্ৰক্ৰিয়া অভিযান্ত্ৰিক সেৱা (PESCO)ৰ দৰে তেল কোম্পানীবোৰক আমাৰ পৰামৰ্শ প্ৰেৰণ কৰিছিলো । আমি আমাৰ ষ্টাৰ্টআপৰ ধাৰণাটো প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈও প্ৰেৰণ কৰিছিলো । কেইদিনমানপিছত আমি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা উত্তৰ লাভ কৰিছিলো । আনহাতে, ফৰিদাবাদস্থিত ইণ্ডিয়ান অইলেও আমাক আমাৰ ব্যৱসায়ৰ এক বিতং প্ৰকল্প প্ৰতিবেদন দাখিল কৰিবলৈ কৈছিল। তাৰ পাচত আমি আমাৰ প্ৰকল্পটোৰ ডিপিআৰ ইণ্ডিয়ান অইললৈ প্ৰেৰণ কৰিছিলো আৰু অনুমোদন লাভৰ পিছতে ব্যৱসায় আৰম্ভ কৰিছিলো।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|