আপুনি ৰাস্তাত খোজ কাঢ়ি যাওঁতে নিশ্চয় বহুতো বাহন দেখিছে যিবোৰ বিভিন্ন ৰঙৰ হয়, কিন্তু স্কুল বাছৰ ৰং সদায় একে, যি হালধীয়া। আপুনি কেতিয়াবা ভাবিছে নে যে স্কুল বাছখনৰ ৰং কিয় হালধীয়া? ৰঙা, নীলা কিয় নহয়? ইয়াৰ কাৰণ হিচাপে আপুনি হয়তো ক'ব পাৰে যে হালধীয়া ৰং আকৰ্ষণীয় লাগে বাবে স্কুল বাছত এই ৰং কৰা হয়। কিন্তু কথাটো এনেকুৱা নহয়, এই প্ৰশ্নটোৰ উত্তৰ বিজ্ঞানৰ সৈতে সম্পৰ্কিত। এই উত্তৰটো জনাৰ আগতে, বাছখন হালধীয়া কৰাৰ ধাৰণা কাৰ আছিল জানি লওঁ আহক।
‘হাউ ষ্টফ ৱৰ্কছ’ ৱেবছাইটৰ প্ৰতিবেদন অনুসৰি, স্কুল বাছৰ ৰং হালধীয়া হোৱাটো আমেৰিকাৰ পৰা আৰম্ভ হৈছে। কলম্বিয়া বিশ্ববিদ্যালয়ৰ শিক্ষক মহাবিদ্যালয়ৰ অধ্যাপক ফ্ৰেংক চাইৰে ১৯৩০ৰ দশকত দেশখনত বিদ্যালয় পৰিবহনৰ সৈতে সম্পৰ্কিত বাহনসমূহৰ ওপৰত গৱেষণা আৰম্ভ কৰিছিল। তেওঁ নিউয়ৰ্ক টাইমছক দিয়া এক সাক্ষাৎকাৰত কৈছিল যে সেই সময়ত এনে কোনো নিৰ্দিষ্ট মানদণ্ড নাছিল যাৰ অধীনত বিদ্যালয়ৰ বাহন, বিশেষকৈ বাছৰ নক্সা নিৰ্ধাৰণ কৰা হ'ব। তেওঁ আমেৰিকান স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাৰ বাবে এক বিশেষ সভা আহ্বান কৰে, য'ত সমগ্ৰ দেশৰ বিশিষ্ট শিক্ষক, পৰিবহন বিষয়া, বাছ নিৰ্মাতা আদি উপস্থিত আছিল।
হালধীয়া ৰঙক নিৰ্বাচন কৰা হয়-ফ্ৰেংক চাইৰে আহ্বান কৰা সভাত তেওঁলোকে একেলগে সিদ্ধান্ত লৈছিল যে বাছখনৰ ৰং কি হ'ব। তেওঁ কনফাৰেন্স ৰুমৰ দেৱালত ৰং পেষ্ট কৰিছিল আৰু মানুহক বাছনি কৰিবলৈ কৈছিল। তেওঁলোক সকলোৱে একেলগে হালধীয়া-কমলা ৰং বাছনি কৰিছিল। হালধীয়া ইয়াত মুখ্য আছিল আৰু তেতিয়াৰ পৰা হালধীয়া স্কুল বাছৰ প্ৰভাৱশালী ৰং হৈ পৰিছে বুলি 'হাউ ষ্টফ ৱৰ্কছ' ৱেবছাইটৰ প্ৰতিবেদনটোত কোৱা হৈছে।
হালধীয়া ৰং চকুত সহজে দেখা যায়-পিছলৈ, বিজ্ঞানীসকলেও তেওঁৰফ্ৰেংক চাইৰৰ পচন্দক ন্যায়সঙ্গত কৰিছিল কিয়নো তেওঁলোকৰ মতে, হালধীয়া ৰং মানুহৰ চকুত অতি সহজে দেখা যায়। ই দৃশ্যমানতাৰ বৰ্ণালীৰ শীৰ্ষত আছে। ইয়াৰ কাৰণ হৈছে মানুহৰ চকুত ফটোৰিচেপ্টৰ কোষ আছে যাক শঙ্কু বুলি কোৱা হয়। চকুত তিনি প্ৰকাৰৰ শঙ্কু থাকে যাক ৰঙা, সেউজীয়া আৰু নীলা ৰং চিনাক্ত কৰিবলৈ প্ৰস্তুত কৰা হয়। হালধীয়া পোহৰে একেলগে ৰঙা আৰু সেউজীয়া কোষ দুয়োটাকে প্ৰভাৱিত কৰে, যাৰ ফলত ই চকুৰ বাবে অধিক দৃশ্যমান হয়।
Published by: Sehnaz Begum
FIRST PUBLISHED : January 20, 2023, 17:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।