উল্লেখযোগ্য যে অতি সম্প্ৰতি মহাৰাষ্ট্ৰত মিলিজুলি চৰকাৰ গঠন কৰা তিনি দলৰ মাজত সংঘাত পৰিলক্ষিত হৈছে । ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি নানা পাত’লেই মুম্বাইৰ পৌৰ গোটৰ নিৰ্বাচন একক ভাৱে অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছে ।
যোৱা ৮ জুনত মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছতে আৰম্ভ হৈছে এই পুনৰ মিলনৰ চৰ্চা । অৱশ্যে বিজেপিয়ে তেনে কোনো কুচকাৱাজৰ কথা অস্বীকাৰ কৰিছে । দলটোৰ মতে বিজেপিয়ে বিধানসভা নিৰ্বাচনত শিৱসেনাতকৈ দুগুণ আসন লাভ কৰিছিল; তেনে স্থলত থাকৰেক মুখ্যমন্ত্ৰীৰ চকী খন এৰি দিয়াৰ প্রশ্নই নুঠে । আনহাতে সহযোগী দল NCPৰ মন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে উত্থাপন হোৱা দুৰ্নীতিৰ অভিযোগে মুখ্যমন্ত্ৰীক অস্বস্তিত পেলাইছে বুলিও বিভিন্ন জনে ক’ব বিচাৰে ।
উল্লেখযোগ্য যে, শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে বিজেপি নেতা আশীষ শেলাৰক কিছু দিনৰ আগতে সাক্ষাৎ কৰিছে । ৰাওটে মোদীক একাধিক মঞ্চত প্রশংসা কৰাৰ পিছতেই শিৱসেনা আৰু বিজেপিৰ পুনৰ মিলন বাতৰিয়ে শিৰোনাম দখল কৰিছিল ।
গতিকে এই মুহূৰ্তত বিজেপিত অহা বছৰৰ উত্তৰ প্ৰদেশ নিৰ্বাচন আৰু মহাৰাষ্ট্ৰ পুনৰ দখলে প্ৰাধান্য পাইছে । আৰু কেবিনেট সম্প্ৰসাৰণৰ যোগেদি যাতে এই দুইটা পৰিঘটনাত ৰাজনৈতিক মুনাফা আদায় কৰিব পাৰি সেই চিন্তাত এতিয়া কেন্দ্ৰীয় নেতৃত্ব । ৰাজনৈতিক বিশ্লেষকৰ মতে যদিহে মহাৰাষ্ট্ৰত বিজেপি-শিৱসেনাৰ গোপন আলোচনা সফল নহৈ অন্ত পৰে; তেন্তে প্ৰধান মন্ত্ৰী মোদীয়ে অলপো বিলম্ব নকৰি নতুন মন্ত্ৰীৰ তালিকা ঘোষণা কৰিব । তেতিয়ালৈকে সৰ্বানন্দ সোণোৱালৰ হাতত অপেক্ষা কৰাৰ বাদেও গত্যন্তৰ নাই ।
উল্লেখযোগ্য যে ২০১৯চনত পুনৰ চৰকাৰ গঠন কৰাৰ পিছত এইটো হ’ব মোদীৰ দ্বিতীয়টো সম্প্ৰসাৰণ । কেন্দ্ৰীয় কেবিনেটত সাংবিধানিক বাধ্যবাধকতাৰ কাৰণ ৮১জন মন্ত্ৰীক দায়িত্ব দিব পৰা যায় । এতিয়া মোদী মন্ত্ৰী সভাৰ মন্ত্ৰীৰ সংখ্যা ৫৩জন । উত্তৰ পূৰ্বাঞ্চলৰ পৰা এজনো কেবিনেট পৰ্যায়ৰ মন্ত্ৰী নোহোৱাৰ বিপৰীতে দুজনকৈ ৰাজ্যিক মন্ত্রীয়ে স্থান পাইছে ।