Explained: টীকা লাভৰ পিছতো সংক্ৰমিত হ’ব পাৰে কোৰোণা ভাইৰাছত! টীকাকৰণে সংক্ৰমণৰ আশংকা হ্ৰাস কৰে যদিও ইয়াৰ পৰা সম্পূৰ্ণৰূপে হাত সাৰিব নোৱাৰি

News18 Assam | News18-Assam
Updated:March 31, 2021, 2:03 PM IST
Explained: টীকা লাভৰ পিছতো সংক্ৰমিত হ’ব পাৰে কোৰোণা ভাইৰাছত! টীকাকৰণে সংক্ৰমণৰ আশংকা হ্ৰাস কৰে যদিও ইয়াৰ পৰা সম্পূৰ্ণৰূপে হাত সাৰিব নোৱাৰি
সংক্ৰমণৰ বৰ্ধিত হাৰক কিছুমান বিশেষ আচৰণৰ সৈতে দৃঢ়ভাৱে সম্পৰ্কিত কৰা হৈছে ৷ যেনে পৰ্যাপ্তভাৱে মাস্ক পৰিধান নকৰা আৰু শাৰীৰিক দূৰত্ব মানি নচলাকৈ ৰেষ্টুৰেণ্ট, বাৰৰ দৰে সামাজিক সমাৱেশত উপস্থিত থকা ।

সংক্ৰমণৰ বৰ্ধিত হাৰক কিছুমান বিশেষ আচৰণৰ সৈতে দৃঢ়ভাৱে সম্পৰ্কিত কৰা হৈছে ৷ যেনে পৰ্যাপ্তভাৱে মাস্ক পৰিধান নকৰা আৰু শাৰীৰিক দূৰত্ব মানি নচলাকৈ ৰেষ্টুৰেণ্ট, বাৰৰ দৰে সামাজিক সমাৱেশত উপস্থিত থকা ।

  • Share this:
২৩ মাৰ্চত অনলাইনত প্ৰকাশিত দ্যা নিউ ইংলেণ্ড জাৰ্নেল অফ মেডিচিনলৈ লিখা এখন পত্ৰত, গৱেষকৰ এটা গোটে নভেল কোৰোণা ভাইৰাছৰ টিকাকৰণ কৰা স্বাস্থ্যসেৱা কৰ্মীৰ এটা গোটৰ কোভিদ১৯ সংক্ৰমণৰ হাৰৰ কথা জনাইছে ।

কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ছান ডিয়েগো আৰু কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ লছ এঞ্জেলছৰ এক তথ্যৰ ওপৰত নিৰীক্ষণ কৰিছিল গৱেষকৰ দলটোৱে ৷ য’ত স্বাস্থ্য সেৱা কৰ্মীসকলে ১৬ ডিচেম্বৰৰ পৰা ৯ ফেব্ৰুৱাৰীৰ ভিতৰত(৩৬,৬৫৯ প্ৰথম পালি, ২৮,১৮৪ দ্বিতীয় পালি) ফাইজাৰ অথবা মডাৰ্ণা ভেকচিন লাভ কৰিছিল ৷ আৰু যি সময়ে অঞ্চলটোত কোভিড১৯ত সংক্ৰমণৰ হাৰ যথেষ্ট বৃদ্ধি পাইছিল।

গৱেষকে এই তথ্য লাভ কৰিছিল যে এই গোটৰ ভিতৰত ৩৭৯গৰাকী লোকে টীকাকৰণৰ পিছত কমেও এটা দিনৰ পিছতে SARS-CoV-2ত আক্ৰান্ত হৈছিল ৷ য'ত অধিকাংশই অৰ্থাৎ ৭১%ই প্ৰথম পালি লাভৰ পিছতে প্ৰথম দুই সপ্তাহৰ ভিতৰতে কোভিদ পজিটিভ হৈছিল । ৩৭ গৰাকী স্বাস্থ্য সেৱা কৰ্মীয়ে দ্বিতীয় পালি লাভ কৰাৰ পিছতে কোভিদ পজিটিভ হৈছিল ৷

যি সময়ত দুয়োটা পালি গ্ৰহণৰ পাচতে তেওঁলোকে অধিক ৰোগ প্ৰতিৰোধ ক্ষমতা লাভ কৰা বুলি আশা কৰা হৈছিল ।

গৱেষকসকলে লগতে অনুমান কৰিছিল যে টিকাকৰণৰ পিছত SARS-CoV-2ৰ বাবে পজিটিভ হোৱাৰ শংকা ইউচি চান ডিয়েগো স্বাস্থ্যৰ স্বাস্থ্যসেৱা কৰ্মীসকলৰ ক্ষেত্ৰত ১.১৯% আৰু ইউচিএলএ স্বাস্থ্যসেৱা কৰ্মীসকলৰ ক্ষেত্ৰত ০.৯৭% আছিল ৷ যি মডাৰ্ণা আৰু ফাইজাৰৰ নিদানিক পৰীক্ষণত চিনাক্ত কৰা শংকাতকৈ অধিক আছিল আৰু যি স্বাস্থ্যসেৱা কৰ্মীসকলৰ ক্ষেত্ৰতে সীমাবদ্ধ নাছিল।

ইউচি চান দিয়েগোৰ সহ-লেখক লুচি ই হৰটনে এনেদৰে কৈছিল, টীকাকৰণৰ পাচত কোভিদ সংক্ৰমণৰ এই বিপদাশংকাৰ বাবে আৰু কেইবাটাও সাম্ভাব্য ব্যাখ্যা আছে ৷ প্ৰথমে, জৰীপ কৰা স্বাস্থ্য সেৱা কৰ্মীসকলৰ নিয়মীয়া লক্ষণহীন আৰু লক্ষণযুক্ত পৰীক্ষা আছিল । দ্বিতীয়তে, এই সময়ছোৱাত টিকাকৰণ অভিযানৰ সৈতে অতিৰিক্ত সংক্ৰমণৰ আঞ্চলিক বৃদ্ধি হৈছিল । আৰু তৃতীয়তে, ভেকছিন নিদানিক পৰীক্ষণত অংশগ্ৰহণকাৰীসকলৰ তুলনাত স্বাস্থ্য সেৱা কৰ্মীসকলৰ জনসংখ্যাৰ পাৰ্থক্য আছে। স্বাস্থ্য সেৱা কৰ্মীসকলৰ সংখ্যা কম আৰু এনে সম্প্ৰদায়ত SARS-CoV-2ৰ অধিক সামগ্ৰিক বিপদাশংকা থাকে।"

সংক্ৰমণৰ বৰ্ধিত হাৰক কিছুমান বিশেষ আচৰণৰ সৈতে দৃঢ়ভাৱে সম্পৰ্কিত কৰা হৈছে ৷ যেনে পৰ্যাপ্তভাৱে মাস্ক পৰিধান নকৰা আৰু শাৰীৰিক দূৰত্ব মানি নচলাকৈ ৰেষ্টুৰেণ্ট, বাৰৰ দৰে সামাজিক সমাবেশত উপস্থিত থকা । এই সংযোগটো কম বয়সৰ জনসংখ্যাৰ সৈতে অধিক দৃঢ়ভাৱে সম্পৰ্কিত।

গৱেষকসকলে দেখিছিল যে,দ্বিতীয় পালি গ্ৰহণৰ ১৪ দিন পিছত যেতিয়া সৰ্বাধিক ৰোগ প্ৰতিৰোধ ক্ষমতা লাভৰ আশা কৰা হৈছিল, সেইসময়তে সংক্ৰমণৰ আশংকা দেখিবলৈ পোৱা গৈছিল ৷ সেয়া বিৰল আছিল বুলি উল্লিখ কৰিছিল গৱেষকৰ দলে ৷
First published: March 30, 2021, 2:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি