• Home
  • »
  • News
  • »
  • explained
  • »
  • Explained : ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে পৰ্যটন ক্ষেত্ৰত সূচনা কৰিব নতুন দিগন্তৰ। ৰাইমনাৰ বিষয়ে পূৰ্বে নজনা, নুশুনা বহু কথা জানি লওক...

Explained : ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে পৰ্যটন ক্ষেত্ৰত সূচনা কৰিব নতুন দিগন্তৰ। ৰাইমনাৰ বিষয়ে পূৰ্বে নজনা, নুশুনা বহু কথা জানি লওক...

binary comment

binary comment

অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাক বিশ্ববাসীয়ে যেনেদৰে এশিঙীয়া গঁড়ৰ বাবে চিনি পায়, তেনেদৰেই অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান ৰাইমনাক চিনি পাওঁক ইয়াৰ সোণালী বান্দৰৰ বাবে।

  • Share this:
২০২১ চনৰ বিশ্ব পৰিৱেশ দিৱস অসমৰ বাবে পূৰ্বতকৈ কিছু ব্যতিক্ৰম আছিল কিয়নো সেইদিনটোত অসমে এটা সেউজ উপহাৰ লাভ কৰিছিল। সেই উপহাৰটোৰ নামেই আছিল ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান (Raimona NAtional Park).

অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ৰাইমনা বনাঞ্চলে স্বীকৃতি লাভ কৰে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে অসমৰ পাৰিপাৰ্শ্বিক ক্ষেত্ৰৰ লগতে পৰ্যটন উদ্যোগটো এক ব্যাপক আশাৰ সঞ্চাৰ কৰিছে। অসমৰ জৈৱ বৈচিত্ৰ (Bio-diversity) সংৰক্ষণৰ ক্ষেত্ৰত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান এক গুৰুত্বপূৰ্ণ স্থলৰূপে বিবেচিত হ’ব।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ-বৈচিত্ৰ 

বহুতো আপুৰুগীয়া জীৱ-জন্তুৰে ভৰপূৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান আকৰ্ষণ হৈছে সোণালী বান্দৰ (Golden Langur), যিটো বিটিআৰ (BTR)ৰ মেছকট। ইয়াৰ উপৰিও ৰাইমনাত পোৱা আন জন্তুবোৰ হৈছে বৃহৎ এছিয়ান হাতী (Asian Elephant), ঢেঁকীয়াপতিয়া বাঘ Royal Bengal Tiger), গোধাফুটুকী বাঘ, নাহৰফুটুকী বাঘ (Leopard), বনৰীয়া ম’হ (Buffalo), মেথোন, ফুটুকী হৰিণ বিবিধ প্ৰজাতিৰ বান্দৰ ইত্যাদি।

ইয়াৰ উপৰিও ৰাইমনাত বিলুপ্তপ্ৰায় ধনেশ (Hornbill)কে আদি কৰি প্ৰায় ১৭০টা প্ৰজাতিৰ বিবিধ চৰাই, ১৫০টা প্ৰজাতিৰ নানাৰঙী পখিলা (Butterfly), ৩৮০টা প্ৰজাতিৰ ভিন ভিন উদ্ভিদ আৰু কেইবাটাও প্ৰজাতিৰ অৰ্কিড (Orchid) পোৱা যায়। ১১ বিধ ভিন্ন প্ৰকাৰৰ বন আৰু ইয়াৰ উপ-প্ৰকাৰেৰে চহকী জৈৱ-বৈচিত্ৰৰে সমৃদ্ধ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। এই দিশৰ পৰা ক’ব পাৰি যে এই নতুন ৰাষ্ট্ৰীয় উদ্যান ৰাইমনাই বিভিন্ন দেশী-বিদেশী পৰ্যটকক (Tourist) আকৰ্ষণ কৰিব।





বিপন্ন সোণালী বান্দৰৰ মুক্ত বিচৰণথলী

বিশ্বত সোণালী বান্দৰ সংৰক্ষণত উল্লেখযোগ্য ভূমিকা ল'ব ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে।
ভাৰত (India) আৰু ভূটান (Bhutan) এই দুয়োখন দেশৰ মাজত এই সুবৃহৎ অৰণ্য অঞ্চলটিত বসবাস কৰা জীৱ-জন্তু, প্ৰাণীয়ে জৈৱ-বৈচিত্ৰতাত যথেষ্ট প্ৰভাৱ পেলাব বুলি প্ৰকৃতিবিদসকলে মত পোষণ কৰে। IUCN ৰ দ্বাৰা বৰ্তমান বিপন্নপ্ৰায় প্ৰজাতিৰূপে স্বীকৃত সোণালী বান্দৰ(Gee’s Golden Langur)ৰ বাসস্থান এই ৰাইমনা।গতিকে,সোণালী বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় উদ্যান ৰাইমনাই ল’ব এক বিশেষ উল্লেখযোগ্য ভূমিকা।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক অৱস্থিতি

অসমৰ একেবাৰে পশ্চিম সীমান্তৰ বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ কচুগাঁৱত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ সৰ্বমুঠ মাটিকালি ৪২২ বৰ্গ কিলোমিটাৰ। কোকৰাঝাৰৰ ৰিপু সংৰক্ষিত বনাঞ্চলৰ উত্তৰ অংশ আৰু গোঁসাইগাওঁ মহকুমাৰ কচুগাঁও সংৰক্ষিত বনাঞ্চলখনক লৈ গঠিত হৈছে অসমৰ ষষ্ঠ তথা ভাৰতবৰ্ষৰ ১০৫ সংখ্যক ৰাষ্ট্ৰীয় উদ্যানখন।

উল্লেখযোগ্য যে এই কচুগাঁও বনাঞ্চলখন সমগ্ৰ এছিয়াৰ ভিতৰতে দ্বিতীয় বৃহৎ বনাঞ্চল। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান মানস জৈৱ সংমণ্ডল আৰু চিৰাং-ৰিপু হস্তী বনাঞ্চলৰ এটা গুৰুত্বপূৰ্ণ অংগ। লগতে ই মানাহ ব্যাঘ্ৰ প্ৰকল্প (Manas Tiger Project)ৰ এটা গুৰুত্বপূৰ্ণ অংগ। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন ভূটানৰ ফিবছ’ সংৰক্ষিত বনাঞ্চল আৰু জিগমে ছিংয়ে ৱাংচুক ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি আছে। গতিকে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰি ভূটানৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানক সামৰি চিৰাং-ৰিপু সংৰক্ষিত অঞ্চললৈকে মুঠ ছটা সংৰক্ষিত অঞ্চলক সামৰি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে গঠন কৰিব এটা বৃহৎ বন্যপ্ৰাণী কৰিড'ৰ।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিসীমা

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পূব দিশত আছে সৰলভাঙা নৈ আৰু তাৰ গাতে লাগি আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান।পশ্চিম দিশত আছে সোণকোষ নৈ আৰু ইয়াৰ গাতে লাগি আছে অসম-বংগ সীমান্ত। উত্তৰ দিশত আছে ভাৰত-ভূটান সীমান্ত। দক্ষিণ দিশত আছে পেকুৱা নৈ আৰু তাৰ কিছু দূৰত কোকৰাঝাৰ নগৰ।



ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান যি ঠাইত অৱস্থিত সেই ঠাইখন প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ। পৰ্বত-পাহাৰ, ঘন অৰণ্য আদিৰ সংমিশ্ৰণত এই ঠাইডোখৰৰ সৌন্দৰ্য লেখতল’বলগীয়া। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ এই প্ৰাকৃতিক সৌন্দৰ্যই ইয়ালৈ বিভিন্ন দেশী-বিদেশী পৰ্যটকক আকৃষ্ট কৰিব। ৰাইমনাত থকা বিলুপ্তপ্ৰায় সোণালী বান্দৰৰ লগতে বিভিন্ন প্ৰজাতিৰ বাঘ, হাতী, মেথোন, বিলুপ্ত প্ৰায় ধনেশ পক্ষী আদি চাবলৈ পৰ্যটকে ভিৰ কৰিব।

ৰাইমনাই অসমৰ পৰ্যটন উদ্যোগৰ বাবে এখন নতুন দুৱাৰ মুকলি কৰি দিছে। অসমৰ পৰ্যটন বিভাগে যদি সঠিক পন্থাৰে ৰাইমনাৰ জৈৱ বৈচিত্ৰক ব্যৱহাৰ কৰে তেতিয়া নিশ্চয় ৰাইমনা সমগ্ৰ বিশ্বতে প্ৰসিদ্ধ হ’ব। ইয়াৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগে ল’ব লাগিব নতুন নতুন সুপৰিকল্পিত আঁচনি তথা প্ৰচাৰৰ অভিনৱ কৌশল আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত গঢ়ি তুলিব লাগিব ন ন প্ৰযুক্তিগত তথা উন্নত পৰ্যটনৰ আন্তঃগাঁথনি।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত বৃটিছৰ ট্ৰাম গাড়ী

বন বিষয়া প্ৰাঞ্জল তালুকদাৰে জনোৱা মতে, বৃটিছে ১৯০১ চনত দুটা উল্লেখযোগ্য কাম কৰিছিল। এটা উচ্চ শিক্ষা গ্ৰহণৰ বাবে প্ৰথমখন শিক্ষা অনুষ্ঠান কটন কলেজ গুৱাহাটীৰ পাণবজাৰত স্থাপন কৰিছিল আৰু একেটা বৰ্ষত কচুগাঁও সংৰক্ষিত বনাঞ্চলত ট্ৰাম লাইন (Trum Line) স্থাপন কৰিছিল। ট্ৰাম গাড়ীৰ জড়িয়তে দূৰ্গম অঞ্চলত থকা কেম্পত পানী যোগান ধৰা, বনাঞ্চলৰ কাঠ সৰবৰাহৰ ক্ষেত্ৰত ট্ৰাম লাইন ব্যৱহাৰ কৰিছিল। আনহাতে ভূটানৰ লগত ট্ৰাম লাইনৰ যোগেদি ব্যৱসায়ীক যোগসূত্ৰ বৃটিছসকলে স্থাপন কৰিছিল। যদিও ১৯৮৩ চনত বিশেষ কাৰণত বন বিভাগে ট্ৰাম লাইন উঠাই দিছিল। পৰ্যাটক সকল ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখনলৈ আহিলে ট্ৰাম লাইন বা ট্ৰাম গাড়ী সোণালী বান্দৰৰ পিছত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ সম্ভাৱনা আছে।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন আৰু ইয়াৰ বাসিন্দা

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে পৰ্যটনৰ ক্ষেত্ৰত ব্যাপ্তি লাভ কৰিলে ইয়াৰ কাষৰীয়া অঞ্চলবোৰত বাস কৰা লোকসকলৰো আৰ্থিক অৱস্থা ক্ৰমাৎ স্বচ্ছল অৱস্থালৈ গতি কৰিব। কিয়নো ইয়াত পৰ্যটকৰ পৰিমাণ বৃদ্ধি হ’লে ইয়াৰ কাষৰীয়া অঞ্চলত বসবাস কৰা মানুহবোৰে পৰ্যটন উদ্যোগৰ লগত জড়িত নানা বিভাগত লাভ কৰিব কৰ্মসংস্থাপন তথা নিজেও আৰম্ভ কৰিব পাৰিব নতুন নতুন উদ্যোগ। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে ইয়াৰ কাষৰীয়া লোকসকলক দিব পাৰে এক স্বচ্ছল তথা অৰ্থনৈতিকভাৱে স্বাৱলম্বী জীৱন।

১৯৮৯ চনৰ পৰা ৰাইমনা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৩০ শতাংশ অঞ্চল সেই সময়ত বড়োভূমিৰ অশান্ত পৰিস্থিতি, বেদখল আৰু অন্যান্য কাৰণত নিয়ন্ত্ৰণলৈ আনিবৰ বাবে বন-গছ কাটি প্ৰায় উচ্ছেদিত আৰু মুকলি কৰা হৈছিল। কিন্তু বৰ্তমানৰ সুস্থিৰ পৰিৱেশ আৰু নতুনকৈ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় উদ্যানখনে তাৰ স্থানীয় লোক তথা অসমবাসীৰ বাবে আনিছে এক আশাব্যঞ্জক খবৰ।



প্ৰতিকুল পৰিৱেশৰ মাজত বনকৰ্মীৰ কৰ্তব্য পালন

এগৰাকী বনকৰ্মী প্ৰদীপ গয়াৰীয়ে জনোৱা মতে, অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ নোহোৱাকৈ সীমিত সংখ্যক বনকৰ্মীয়ে দীৰ্ঘদিন ধৰি প্ৰতিকূল পৰিৱেশৰ মাজতো কৰ্তব্য সম্পাদন কৰিছে বনকৰ্মী সকলে। পুৰণি বন্দুক লৈ যুদ্ধ কৰিব লগা হৈছে কাঠ মাফিয়া তথা চোৰাং চিকাৰীৰ বিৰুদ্ধে। বাট-পথ নথকা ঘন জংঘলৰ মাজত কেতিয়াবা খোজকাঢ়ি কেতিয়াবা জব্দকৃৎ মটৰচাইকেল লৈ কাঠ মাফিয়া তথা চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বনকৰ্মী সকলে। কচুগাঁও সংৰক্ষিত বনাঞ্চল ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰিণত হোৱাত আশাৰ ৰেঙনি দেখিছে বনকৰ্মীসকলে।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত পানীৰ অভাৱ

ইমনা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া প্ৰাঞ্জল তালুকদাৰে জনোৱা মতে, কাঠ মাফিয়া আৰু চোৰাং চিকাৰীৰ পৰা কাঠ আৰু জীৱ জন্তুৰ সুৰক্ষাৰ বাবে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখনৰ গভীৰ জংঘলত কেইবাটাও ফৰেষ্ট কেম্প আছে। কিন্তু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ বহু অঞ্চল ভাপৰ এৰিয়া হোৱা বাবে পানীৰ অভাব। নিজা উদ্যোগত ছোলাৰ ছিষ্টেম পানী উত্তোলনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও বাৰিষাৰ ছমাহ হে তাৰ পৰা পানী পাব পাৰি। অইন সময়ত কচুগাঁৱত পৰা প্ৰতিদিনে পানী কেম্পত যোগান ধৰিব লাগে। তাৰোপৰি তালুকদাৰে নিজে প্ৰায় ৯ লাখ টকা খৰচ কৰি টিংৰ চালিৰে বনকৰ্মী থকাৰ বাবে কেম্প বনাই দিছে।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আৰু এনজিঅ'ৰ অৱদান 

গ্ৰীণ ফৰেষ্ট কনজাৰভেশন নামৰ এনজিঅৰ কৰ্মকৰ্তা টুনু বসুমতাৰীয়ে আমাক জানিবলৈ দিয়া মতে, ১৯৮৯ চনৰ পিছত কচুগাঁও সংৰক্ষিত বনাঞ্চলৰ গছ গছনি ধ্বংসৰ মুখলৈ গতি কৰে। কাঠ মাফিয়াই কাঠ কাটি চোৰাং ভাবে সৰবৰাহ কৰি থকাৰ বাবে গাঁৱৰ কেইবাজন যুবকে বন ধ্বংস আৰু জীৱ জন্তুক ৰক্ষা কৰা বাবে ২০০৬ চনত গ্ৰীণ ফৰেষ্ট কণজাৰভেশন নামেৰে এটা এনজিঅ গঠন কৰে। তাৰপিছত বন বিভাগৰ লগত একেলগে সংৰক্ষিত বনাঞ্চলৰ মুকলি ঠাইত গছৰ পুলি ৰোপন, গছ গছনি চোৱা চিতা কৰা, জীৱ জন্তুক চোৰাং চিকাৰীৰ পৰা সুৰক্ষিত কৰি ৰখা আদিৰ কামত বৰ্তমানলৈকে নিয়োজিত হৈ আছে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ দূৰ্গম অঞ্চলত থকা বন বিভাগৰ কেম্পত এনজিঅৰ কৰ্মকৰ্তা থাকি বনকৰ্মীৰ লগত একেলগে দায়িত্ব পালন কৰিছে কৰ্মী সকলে।



বিভিন্ন উদ্ভিদ তথা জীৱকূলৰ বসতিস্থল ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে অসমবাসী তথা ভাৰতবাসীৰ মাজত বন তথা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক আশাৰ সঞ্চাৰ কৰিছে। অসমৰ পৰিৱেশ সংৰক্ষণ তথা পৰ্যটন উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে ব্যাপক অৰিহণা যোগাব। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে সামৰি লোৱা ৪২২ বৰ্গ কিলোমিটাৰ এলেকাত সৃষ্টি হ’ব বন তথা বন্যপ্ৰাণী সংৰক্ষণৰ এক নতুন অধ্যায়ৰ। বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ঘোষিত হোৱা অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান ৰাইমনাই সোণালী বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বত এক সুকীয়া পৰিচিতি লাভ কৰক। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাক বিশ্ববাসীয়ে যেনেদৰে এশিঙীয়া গঁড়ৰ বাবে চিনি পায়, তেনেদৰেই অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান ৰাইমনাক চিনি পাওঁক ইয়াৰ সোণালী বান্দৰৰ বাবে।
Published by:Manjumoni Borah
First published: