মুখ্যপৃষ্ঠা » খবৰ

» Explained

»Decoding Long Covid: কোৰোণা ৰোগীক দীঘলীয়া সময়লৈ ষ্টেৰইড দিয়াৰ ফলত ক্ষতিগ্ৰস্ত হয় হাড়

Decoding Long Covid: কোৰোণা ৰোগীক দীঘলীয়া সময়লৈ ষ্টেৰইড দিয়াৰ ফলত ক্ষতিগ্ৰস্ত হয় হাড়

News18 Assam | News18-Assam
Updated:June 12, 2021, 6:32 PM IST
Decoding Long Covid: কোৰোণা ৰোগীক দীঘলীয়া সময়লৈ ষ্টেৰইড দিয়াৰ ফলত ক্ষতিগ্ৰস্ত হয় হাড়
কোৰোণাৰ পৰা আৰোগ্য হোৱাৰ পিছতো মানুহে বহু অসুবিধাৰ সন্মুখীন হৈছে, এনে সমস্যাবোৰক চিকিৎসকে 'Long Covid' বুলি অভিহিত কৰিছে।

কোৰোণাৰ পৰা আৰোগ্য হোৱাৰ পিছতো মানুহে বহু অসুবিধাৰ সন্মুখীন হৈছে, এনে সমস্যাবোৰক চিকিৎসকে 'Long Covid' বুলি অভিহিত কৰিছে।

  • Share this:

কোৰোণাৰ দ্বিতীয় ঢৌৰ প্ৰভাৱ লাহে লাহে হ্ৰাস পাবলৈ লৈছে। বিগত মাহত প্ৰতিদিনে প্ৰায় ৪ লাখ নতুন ঘটনা পোহৰলৈ আহিছিল যদিও সম্প্ৰতি ক্ৰমাৎ হ্ৰাস পাবলৈ লৈছে এই সংখ্যা। কিন্তু এতিয়া চিন্তাৰ বিষয় হৈছে যে কোৰোণাৰ পৰা আৰোগ্য হোৱাৰ পিছতো মানুহৰ মাজত দেখা দিয়া ভিন্ন অসুবিধা। এনে সমস্যাবোৰক চিকিৎসকে 'Long Covid' বুলি অভিহিত কৰিছে।


গুৰগাঁৱৰ চি কে বিৰলা চিকিৎসালয়ৰ অৰ্থোপেডিক্স বিভাগৰ চিকিৎসক দেৱাশিস চন্দাই দীৰ্ঘদিন ধৰি ষ্টেৰইড ব্যৱহাৰৰ ফলত হোৱা ক্ষতিৰ বিষয়ে উল্লেখ কৰিছে। চিকিৎসকগৰাকীৰ মতে, কোভিড ৰোগীসকলে পেশীৰ শক্তি হেৰুৱায়। ষ্টেৰইড দিয়া ৰোগীৰ ক্ষেত্ৰত এয়া বেছিকৈ হোৱা দেখা যায়, লগতে যিসকল ৰোগীক দীঘলীয়া সময়ৰ বাবে বেড ৰেষ্টৰ পৰামৰ্শ দিয়া হৈছে।


হাড়ৰ ক্ষতি



নিউজ১৮ৰ সৈতে বাৰ্তালাপ কৰি ড০ চন্দাই কয়, "দীঘলীয়া সময়লৈ ৰোগ আৰু কেইবাসপ্তাহলৈ বিছনাত লোৱা বিশ্ৰামে শৰীৰৰ সকলো প্ৰণালীক প্ৰভাৱিত কৰে। ইয়াৰ ভিতৰত এটা হৈছে পেশীবহুল প্ৰণালী। কোভিডৰ পিছত ভাগৰ, পেশীৰ বিষ আৰু গাঁঠিৰ বিষৰ দৰে লক্ষণবোৰ সচৰাচৰ দেখা যায় আৰু ইয়াৰ বিস্তাৰ এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাইছে।"


ঠিক হ'বলৈ কিমান সময় লাগে ?


চিকিৎসকৰ মতে, দীঘলীয়া সময়ৰ বাবে বিছনাত জিৰণি ল'লে হাড় আৰু পেশী দুৰ্বল হ'ব পাৰে। তেনেস্থলত কোভিড–১৯ৰ দৰে গুৰুতৰ ৰোগৰ পিছত আৰোগ্য হ'বলৈ দীঘলীয়া সময় লাগিব পাৰে। এই পৰিস্থিতিতে মাংসপেশীৰ শক্তি অর্জন কৰিবলৈ কমেও ছয় সপ্তাহ বা তাতকৈ বেছি সময়ৰ প্ৰয়োজন হ'ব পাৰে ।


ষ্টেৰইডৰ সমস্যা



ডাঃ চন্দাই কয় যে যিসকল ৰোগীক কোভিড–১৯ৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু দীঘলীয়া সময়ৰ বাবে বিছনাত জিৰণি ল'বলৈ কোৱা হৈছে। তেওঁলোকৰ বাবে থিয় হোৱা, খোজ কঢ়া বা সক্ৰিয় হৈ থকাটো কঠিন হ'ব পাৰে। কোভিডৰ চিকিৎসাত ষ্টেৰইডৰ ব্যৱহাৰেও সমস্যাৰ সৃষ্টি কৰিব পাৰে। চিকিৎসকগৰাকীয়ে কয়, 'সাধাৰণতে ১০-১৫ দিনৰ ষ্টেৰইডৰ এটা চমু সূচীয়ে কোনো সমস্যা সৃষ্টি নকৰে, কিন্তু বহু ৰোগীয়ে দীৰ্ঘদিন ধৰি ষ্টেৰইড থেৰাপীত থাকবলগীয়া হয় । এনে ৰোগীৰ ক্ষেত্ৰত হাড় ক্ষতিগ্ৰস্ত হোৱাৰ শংকা বৃদ্ধি পায়।


ঘৰুৱা প্ৰতিকাৰ


চিকিৎসকে এনে সমস্যাৰ সৈতে যুঁজিবলৈ কিছুমান ঘৰুৱা প্ৰতিকাৰৰ বিষয়েও বৰ্ণনা কৰিছিল। তেওঁৰ মতে হালধি দিয়া গাখীৰ, দেশীয় ঘিউ, উচ্চ প্ৰ'টিনযুক্ত আহাৰ আৰু নহৰুৱে গাঁঠিবোৰ লুব্ৰিকেট আৰু শক্তিশালী কৰাত সহায় কৰে। কিছুমান ঔষধ যেনে গ্লুকোচামাইন, কাৰকিউমিনেও সহায় কৰে, কিন্তু ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

Published by: Gautam Barman
First published: June 12, 2021, 6:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি