உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • explained
    • »
    • EXPLAINED: মোদীৰ স্বাধীন বাংলাদেশৰ সমৰ্থনত কৰা আন্দোলন আঁৰৰ কাহিনী, কেতিয়া আৰু ক'ত হৈছিল তেনে আন্দোলন ? 

    EXPLAINED: মোদীৰ স্বাধীন বাংলাদেশৰ সমৰ্থনত কৰা আন্দোলন আঁৰৰ কাহিনী, কেতিয়া আৰু ক'ত হৈছিল তেনে আন্দোলন ? 

    নতুন দিল্লীত ভাৰতীয় জন সংঘই মুক্তি বাহিনীৰ সমৰ্থনত আগষ্টৰ ১ তাৰিখৰ পৰা ১১ তাৰিখলৈ জন সত্যাগ্ৰহ কৰিছিল । জন সংঘৰ সদস্য সকলে আগষ্টৰ ১২ তাৰিখে ভাৰতীয় সংসদৰ সন্মুখত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰিছিল ।

    • Share this:
    বাংলাদেশৰ মুক্তিৰ সোণালী জয়ন্তী উদযাপন সমাৰোহত অংশগ্ৰহণ কৰি ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে (দেশৰ মুক্তি যুদ্ধৰ সময়ত) স্বাধীন বাংলা ৰাষ্ট্ৰৰ সমৰ্থনত আন্দোলনত অংশগ্ৰহণ কৰি জেল যোৱা বুলি নিজৰ ভাষণত উল্লেখ কৰিছে । ঢাকাৰ ৰাষ্ট্ৰীয় পেৰেড  গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনাৰ উপস্থিতিত মোদীয়ে কয় – “তেওঁৰ বয়স তেতিয়া ২০-২২বছৰ আৰু তেওঁ সতীৰ্থৰে সৈতে আন্দোলন কৰি গ্ৰেপ্তাৰো হৈছিল ।“

    এতিয়া প্রশ্ন হয় যি মুক্তি যুদ্ধত ভাৰত চৰকাৰৰ সম্পূর্ণ সমৰ্থন আৰু ভাৰতীয় সৈন্য প্রত্যক্ষ ভাৱে জড়িত হৈ আছিল তেনে মুক্তি যুদ্ধৰ সমৰ্থনত ভাৰতত আন্দোলন কৰাৰ অৱকাশ ক’ত ?

    পূব পাকিস্তানত ইছলামাবাদে সামৰিক অভিযান আৰম্ভ কৰিছিল ১৯৭১চনৰ ২৫মাৰ্চৰ নিশা আৰু যুদ্ধৰ অন্ত পৰিছিল সেই বছৰৰে ১৬ডিচেম্বৰ তাৰিখে । তাৰ মাজতে নতুন দিল্লীত ভাৰতীয় জন সংঘই মুক্তি বাহিনীৰ সমৰ্থনত আগষ্টৰ ১ তাৰিখৰ পৰা ১১ তাৰিখলৈ জন সত্যাগ্ৰহ কৰিছিল । জন সংঘৰ সদস্য সকলে আগষ্টৰ ১২ তাৰিখে ভাৰতীয় সংসদৰ সন্মুখত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰিছিল ।

    এই সত্যাগ্ৰহৰ নেতৃত্ব প্ৰদান কৰিছিল সেই সময়ত জন সংঘৰ সাংসদ অটল বিহাৰী বাজপায়ীয়ে । ২০১৫চনত সেয়ে বাংলাদেশ চৰকাৰে বাজপায়ীক বাংলাদেশ মুক্তি বঁটা প্ৰদান কৰিছিল । প্রাক্তন প্ৰধানমন্ত্ৰী বাজপায়ী অসুস্থ হৈ থকাৰ কাৰণে মোদীয়ে ঢাকালৈ গৈ সেই বঁটা গ্ৰহণ কৰিছিল । আৰু তেতিয়াও তেওঁ জন সংঘৰ সত্যাগ্ৰহ অনুষ্ঠানত ভাগ লোৱাৰ স্মৃতি ৰোমন্থন কৰিছিল । ভাৰতীয় জন সংঘই ১৯৮০চনত ভাৰতীয় জনতা পাৰ্টী নামৰে ভাৰতৰ ৰাজনীতিত আত্ম প্ৰকাশ কৰিছিল ।

    উল্লেখযোগ্য যে, অটল বিহাৰী বাজপায়ীক প্রদান কৰা ফলক খনত এই সত্যাগ্ৰহৰ বিষয়ে বিস্তৃত ভাৱে লিপিবদ্ধ কৰা আছে । ভাৰত চৰকাৰক আনুষ্ঠানিক সমৰ্থন ক্ষীপ্ৰ কৰিবলৈ দাবী জনাই ভাৰতীয় জন সংঘই এই কাৰ্যসূচী হাতত লৈছিল বুলিও উল্লেখ কৰা আছে উক্ত ফলকখনত ।
    First published: