• Home
  • »
  • News
  • »
  • explained
  • »
  • সুদীৰ্ঘ ৭টা দশকৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনটোত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা হ'ব ৮ টা চিতা

সুদীৰ্ঘ ৭টা দশকৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনটোত দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা হ'ব ৮ টা চিতা

এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ মাংসভোজী জন্তু অনা এইটো প্ৰথম বাৰৰ বাবে হৈছে।

এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ মাংসভোজী জন্তু অনা এইটো প্ৰথম বাৰৰ বাবে হৈছে।

এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ মাংসভোজী জন্তু অনা এইটো প্ৰথম বাৰৰ বাবে হৈছে।

  • Share this:
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন আগন্তুক ১৭ ছেপ্তেম্বৰ তাৰিখে উদযাপন কৰা হ’ব। এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে দেশক এক বিশেষ উপহাৰ দিব যিয়ে সেই দিনটোক ঐতিহাসিকৰূপে পৰিগণিত কৰিব। কিয়নো ১৯৫২ চনত দেশৰ পৰা বিলুপ্ত হোৱা চিতাক সুদীৰ্ঘ ৭০ বছৰৰ পাছত উক্ত দিনা দেশলৈ চিতা অনা হ'ব।

জানিব পৰা মতে, ১৬ ছেপ্টেম্বৰত দক্ষিণ আফ্ৰিকাৰ নামিবিয়াৰ ৰাজধানী ৱিণ্ডহকৰ পৰা ৮টা চিতা ৰাওনা কৰা হ'ব যি প্ৰধানমন্ত্ৰীৰ জন্মদিন অৰ্থাৎ ১৭ ছেপ্টেম্বৰত জয়পুৰত উপস্থিত হ'ব। চিতাকেইটা চাৰ্টাৰ্ড বিমানেৰে ভাৰতলৈ অনা হ'ব আৰু ১৭ তাৰিখৰ ৰাতিপুৱা জয়পুৰত অৱতৰণ কৰাৰ পাছতেই তাৰ পৰা হেলিকপ্টাৰৰ জৰিয়তে মধ্য প্ৰদেশৰ শ্বেওপুৰৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হ'ব। ইয়াৰ বাবে, কুনোত বিশেষভাৱে এটা হেলিপেড তৈয়াৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে চিতাকেইটা দেশক হস্তান্তৰ কৰিব।

উল্লেখ্য যে, ১৬ ছেপ্টেম্বৰত ৱিণ্ডহকৰ পৰা ভাৰতলৈ আনিব লগা ৮ টা চিতাৰ ভিতৰত ৫ টা মাইকী আৰু ৩ টা মতা চিতা থাকিব। দেওবাৰে ভাৰতৰ এটা দলে চিতাকেইটা আনিবলৈ নামিবিয়ালৈ ৰাওনা হয়। মন কৰিবলগীয়া যে, এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ মাংসভোজী জন্তু অনা এইটো প্ৰথম বাৰৰ বাবে হৈছে। এই ঐতিহাসিক পদক্ষেপক প্ৰশংসা কৰি পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে, ই পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাটো সহজ কৰি তুলিব।

নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা চিতা অনাৰ প্ৰস্তুতি চলি আছে। ভাৰত আৰু নামিবিয়া চৰকাৰৰ সৈতে হোৱা চুক্তি অনুসৰি, প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন ১৭ ছেপ্টেম্বৰত প্ৰথমতে ৮ টা চিতা ভাৰতলৈ অনা হ'ব। ইয়াৰোপৰি, দক্ষিণ আফ্ৰিকাৰ পৰা ১২ টা চিতা ভাৰতলৈ অনা হ’ব। এই তথ্য কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীজনে দেওবাৰে কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতা আয়োজন সম্পৰ্কীয় প্ৰস্তুতিৰ বুজ ল'বলৈ উপস্থিত হৈছিল। উল্লেখনীয় যে, ২০২০ চনতেই উচ্চতম ন্যায়ালয়ে নামিবিয়াৰ পৰা চিতা অনাৰ সেউজ সংকেত দিছিল।

জানিব পৰা মতে, চিতাকেইটা এটা বেষ্টনীত ত্ৰিশ দিনৰ বাবে কোৱাৰেন্টাইন কৰা হ'ব। এই সময়ছোৱাত, সিহঁতৰ আচৰণ, স্বাস্থ্য আৰু অভিযোজন সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰা হ'ব লগতে ভাৰতৰ পৰিৱেশৰ সৈতে কেনেদৰে খাপ খায় সেইটোও নিৰীক্ষণ কৰা হ'ব। এমাহৰ পিছত, এই চিতাবোৰ এক বৰ্গ কিলোমিটাৰত নিৰ্মিত এটা বেষ্টনীত এৰি দিয়া হ'ব। ইয়াৰে প্ৰায় ডেৰ মাহ পাছত অৰ্থাৎ তৃতীয় পৰ্যায়ত চিতাকেইটাক কুনোত মুক্ত বিচৰণ কৰিবলৈ এৰি দিয়া হ'ব। মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কয় যে চিতাৰ ৰক্ষণাবেক্ষণ, স্বাস্থ্য, খাদ্য আৰু ৰীতি-নীতি সন্দৰ্ভত সকলো আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰণ কৰা হৈছে।

চিতাকেইটাৰ প্ৰতি লক্ষ্য ৰাখি, সিহঁতক ৰখা অঞ্চলৰ সকলো কুকুৰক টিকাকৰণ কৰা হৈছে যাতে সিহঁতৰ বাবে কোনো স্বাস্থ্য সম্পৰ্কীয় প্ৰত্যাহ্বান নাথাকে। কুনোৰ বৰ্তমানৰ এলেকা ৭৪৮ বৰ্গ কিলোমিটাৰ আৰু চৰকাৰে ইয়াৰ ২৫ খন গাওঁ খালী কৰিছে। ইয়াৰ ভিতৰত, ২৪ খন গাওঁ সম্পূৰ্ণৰূপে খালী কৰা হৈছে আৰু অধিবাসীসকলক পুনৰ্বাসিত কৰা হৈছে। চিতাকেইটা ৰাখিব লগা উদ্যানখনৰ সীমাত থকা এখন গাৱঁৰ পুনৰ্সংস্থাপনৰ কাম চলি আছে। ওচৰৰ গাওঁবোৰত বাস কৰা লোকসকলক কেৱল চৰকাৰে অৱগত কৰাৰ উপৰিও তেওঁলোকক দক্ষতাৰ প্ৰশিক্ষণো দিয়া হৈছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি