OPINION | গুজৰাটৰ সদ্য সমাপ্ত স্থানীয় নিৰ্বাচনৰ পৰা আমাৰ ৰাজনৈতিক মহলে কি শিক্ষা লোৱা উচিত?

News18 Assam | News18-Assam
Updated:March 22, 2021, 3:25 PM IST
OPINION | গুজৰাটৰ সদ্য সমাপ্ত স্থানীয় নিৰ্বাচনৰ পৰা আমাৰ ৰাজনৈতিক মহলে কি শিক্ষা লোৱা উচিত?
এই জনাদেশৰ দ্বাৰা গুজৰাটৰ জনতাই একাধিক বাৰ্তা প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে স্থিতপ্ৰজ্ঞ হৈ থিয় দিয়াৰ অংগীকাৰ লৈছে গুজৰাটৰ জনতাই।

এই জনাদেশৰ দ্বাৰা গুজৰাটৰ জনতাই একাধিক বাৰ্তা প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে স্থিতপ্ৰজ্ঞ হৈ থিয় দিয়াৰ অংগীকাৰ লৈছে গুজৰাটৰ জনতাই।

  • Share this:
সেয়া আছিল ১৯৮৫ চনৰ কথা, যেতিয়া লোকসভা আৰু বিধানসভা নিৰ্বাচনত গুজৰাটৰ জনতাই কংগ্ৰেছৰ বাবে ভোট হিয়া উজাৰি ভোটদান কৰিছিল। সেই সময়ৰ পাচত ২০১৫ চনত গুজৰাটত পুনৰ কংগ্ৰেছ দলৰ বাবে এটা ইতিবাচক বৰ্ষ হিচাপে বিবেচিত হৈছিল। কিয়নো ঠিক এবছৰ পূৰ্বে ৰাজ্যখনৰ ৰাজনীতিত বৃহৎ শূণ্যতা এৰি কেন্দ্ৰলৈ গৈছিল নৰেন্দ্ৰ মোদী। ২০১৫ চনৰ জুলাই-আগষ্টত হোৱা পাটিদাৰ আন্দোলনে বিজেপি আৰু তেওঁলোকৰ একান্ত সমৰ্থকৰ মাজত এক ব্যৱধান আনি দিছিল।

সেই সময়তে এই প্ৰসংগ লৈয়ে কংগ্ৰেছে গ্ৰাম্য গুজৰাটক নিজৰ সমৰ্থনলৈ অনাৰ লগতে গুজৰাটৰ চহৰ অঞ্চলতো বিজেপিৰ সীমাৰেখা হ্ৰাস কৰে । ৰাজকোট হৈছে এনে এখন ঠাই, য'ত ১৯৮০ত বিজেপিয়ে প্ৰথমবাৰৰ বাবে বিজয়ৰ সোৱাদ লাভ কৰিছিল আৰু এই ৰাজকোটতেই বিজেপি আৰু কংগ্ৰেছৰ মাজত সেইবাৰ প্ৰায় ওচৰা–ওচৰি প্ৰতিদ্বন্দ্বিতা দেখা পোৱা যায়। তালুকা পঞ্চায়তসমূহত কংগ্ৰেছে ১৩৪ খন আসন লাভ কৰিছিল বিপৰীতে বিজেপিয়ে ৬৭ খন আসন লাভ কৰিছিল । জিলা পঞ্চায়তসমূহত কংগ্ৰেছৰ পতাকা ২৪টা জিলা মুখ্য কাৰ্যালয়ত উৰে, য'ত বিজেপিৰ পতাকা মাত্ৰ ৬টা কাৰ্যালয়তে সীমাবদ্ধ কৰা হৈছিল ।

তাৰ পাচতেই ২০১৭ চনত আহিছিল গুজৰাট বিধানসভা নিৰ্বাচন। য'ত কংগ্ৰেছে ৭৭ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ইাৰে বৃহৎ সংখ্যক আসন আহিছিল গ্ৰাম্য অঞ্চলৰ পৰা । অৰ্থাত্ ২০১৫ চনৰ স্থানীয় নিৰ্বাচনত কংগ্ৰেছে লাভ আসনৰ তুলনাত ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ বৃদ্ধি পাইছিল জয়ৰ পৰিমান।

কিন্তু অতি শেহতীয়াকৈ ঘোষিত ২০২১ৰ গুজৰাটত স্থানীয় নিৰ্বাচনৰ ফলাফলে দীৰ্ঘসময়ৰ বাবে কংগ্ৰেছ দলক আশাহত কৰি তোলে।

গুজৰাটৰ নগৰ নিৰ্বাচনৰ ফলাফল বিস্তৃতভাৱে প্ৰত্যাশিত শাৰীত আছিল যদিও বিজেপিয়ে পূৰ্বে উল্লেখ কৰা আসনত আগতকৈ ফলাফল বহুগুণেই ভাল কৰে । ৰাজকোট, আহমেদাবাদ, ভৱনগৰ, বদোদৰা আৰু জামনগৰত বিজেপিৰ আধিপত্য প্ৰায় আছিল । ইপিনে চুৰাটত, দলটোৱে লোকচান আঁতৰাই আকৰ্ষণীয় ফলাফল দেখুৱাবলৈ সক্ষম হয় । বিজেপিয়ে কংগ্ৰেছে দখল কৰা আসনৰ সংখ্যাৰ ১০ গুণ জয় লাভ কৰিবলৈ সক্ষম হৈছে।

কিন্তু এই গ্ৰাম্য স্থানীয় সংস্থাৰ নিৰ্বাচনেই হৈছে সাৱধানে মনোযোগ দিয়াৰ যোগ্য। সকলো জিলা পঞ্চায়তত নিশ্চিহ্ন হৈ পৰাৰ লগতে তালুকা পঞ্চায়ততো হতাশাজনক প্ৰদৰ্শন দেখুৱায় কংগ্ৰেছ দলে ।

এই জনাদেশৰ জৰিয়তে গুজৰাটৰ লোকসকলে ভিন্ন বাৰ্তা প্ৰদান কৰিছে। গুজৰাটৰ প্ৰথম আৰু মুখ্য বাৰ্তাটোৱে নৰেন্দ্ৰ মোদীৰ সৈতে স্থিতপ্ৰজ্ঞ হৈ থিয় দিয়া। প্ৰধানমন্ত্ৰীৰ প্ৰতি সমৰ্থন কেৱল বাঢ়ি আহিছে । কেৱল সেয়েই নহয়, ইয়ে মোদীৰ বিৰুদ্ধে যিকোনো নেতিবাচক প্ৰচাৰত শাস্তি প্ৰদান কৰিব ।

আন এটা গুৰুত্বপূৰ্ণ বাৰ্তা ওলাই আহিছে যে গুজৰাটবাসীৰ দৃষ্টি শাসকৰ দল হিচাপে পৰিগণিত হোৱাৰ বিফল হৈছে কংগ্ৰেছ। ২০১৫ আৰু ২০১৭ৰ জয়ে কংগ্ৰেছক এটা বিকল্প নেতৃত্ব ৰখাৰ লগতে এক উন্নয়ন মডেল প্ৰস্তুত কৰাৰ বাবে পৰ্যাপ্ত স্থান দিছিল যদিও তেওঁলোকে সেয়া কৰিব নোৱাৰিলে ।

তৃণমূল পৰ্যায়ৰ বিষয়বোৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে কংগ্ৰেছে ব্যক্তিগতভাৱে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰুদ্ধে নেতিবাচক প্ৰচাৰ গুৰুত্ব প্ৰদান কৰিছিল । যেতিয়া এটা দলৰ কোনো অংশ নোহোৱা হৈ পৰে সেয়া ভাল, কিন্তু যেতিয়া ই কাম কৰাৰ সুযোগ লাভ কৰিও বিফল হয়, সেয়া জনতাই পছন্দ নকৰে। আনকি কংগ্ৰেছ বিধায়কসকলে তেওঁলোকৰ অঞ্চলত উপলব্ধও নাছিল । আচৰিত যে, ২০১৫ আৰু ২০১৭ চনত একো নোহোৱা হৈ পৰা বিজেপিয়ে অমৰেলীৰ দৰে জিলাসমূহতো পুনৰ পথ তৈয়াৰ কৰিছে । যি হৈছে মুখ্যতঃ গ্ৰাম্য আৰু পতিদাৰ-আধিপত্য থকা জিলা ।

গুজৰাটে দেখুৱাইছে যে প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহক আন সময়ত কামৰ দ্বাৰা দেখুৱাব লাগিব । ২০১৫ চনৰ জোকাৰণি বিজেপিক জাগ্ৰত কৰিবলৈ যথেষ্ট আছিল আৰু বিজেপিয়ে নিজৰ কৰ্ম শৈলীৰ পৰিৱৰ্তন কৰিছিল। ইয়াৰ নগৰীয়া নেতাসকলক অধিক সক্ৰিয়ৰূপত দেখা পোৱা গৈছিল আনহাতে গ্ৰাম্য নেতৃত্বই দলটোৰ উন্নয়নৰ বাণী লৈ প্ৰতিখন গাঁৱলৈ গৈছিল।

লগতে গুজৰাটবাসীয়ে কৃষি আইনক লৈ কেনেধৰণৰ দৃষ্টিকোণ ৰাখিছে সেই বিষয়েও এটা বাৰ্তা আছে এই জনাদেশত | যিহেতু গ্ৰাম্য গুজৰাটত বিশেষকৈ বহুতো ক্ষুদ্ৰ কৃষক থাকে। ভাৰতৰ এগৰাকী উচ্চ পৰ্যায়ৰ কৃষক নেতা চৰ্দাৰ পেটেলৰ দ্বাৰা অনুপ্ৰাণিত গুজৰাটী কৃষকসকলে সদায় প্ৰগতিশীল আৰু কৃষিত নতুন প্ৰযুক্তি গ্ৰহণ কৰিবলৈ ইচ্ছুক । সমবায় খণ্ডকো গ্ৰহণ কৰা প্ৰথম ৰাজ্যসমূহৰ ভিতৰত এখন আছিল গুজৰাট । যেতিয়া মোদী মুখ্যমন্ত্ৰী আছিল, তেতিয়াৰ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাৰ বাবেই গুজৰাটৰ কৃষকসকলে চুক্তিগত কৃষিত যথেষ্ট সফলতাৰ সোৱাদ পাইছিল, উন্নত বজাৰ স্থান পাবলৈ আৰম্ভ কৰিছিল, জলসিঞ্চনৰ সুবিধাও লাভ কৰিছিল। সেয়েহে কৃষি আইন বিৰোধী অভিযানে গুজৰাটত কাম কৰিব পৰা নাছিল।

ৱান মেন আৰ্মী হিচাপে কাম মোদীৰ বাবেই তেওঁ কেন্দ্ৰলৈ যোৱাৰ ৭টা বছৰৰ পাচতো তেওঁৰ নেতৃত্বত গুজৰাটৰ ৰাজনীতিৰ বাঘজৰী এনেদৰে ধৰিবলৈ সক্ষম হয় বিজেপি |

আমি দেখিছিলো কামৰাজৰ পাচত তামিলনাডুত, ৱাইএছআৰৰ পাচত অন্ধ্ৰ প্ৰদেশত আৰু বিলাসৰাও দেশমুখৰ পাচত মহাৰাষ্ট্ৰত কংগ্ৰেছ কেনেকৈ ভাঙি পৰিছিল । ইয়াৰ বিপৰীতে কিন্তু বিজেপিয়ে গুজৰাটত নিজৰ সফলতা বৃদ্ধি কৰিছে । এয়া হৈছে কেৱল মোদীৰ বাবে ।

গুজৰাটৰ এই নিৰ্বাচনৰ ফলাফলে এক গুৰুত্বপূৰ্ণ বাৰ্তা দিছে, যি আমাৰ ৰাজনৈতিক মহলে সাৱধানে অধ্যয়ন কৰিব লাগে।
First published: March 3, 2021, 2:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি