Opinion : কেৱল পশ্চিম বংগ আৰু দিল্লীয়েই নহয়; অসমেও কাৰ্যকৰী কৰা নাই কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী 'One Nation; One Ration Card' আঁচনি

News18 Assam | News18-Assam
Updated:June 11, 2021, 11:15 PM IST
Opinion : কেৱল পশ্চিম বংগ আৰু দিল্লীয়েই নহয়; অসমেও কাৰ্যকৰী কৰা নাই কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী 'One Nation; One Ration Card' আঁচনি
সমগ্ৰ দেশতে ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে এই 'এক দেশ, এক ৰেচন কাৰ্ড' (One Nation; One Ration Card) আঁচনি কাৰ্যকৰী কৰিছে। 

সমগ্ৰ দেশতে ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে এই 'এক দেশ, এক ৰেচন কাৰ্ড' (One Nation; One Ration Card) আঁচনি কাৰ্যকৰী কৰিছে। 

  • Share this:
কেৱল পশ্চিম বংগ আৰু দিল্লীয়েই নহয়; অসমেও কাৰ্যকৰী কৰা নাই কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী 'এক দেশ, এক ৰেচন কাৰ্ড' (One Nation; One Ration Card) আঁচনি । আজি কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে পশ্চিম বংগ আৰু দিল্লীক এই আঁচনি কাৰ্যকৰী নকৰাৰ কাৰণে ক্ষুৰধাৰ সমালোচনা কৰে ।  দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি তেওঁ কয় – সমগ্ৰ দেশতে ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে এই আঁচনি কাৰ্যকৰী কৰিছে । মাথোঁ অসম, দিল্লী আৰু পশ্চিম বংগ চৰকাৰে ‘One Nation; One Ration Card’ আঁচনি কাৰ্যকৰী কৰাৰ পৰা বিৰত আছে । মন্ত্ৰীগৰাকীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইয়াৰ কাৰণে জবাবদিহি কৰে। কিন্তু বিজেপি শাসিত অসমত এই আঁচনি কিয় প্ৰযোজ্য হোৱা নাই এই সন্দৰ্ভত মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকে ।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা চিতাৰমনে ২০২০চনৰ মে’ মাহতে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখন ঘোষণা কৰিছিল আৰু ২০২১চনৰ মার্চ মাহৰ ভিতৰত ইয়াক সমগ্ৰ দেশতে কাৰ্যকৰী কৰাৰ পৰিকল্পনা হাতত লৈছিল । এখন ৰাজ্যৰ পৰা গৈ আন এখন ৰাজ্যত কাম কৰি থকা শ্ৰমিক সকল এই আঁচনিৰ যোগেদি সৰ্বাধিক লাভান্বিত হ’ব বুলি আঁচনিখন ঘোষণা কৰাৰ সময়ত মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে ।

খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত সমগ্ৰ দেশৰে ৮০কোটি জনতাই সুলভ মূল্যত নিৰ্দিষ্ট দোকানৰ পৰা ৰাজহুৱা বিতৰণ বিধিৰ যোগেদি অত্যাৱশ্যকীয় খাদ্য সামগ্রী ক্ৰয় কৰিব পাৰে । পূৰ্বতে হিতাধিকাৰীজনে বাস কৰা ঠিকনাত থকা নিৰ্দিষ্ট সুলভ মূল্যৰ দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰিব পাৰিছিল । কিন্তু এই আঁচনিৰ অধীনত হিতাধিকাৰীয়ে দেশৰ যিকোনো স্থানৰ পৰা সেই সমূহ সামগ্ৰী ক্ৰয় কৰিব পাৰিব । উদাহৰণ স্বৰূপে ৰেচন কাৰ্ড থকা অসমৰ এজন ব্যক্তিয়ে বিহাৰতো এই চৰকাৰী সুবিধা আদায় কৰিব পাৰিব ।

আনহাতে আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰি পশ্চিম বংগ চৰকাৰক অলপো পলম নকৰি এই আঁচনি কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ জাৰী কৰে । এই সন্দৰ্ভত পশ্চিম বংগ চৰকাৰৰ সকলো যুক্তি খণ্ডন কৰে সৰ্বোচ্চ ন্যায়ালয়ে । আজি কিছুদিন ধৰি এই বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰৰ মাজতো সংঘাত পৰিলক্ষিত হৈছিল । দিল্লী চৰকাৰৰ 'ঘৰে ঘৰে ৰেচন' (Ration Home Delivery) আঁচনিখন কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱাৰ পৰা বিৰত থকাৰ বিপৰীতে দিল্লীয়ে ‘One Nation; One Ration Card' আঁচনিখন কাৰ্যকৰী কৰা নাই ।
Published by: Manjumoni Borah
First published: June 11, 2021, 11:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি