কাব্যঋষি নীলমণি ফুকনে এটা গভীৰ ষড়যন্ত্ৰৰ সকলো কথা লিখি থৈ গৈছিল এখন চিঠিত ৷ ১৯ বছৰীয়া সুদীৰ্ঘ অপেক্ষাৰ অৱসান ঘটাই শুকুৰবাৰে বন্ধ খামৰ চিঠিখন খোলা হয় ৷ কাব্যঋষি নীলমণি ফুকনৰ সেই ৰহস্যময় চিঠিখন ৰাজহুৱা কৰিলে নিত্য বৰাই ৷ এই চিঠিখনত থকা কথাবোৰেই যেন এক দুঃস্বপ্ন হৈ খেদি ফুৰিছিল ঋষিতুল্য কবি গৰাকীক ৷ ১৯৭৩-৭৪ চনতে জ্ঞানপীঠ নীলমণি ফুকনক কবিতা চুৰি কৰাৰ অভিযোগ কৰা হৈছিল ৷ স্পেনীছ কবি Leon Philipe Caminoৰ 'নাইটমেয়াৰ' কবিতা নিজৰ নামত 'টোপনিতে তেওঁ মোক খেদি ফুৰিছিল' শিৰোণামেৰে প্ৰকাশ কৰিছিল বুলি ভয়ংকৰ অভিযোগ আনি হেয় কৰাই ধ্বংস কৰি দিবলৈ খোজা হৈছিল কাব্যঋষিক ৷ ECHO নামৰ অস্তিত্বহীন আলোচনীৰে কাব্যঋষিৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচা হৈছিল ৷ সাহিত্য জগতত ঋষিক পাপী সজাবলৈ ৰচা ষড়যন্ত্ৰৰ পিছত নীলমণি ফুকনে নিজকে পাপমুক্ত কৰিবলৈ বহুবাৰ চেষ্টা কৰিছিল ৷
এই বন্ধ খামৰ চিঠি খোলাৰ পিছত চিঠিখনত নৱকান্ত বৰুৱা, হোমেন বৰগোহাঞি, প্ৰদীপ আচাৰ্য, টাবু টাইডৰ নাম উল্লেখ আছে ৷ গৱেষণা সংস্থা এবিলাকৰো নাম চিঠিখনত লিখা আছে ৷ চিঠিৰ শিৰোনাম- ‘অন্য এক কলংকিত অধ্যায়ৰ বিষয়ে’ ৷ চিঠিত অপবাদ আৰু পৰিকল্পিত জালিয়াতিৰ অভিযোগৰ বিষয়ে নীলমণি ফুকনে লিখি থৈ গৈছে ৷ নীলমণি ফুকনৰ বিৰুদ্ধে ৫০ বছৰ আগতে ষড়যন্ত্ৰ হৈছিল ৷ জনৈক মৃদুপৱন বৰুৱাই তুলিছিল অভিযোগ, কাব্যঋষিৰ সততাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল ৷ নীলমণি ফুকনৰ বিৰুদ্ধে ‘আমাৰ প্ৰতিনিধি’ আলোচনীত লিখিছিল ৷ সেই সময়ত ‘আমাৰ প্ৰতিনিধি’ৰ সম্পাদক আছিল ড° ভূপেন হাজৰিকা ৷ তাতে ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ কবিতাটোক লৈ বিতৰ্ক হৈছিল ৷ কবিতাটো স্পেনিছ কবিতাটিৰ পৰা চুৰ কৰা বুলি লিখা হৈছিল ৷ অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ ষষ্ঠ খণ্ডতো কবিতাটোক লৈ বিতৰ্ক হৈছিল যাৰ সম্পাদক হোমেন বৰগোহাঞি আছিল ৷ কবিতাটোক লৈ প্ৰদীপ আচাৰ্যই ‘অসমীয়া কবিতাৰ কুৰিটা বছৰ’ প্ৰবন্ধত কবিতাটোত কোমিন’ৰ প্ৰভাৱ পৰা বুলি কৈছিল ৷ প্ৰদীপ আচাৰ্যৰ মন্তব্যত নীলমণি ফুকন হতভম্ব হৈছিল ৷ কিন্তু কেমিন’ৰ কবিতাটো ক’ত পাইছিল সেই বিষয়ে আচাৰ্যই উত্তৰ নিদিলে ৷ ABILAC–এ ‘অসমীয়া সাহিত্যৰ বুৰঞ্জী’ প্ৰকাশ কৰিছিল ৷ উত্তৰ বিচাৰি ABILACলৈ নীলমণি ফুকনে চিঠি দিছিল, পিছে তেওঁ ABILACলৈ দিয়া চিঠিৰ উত্তৰ নাপালে।
ইয়াৰোপৰি, নৱকান্ত বৰুৱাই কেমিন’ কবিতাটো ক’ৰবাত পাইছিল বুলি কৈছিল ৷ কিন্তু ক’ত পাইছিল সেইটো নৱকান্ত বৰুৱায়ো স্পষ্ট নকৰিলে ৷ সেইসময়ত নীলমণিলৈ ভাবুকি ভৰা চিঠি প্ৰেৰণ কৰা হৈছিল ৷ ‘জে’লত থ’ব পাৰোঁ, জান’ বুলি ভাবুকি দিছিল চিঠিত ৷ ‘আমাৰ প্ৰগতি’ৰ ৰঙালী বিহুৰ সংখ্যাতো অভিযোগ, 'কুম্ভিলক বৃত্তি:নীলমণি ফুকন আৰু ভৱেন বৰুৱাৰ ওকালতি' প্ৰবন্ধটোক লৈ সম্পাদকলৈ চিঠি লিখা হৈছিল নীলমণিৰ বিৰুদ্ধে ৷ এনে বহু কথাৰে সমৃদ্ধ ২০০৪-০৫তে নিত্য বৰাক দিয়া চিঠিখন ৷ যিখন চিঠিৰ ওপৰত ৰঙা চিঞাহীৰে 'মই যোৱাৰ পিছতহে খামটো খুলিবা, বিশ্বাসটো ৰাখিবা' বুলি লিখা আছিল ৷ বিশ্বাস ৰাখিলে নিত্য বৰাই ৷ নিবন্ধকাৰ নিত্য বৰাই সুদীৰ্ঘ ১৯টা বছৰৰ পিছত গুৱাহাটী প্ৰেচ ক্লাৱত শুকুৰবাৰে ১১বজাত বন্ধ খামটো খুলিলে ৷ কাষত আছিল ড৹ পৰমানন্দ মজুমদাৰ ৷ ১৯বছৰীয়া অপেক্ষাৰ অৱসান ঘটিল যদিও এটা গল্পৰ সংজ্ঞাৰ দৰেই 'শেষ হৈয়া হৈল না শেষ' ৷ সচাকৈয়ে কাব্যঋষিয়ে এক তপস্যাৰত ঋষিৰ দৰেই মনৰ ধুমুহাজাকক খুব শান্ত কৰি লিখি থৈ গ'ল বহুতৰে নাম ৷ অথচঃ থৈ গ'ল ৰহস্য ৷
Published by: Sehnaz Begum
FIRST PUBLISHED : February 04, 2023, 09:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।