যিহেতু এতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ এক বৃহৎ অংশক টীকাকৰণ কৰা হৈছে ৷ তেনেস্থলত এতিয়া মানুহে অধিক মুক্তভাৱে ঘূৰি ফুৰিবলৈ সক্ষম হৈছে আৰু নেটফ্লিক্সত টিভি চিৰিজ আৰু চিনেমা চোৱাৰ উপৰিও অন্যান্য বেলেগ দিশবোৰো তেওঁলোকে পুনৰ আঁকোৱালি ল’বলৈ সক্ষম হৈছে ৷
কোৰোণা মহামাৰী আৰু তাৰ ফলত বিশ্বজুৰি জাৰি হোৱা লকডাউনৰ সময়ছোৱাত মানুহে মনোৰঞ্জনৰ আহিলা ৰূপে হাতত তুলি লৈছিল Netflix ৷ এই সময়ছোৱাতেই Netflix অধিক হাৰত গ্ৰাহক গোটাবলৈ সক্ষম হৈছিল ৷ কিন্তু সম্প্ৰতি সকলো লোক ঘৰৰ পৰা বাহিৰলৈ ওলাই আহি পুনৰ আন কাম কৰিবলৈ সক্ষম হোৱাৰ বাবেই মহামাৰীয়ে ইন্ধন যোগোৱা Netflix গ্ৰাহকৰ বৃদ্ধি অপ্ৰত্যাশিভাৱে অধিক দ্ৰুতগতিত হ্ৰাস পাবলৈ লৈছে ৷
ভিডিঅ' ষ্ট্ৰীমিং সেৱাটোৱে জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত বিশ্বজুৰি ৪০ লাখতকৈ অধিক গ্ৰাহক লাভ কৰিছে ৷ যদিও তেওঁলোকৰ বাবে পূৰ্বৰ চাৰি বছৰৰ তুলনাত এই তিনি মাহৰ সময়ছোৱাত লাভ কৰা গ্ৰাহকৰ এই পৰিমাণ তেনেই নগন্য । মঙলবাৰে দাখিল কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে পৰিচালনা আৰু বিশ্লেষকে কৰা পূৰ্বানুমান অনুসৰি প্ৰথম তিনিমাহতে প্ৰায় ২ নিযুত গ্ৰাহকৰ সংখ্যা কম আছিল, যি Netflix -ত যোগ দিব বুলি আশা কৰা হৈছিল।
এয়া হৈছে নেটফ্লিক্সেৰ ক্ষুদ্ৰতম লাভ, কিয়নো বিগত বছৰত একে সময়তে প্ৰায় ১৬ নিযুত অৰ্থাৎ ১কোটি ৬০ লাখ গ্ৰাহক লাভ কৰিবলৈ সক্ষম হৈছিল নেটফ্লিক্স। সমগ্ৰ বিশ্বৰ চৰকাৰে লকডাউন ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিততে নেটফ্লিক্সে এক বৃহৎ সংখ্যাত দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছিল ৷
যদিও বৰ্তমানৰ পৰিস্থিতি অব্যাহত থকাৰ ইংগিত দি Netflix -এ চলিত এপ্ৰিল-জুনৰ সময়ছোৱাত বিশ্বজুৰি মাত্ৰ ১০লাখ গ্ৰাহক বৃদ্ধিৰহে পূৰ্বানুমান কৰিছে ৷ যি বিগত বছৰৰ একে সময়ত আছিল ১০ নিযুত অৰ্থাৎ ১ কোটি গ্ৰাহক ৷
Netflix ৰ সহ-মুখ্য কাৰ্যবাহী বিষয়া ৰীড হেষ্টিংছে মঙলবাৰে কোম্পানীৰ এই ফলাফল সম্পৰ্কে আলোচনা কৰি কয় যে, এতিয়া পূৰ্বৰ বৃদ্ধি কিছু লৰচৰ হৈছে।
ইফালে বছৰটোৰ আৰম্ভণিতে কৰাৰ এই দুৰ্বল প্ৰদৰ্শনে বিনিয়োগকাৰীসকলক বিচলিত কৰি তুলিছিল, যাৰ ফলত কেলিফৰ্ণিয়াৰ লছ গাটোছ কোম্পানীৰ ষ্টক সম্প্ৰসাৰিত ব্যৱসায়ত ৮% তকৈও অধিক হ্ৰাস পাইছিল ৷ বিশ্লেষকৰ দৃষ্টিত নেটফ্লিক্সৰ ৰাজহো আঘাত হৈছিল আৰু ইয়াৰ লাভ আশা কৰাতকৈ অধিক আছিল।
Netflix –এ প্ৰতিটো শ্বেয়াৰত ৩.৭৫ ডলাৰ অৰ্থাৎ ১.৭১ বিলিয়ন ডলাৰ উপাৰ্জন কৰিছিল ৷ যি এবছৰ আগৰ তুলনাত দুগুণতকৈও অধিক। ৰাজহো বিগত বছৰৰ একে সময়ৰ পৰা ২৪% বৃদ্ধি হৈ ৭.১৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে।
কোৰোণা মহামাৰীক লৈ জাৰি কৰা লকডাউনৰ বাবে গ্ৰাহকৰ সংখ্যা এক বৃহৎ হাৰত বৃদ্ধি হোৱাটো নেটফ্লিক্সে বুজি উঠিছে ৷ সেয়েহে তেওঁলোকৰ মতে যিহেতু এতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ এক বৃহৎ অংশক টীকাকৰণ কৰা হৈছে ৷ তেনেস্থলত এতিয়া মানুহে অধিক মুক্তভাৱে ঘূৰি ফুৰিবলৈ সক্ষম হৈছে আৰু নেটফ্লিক্সত টিভি চিৰিজ আৰু চিনেমা চোৱাৰ উপৰিও অন্যান্য বেলেগ দিশবোৰো তেওঁলোকে পুনৰ আকোৱালি ল’বলৈ সক্ষম হৈছে ৷