ৰাছিয়াৰ কোৰোনা ভেকচিন (Covid-19 Vaccine) স্পুটনিক-ভি (Sputnik V)ক লৈ উঠিছে প্ৰশ্ন। বিশ্বাস কৰা হৈছে যে স্পুটনিক-ভি ভেকচিন গ্ৰহণ কৰা পুৰুষসকলৰ এইচ আই ভি হোৱাৰ বিপদাশংকা আছে। এই ভেকচিনৰ পালি গ্ৰহণ কৰাৰ পিছত শৰীৰত বহুতো পৰিৱৰ্তন হয়। ভেকচিনবিধক লৈ এতিয়া দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াই ইয়াক নিষিদ্ধ কৰিছে।
অৱশ্যে স্পুটনিক-ভি ভেকচিন বিকশিত কৰা জামেলিয়া গৱেষণা প্ৰতিষ্ঠানটোৱে এই সিদ্ধান্তৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছে। প্ৰতিষ্ঠানটোৱে কৈছে যে নামিবিয়াৰ সিদ্ধান্তৰ কোনো বৈজ্ঞানিক ভিত্তি নাই বা ই গৱেষণাৰ ওপৰত আধাৰিত নহয়। দক্ষিণ আফ্ৰিকাই দেশখনত স্পুটনিক-ভিৰ জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন নিদিয়াৰ সিদ্ধান্ত লৈছে। ঔষধ নিয়ন্ত্ৰকে দাবী কৰে যে কিছুমান গৱেষণাই পৰামৰ্শ দিয়া মতে, স্পুটনিক-ভিত এডেনোভাইৰাছ প্ৰকাৰ ৫ ভেক্টৰ আছে, যি পুৰুষৰ ক্ষেত্ৰত এইচ আই ভিৰ আশংকা বৃদ্ধি কৰে।
আনহাতে, ফেব্ৰুৱাৰী ২০২১ত প্ৰকাশিত দ্য লেঞ্চেট (The Lancet)ৰ অধ্যয়ন অনুসৰি, স্পুটনিক ভিৰ পাৰ্শ্বক্ৰিয়াবোৰ বাকী ভেকচিন পালিৰ পাৰ্শ্বক্ৰিয়াৰ দৰে একে। যেনে মৃদু জ্বৰ, মূৰৰ বিষ, ভাগৰ লগা, টিকাকৰণ কৰা স্থানত বিষ। কিন্তু কিছুমান পাৰ্শ্বক্ৰিয়া আছে যিবোৰ কেৱল স্পুটনিক ভেকচিনৰ ক্ষেত্ৰতহে হোৱা দেখা গৈছে।
স্পুটনিক-ভি ভেকচিনৰ তৃতীয় পৰীক্ষণ ১৬৪২৭জন স্বেচ্ছাসেৱকৰ ওপৰত কৰা হৈছিল, যাৰ গুৰুতৰ পাৰ্শ্বক্ৰিয়া ৪৫জন লোকৰ ক্ষেত্ৰত হৈছিল। ইয়াৰ ভিতৰত আছে গভীৰ ভেইন থ্ৰম্বোচিছ, হেমৰেজ ষ্ট্ৰোক আৰু উচ্চ ৰক্তচাপ। অৱশ্যে, স্বতন্ত্ৰ তথ্য নিৰীক্ষণ সমিতিয়েও নিশ্চিত কৰিছিল যে এই পাৰ্শ্বক্ৰিয়াবোৰ ভেকচিন পালিৰ ফলত হোৱা নাছিল।
আনহাতে, কোম্পানীটোৱে এক বিবৃতিত কৈছে যে এইচআইভি সংক্ৰমিত লোকক ভেকচিন দিয়া বা ভেকচিনৰ বাবে এই ৰোগত সংক্ৰমিত হোৱাক লৈ ওলোৱা খবৰ সন্দৰ্ভত দক্ষিণ আফ্ৰিকাক প্ৰতিবেদন প্ৰস্তুতৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছিল। ইয়াৰ পৰা জানিব পৰা মতে, ভেকচিনটোৰ পৰা কোনো ভাবুকি নাই। ৰাছিয়ান ভেকচিন নিৰ্মাতাই কয় যে ভেকচিনটোৱে চকুৰ পানী বা মৃদু বিপদাশংকা সৃষ্টি কৰিব পাৰে, কিন্তু এইচআইভিৰ কোনো আশংকা নাই।
উল্লেখ্য যে ভাৰততো জৰুৰীকালীন ব্যৱহাৰৰ বাবে স্পুটনিক-ভি ভেকচিন অনুমোদিত হৈছে। অৱশ্যে, এতিয়ালৈকে এনে কোনো আশংকা পোহৰলৈ অহা নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|