Model Tenancy Act: ঘৰ ভাড়াৰ নতুন আইনত অনুমোদন, মালিক–ভাড়াতীয়াৰ বাবে কি কি চৰ্ত বান্ধি দিছে এই আইনে? জানি লওক সবিশেষ

News18 Assam | News18-Assam
Updated:June 7, 2021, 6:29 PM IST
Model Tenancy Act: ঘৰ ভাড়াৰ নতুন আইনত অনুমোদন, মালিক–ভাড়াতীয়াৰ বাবে কি কি চৰ্ত বান্ধি দিছে এই আইনে? জানি লওক সবিশেষ
চুক্তিৰ ব্যৱস্থাবোৰো মানক কৰা হৈছে, যাতে কোনো ঘৰৰ মালিকে ভাড়াতীয়াসকলৰ ওপৰত স্বেচ্ছাই চৰ্ত আৰোপ কৰিব নোৱাৰে।

চুক্তিৰ ব্যৱস্থাবোৰো মানক কৰা হৈছে, যাতে কোনো ঘৰৰ মালিকে ভাড়াতীয়াসকলৰ ওপৰত স্বেচ্ছাই চৰ্ত আৰোপ কৰিব নোৱাৰে।

  • Share this:

ঘৰ ভাড়ালৈ দিয়া বা ভাড়ালৈ লোৱা, দুয়োটাই এটা ডাঙৰ অসুবিধাৰ কাম। মালিক-ভাড়াতীয়াৰ মাজৰ সমস্যাবোৰ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিগত সপ্তাহত মডেল ঘৰভাড়া আইন (Model Tenancy Act)ত অনুমোদন জনায়। এই আইনে ভাড়া আৰু ইয়াৰ সৈতে জড়িত বিষয়বোৰৰ ওপৰত এক পৰিকাঠামো হিচাপে কাম কৰিব। ৰাজ্যসমূহে তেওঁলোকৰ ভাড়া নিয়ন্ত্ৰণ আইন সংশোধন কৰি বা ভিন্ন উপায়েৰে ইয়াক কাৰ্যকৰী কৰিব পাৰিব।


এই আইনৰ অধীনত ভাড়াতীয়া আৰু ঘৰৰ মালিক দুয়ো পক্ষৰ বাবে নিয়ম বনোৱা হৈছে। আগতীয়া ভাড়া মাচুল কিমান ল'ব পাৰিব ? আনুষ্ঠানিক ভাড়া চুক্তি কেনেদৰে গঠন কৰা হ'ব? ভাড়া চুক্তিৰ ম্যাদ উকলিলে কি হ'ব ? এনে সকলো প্ৰশ্নৰ উত্তৰ ইয়াত দিয়া হৈছে । চুক্তিৰ ব্যৱস্থাবোৰো মানক কৰা হৈছে, যাতে কোনো ঘৰৰ মালিকে ভাড়াতীয়াসকলৰ ওপৰত স্বেচ্ছাচাৰী চৰ্ত আৰোপ কৰিব নোৱাৰে । এই নতুন আইনৰ ব্যৱস্থাবোৰৰ বিষয়ে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আশুতোষ শেখৰে জনায় এনেদৰে–


মডেল ঘৰভাড়া আইন (Model Tenancy Act) কি?



দেশত বৰ্তমান ভাড়াতীয়া সম্পৰ্কীয় গোচৰৰ বাবে ভাড়া নিয়ন্ত্ৰণ আইন ১৯৪৮ বলৱৎ হৈ আছে। ইয়াৰ আধাৰত ৰাজ্যবোৰে তেওঁলোকৰ নিজা আইন প্ৰণয়ন কৰিছে। মহাৰাষ্ট্ৰত ভাড়া নিয়ন্ত্ৰণ আইন, ১৯৯৯ বলৱৎ হৈ আছে। আনহাতে দিল্লীত ভাড়া নিয়ন্ত্ৰণ আইন, ১৯৫৮ আৰু চেন্নাইত তামিলনাডু ভৱন (লীজ আৰু ভাড়া নিয়ন্ত্ৰণ) আইন, ১৯৬০ বলৱৎ হৈ আছে।


 দৰাচলতে ভূমি হৈছে এক ৰাজ্যিক বিষয়, সেয়েহে নিয়মবোৰ তেওঁলোকৰ দ্বাৰা চলি থাকে। মডেল আইন কেন্দ্ৰৰ এটা প্ৰয়াস হ'ল সমগ্ৰ দেশতে এক আইন প্ৰস্তুত কৰা । ইয়ে তেওঁলোকৰ বাবে এটা পৰিকাঠামো নিৰ্ধাৰণ কৰিব, যাৰ অধীনত তেওঁলোকে তেওঁলোকৰ নিয়মবোৰ আকাৰ দিবলৈ সক্ষম হ'ব।


মডেল ঘৰভাড়া আইনৰ উদ্দেশ্য হৈছে দেশত ভাড়াতীয়া সম্পৰ্কীয় বিষয়বোৰৰ বাবে এক পৰিকাঠামো সৃষ্টি কৰা, যাতে প্ৰতিটো উপাৰ্জন গোটৰ লোকসকলক ভাড়াত ঘৰ প্ৰদান কৰিব পাৰি। এই আইনখন ক্ৰমান্বয়ে আনুষ্ঠানিক বজাৰলৈ ৰূপান্তৰ কৰি ঘৰ ভাড়া প্ৰক্ৰিয়াক প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ এটা প্ৰয়াস।


ভাড়াৰ বজাৰক সংস্থাগত প্ৰচাৰ কৰা, যাতে খালী ঘৰবোৰ ভালদৰে ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে, আমেৰিকা যুক্তৰাষ্ট্ৰত ভাড়াৰ বজাৰত বহুতো ডাঙৰ কোম্পানীৰ আধিপত্য আছে। তাত বহু সংখ্যক সম্পত্তি পৰিচালকেও কাম কৰে।



ভাড়া নিয়ন্ত্ৰণ আইনত কি ত্ৰুটি আছিল, যাক সলনি কৰাৰ প্ৰয়োজন আহি পৰিল?


–পূৰ্বৰ আইনখনৰ নামৰ পৰা স্পষ্ট যে ই ভাড়া নিয়ন্ত্ৰণ কৰিছিল। ইয়াৰ আঁৰৰ ধাৰণাটো আছিল স্ব-ইচ্ছাই ভাড়া বৃদ্ধি নকৰা আৰু ভাড়াতীয়াসকলক ঘৰৰ পৰা অপ্ৰয়োজনীয়ভাৱে উচ্ছেদ নকৰা। ইয়াৰ বহু ভুল সুবিধাও লোৱা হৈছিল। ভাড়াতীয়াসকলে ঘৰবোৰ দখল কৰিছিল, যাৰ বাবে মালিকসকলে ভাড়াতীয়াক ৰাখিবলৈ ভয় কৰিছিল ।


 –ভাড়া নিয়ন্ত্ৰণ আইনে ভাড়াতীয়া আৰু মালিকৰ বাবে স্বচ্ছ, পেছাদাৰী আৰু উন্নত পৰিস্থিতিতন্ত্ৰ প্ৰদান নকৰে। দুটা দশক ধৰি ইয়াত কোনো ডাঙৰ পৰিৱৰ্তন হোৱা নাই। ঊৰ্ধ্বতম ভাড়াৰ সীমাও ১৯৯০ৰ দশকৰে আছে । সেয়েহে ২০১১ চনৰ লোকপিয়ল অনুসৰি আজি এক কোটিতকৈও অধিক ঘৰ খালী হৈ আছে ।


 –এতিয়ালৈকে যি ভাড়া চুক্তি হৈ আছিল, সেয়া অনানুষ্ঠানিক আছিল।মালিকসকলে স্বেচ্ছাই নিয়ম প্ৰয়োগ কৰিছিল। মুম্বাই আৰু বাংগালুৰুৰ দৰে চহৰত, তেওঁলোকে এবছৰৰ ছিকিউৰিটি জমা লৈ আছিল। ঘৰৰ মালিকসকলে আইন সম্পৰ্কে জ্ঞাত ভাড়াতীয়াসকলৰ সৈতে মোকাবিলা কৰাত অসুবিধা পাইছিল।


-পুৰণি ভাড়া নিয়ন্ত্ৰণ আইনসমূহ ৰাজনৈতিকভাৱে অত্যন্ত সংবেদনশীল। দক্ষিণ মুম্বাইৰ দৰে অঞ্চলত য'ত বহু দশক ধৰি ভাড়াতীয়াসকলে সম্পত্তি দখল কৰি আহিছে। ভাড়াতীয়াসকলে অতি কম ভাড়াত আৱাসিক আৰু বাণিজ্যিক সম্পত্তি দখল কৰি আছে।


ভাড়াতীয়া আৰু ঘৰৰ মালিকসকলৰ বাবে নতুন কি হ'ব?


-পুৰণি ভাড়া নিয়ন্ত্ৰণ আইনৰ ঊৰ্ধ্বসীমাৰ সৈতে ঘৰৰ মালিকসকলে বছৰৰ পিছত বছৰ ধৰি এতিয়াও যথেষ্ট কম ভাড়া লাভ কৰি আছে। নতুন আইনে ভাড়াৰ সীমা নিৰ্ধাৰণ নকৰে। কিন্তু ভাড়া চুক্তি বাধ্যতামূলক কৰা হৈছে। ইয়াক জিলাখনৰ ভাড়া কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিব লাগিব।


-ভাড়া চুক্তি বা যিকোনো নথি দাখিলৰ বাবে ডিজিটেল প্লেটফৰ্ম থাকিব, যি ৰাজ্যত প্ৰচলিত ভাষাত উপলব্ধ হ'ব। চুক্তিখনে ঘৰৰ মালিক আৰু ভাড়াতীয়াৰ ভূমিকা আৰু দায়বদ্ধতাক স্পষ্ট কৰিব আৰু বিবাদবোৰৰ পৰা ৰক্ষা কৰিব। মৌখিক চুক্তিবোৰ স্বীকৃত নহ'ব।


-ভাড়াতীয়াজনে ছিকিউৰিটী জমা পৰিশোধ কৰিব লাগিব। ই দুমাহৰ ভাড়া অতিক্ৰম নকৰিব। অনা-আৱাসিক সম্পত্তিৰ বাবে এমাহৰ ভাড়া জমা থাকিব পাৰে।


-ভাড়াতীয়াই চৌহদৰ অপব্যৱহাৰ কৰিলে ভাড়া আদালতে সম্পত্তি পুনৰ দখল কৰিবলৈ মালিকক অনুমতি দিব। অপব্যৱহাৰত অন্তৰ্ভুক্ত থাকে অনৈতিক বা বেআইনী কাৰ্যকলাপ, সমূহীয়া ক্ষতি কৰা বা চুবুৰীয়াসকলক হাৰাশাস্তি কৰা ইত্যাদি।


-চুক্তিৰ ম্যাদ উকলি যোৱাৰ পিছতো যদি ভাড়াতীয়াই ঘৰটো খালী কৰিবলৈ অস্বীকাৰ কৰে, তেন্তে ঘৰৰ মালিকে প্ৰথম দুমাহৰ বাবে আৰু তাৰ পিছত ভাড়াৰ চাৰিগুণ মাচুল ল'ব পাৰে।


নতুন আইন প্ৰস্তুত কৰাৰ আধাৰ কি?


- ২০২২ চনৰ ভিতৰত হাউছিং ফৰ অল মিছন (প্ৰধানমন্ত্ৰী আৱাস যোজনা- নগৰ বা PMAY-U) আৰম্ভ কৰাৰ আগতে ২০১৫ চনত সিদ্ধান্ত লোৱা হৈছিল যে নিৰ্মাণ কৰা দুই কোটি ঘৰৰ ২০% ভাড়াৰ বাবে হ'ব। এই সিদ্ধান্ত কেন্দ্ৰৰ ভাড়াঘৰৰ ওপৰত টাস্ক ফ'ৰ্চৰ ২০১৩ চনৰ প্ৰতিবেদনৰ ওপৰত আধাৰিত আছিল। ইয়াত কোৱা হৈছে যে সুলভ মালিকানা গৃহৰ পৰিৱৰ্তে প্ৰত্যক্ষ সুলভ ভাড়াঘৰে দুৰ্বল শ্ৰেণীৰ সৈতে সম্পৰ্কিত সমস্যাবোৰ সমাধান কৰিব আৰু অৰ্থনৈতিক বিকাশৰ পথ মুকলি কৰিব।


-কেন্দ্ৰীয় চৰকাৰে PMAY-Uত ভাড়াৰ উপাদানৰ বাবে ৬,০০০ কোটি টকা ৰাখিছে । ভাড়াঘৰৰ ষ্টক নিৰ্মাণৰ বাবে হ'বলগীয়া ব্যয়ৰ ৭৫ শতাংশ কেন্দ্ৰই কৰিব। বাকী পৰিমাণ ৰাজ্যিক, নগৰীয় স্থানীয় সংস্থা বা বেচৰকাৰী সংগঠন বা চিএছআৰ কাৰ্যকলাপৰ জৰিয়তে সংগ্ৰহ কৰা হ'ব।


ৰাজ্যসমূহে এই আইন কাৰ্যকৰী কৰাটো প্ৰয়োজনীয় নেকি ?


-নহয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে তেওঁলোকৰ ভাড়া নিয়ন্ত্ৰণ আইনত প্ৰয়োজনীয় পৰিৱৰ্তন কৰিব পাৰে বা নতুন আইন কাৰ্যকৰী কৰিব পাৰে। যিহেতু এই নিয়মবোৰ বাধ্যতামূলক নহয়, ভাড়া সম্বন্ধীয় বিষয়বোৰ ৰাজনৈতিক ইচ্ছাৰ দ্বাৰা চালিত হয়।


-নতুন আইনখনে তিনিটা স্তৰত বিবাদৰ নিষ্পত্তিৰ ব্যৱস্থা কৰিছে। জিলা পৰ্যায়ত ভাড়া কৰ্তৃপক্ষ স্থাপন কৰিব লাগিব। ৰাজ্যসমূহে সময়, সংশোধন আৰু প্ৰচেষ্টা কৰিব লাগিব, তেতিয়াহে এয়া হৈ উঠিব। ই নিম্ন স্তৰৰ ন্যায়পালিকাৰ বোজা হ্ৰাস কৰিব।


-মডেল আইন নতুন ক্ষেত্ৰত প্ৰযোজ্য হ'ব, পুৰণিৰ ক্ষেত্ৰত নহয়। যদি পুৰণি বিবাদ হয়, তেন্তে ইয়াক পুৰণি আইনৰ অধীনত সমাধান কৰা হ'ব। নতুন আইন তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব।


ই অৰ্থনীতিৰ বাবে কেনেকৈ লাভজনক?


চৰকাৰে বিশ্বাস কৰে যে আইনখনে ভাড়াঘৰৰ বজাৰখনক আনুষ্ঠানিক কৰি তোলে। খালী সম্পত্তি ভাড়াৰ বাবে প্ৰদান কৰিব। হাৰাশাস্তি কৰা পলিচী আঁতৰ হ'ব। পঞ্জীয়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত অসুবিধাবোৰ আঁতৰ কৰিব। স্বচ্ছতা বৃদ্ধি কৰক আৰু অনুশাসন আনিব।

Published by: Gautam Barman
First published: June 7, 2021, 6:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি